ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত সোণৰ পদক অৰ্জন মৰাণৰ নিবিড়ৰ

author img

By

Published : Sep 21, 2021, 10:36 AM IST

Nibir Muhurta Boruah of Moran got Gold medal on National youth games 2021 assam etv bharat news

পুনৰ এবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত দপদপনি অক্ষুণ্ণ অসমৰ খেলুৱৈৰ ৷ মৰাণৰ নিবিড় মূহুৰ্ত বৰুৱাই ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াত অংশগ্ৰহণ কৰি আঁজুৰিলে সোণৰ পদক ৷

মৰাণ, 21 ছেপ্তেম্বৰ : পুনৰ ক্ৰীড়াপ্ৰেমীসকলৰ বাবে এক সুখবৰ ৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াৰ পৰা আহিছে এই ভাল খবৰ ৷ এই ক্ৰীড়া প্ৰতিযোগিতাৰ টাইকোৱাণ্ডো ইভেণ্টত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে মৰাণৰ নিবিড় মূহুৰ্ত বৰুৱাই ৷ মৰাণৰ বাসিন্দা নিপেন বৰুৱা আৰু মানসী গগৈৰ পুত্ৰ নিবিড়ে নতুন দিল্লীৰ পীতমপুৰাৰ অগ্ৰসেন ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া 2021ৰ 45 কিল’গ্ৰাম অনুৰ্ধৰ টাইকোৱাণ্ডোৰ জুনিয়ৰ শাখাত অংশগ্ৰহণ কৰি বিজয়ী হ’বলৈ সক্ষম হয় ৷

Nibir Muhurta Boruah of Moran got Gold medal on National youth games 2021 assam etv bharat news
সোণৰ পদকৰ সৈতে নিবিড়

ফাইনেলত অংশগ্ৰহণৰ পূৰ্বে নিবিড়ে ক্ৰমে গুজৰাট, হাৰিয়ানা আৰু উত্তৰাখণ্ডৰ খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ মৰাণলৈ গৌৰৱ কঢ়িয়াই অনা খেলুৱৈগৰাকীয়ে পূৰ্বেও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুবাৰকৈ ব্ৰঞ্জৰ পদক লাভ কৰে ৷ তদুপৰি ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাতো দুবাৰকৈ অৰ্জন কৰে সোণৰ পদক ৷

Nibir Muhurta Boruah of Moran got Gold medal on National youth games 2021 assam etv bharat news
ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া 2021

মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা নিবিড়ৰ প্ৰশিক্ষক হৈছে উজ্জ্বল গগৈ ৷ মৰাণ আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা নিবিড় সম্প্ৰতি নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত অধ্যয়নৰত ৷ নিবিড়ৰ সফলতা ৰাজ্যবাসীৰ বাবে নিঃসন্দেহে এক সুখবৰ ৷

লগতে চাওক: আন্তৰ্জাতিক শান্তি দিৱস 2021

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.