আন্তৰ্জাতিক শান্তি দিৱস 2021

author img

By

Published : Sep 21, 2021, 7:29 AM IST

International Peace Day 2021

অহিংসা আৰু যুদ্ধ বিৰতি পালনেৰে এটা নিৰ্দিষ্ট দিনত শান্তিৰ ধাৰণাটো আৰু অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰতি বছৰে 21 ছেপ্তেম্বৰৰ দিনটোক আন্তৰ্জাতিক শান্তি দিৱস (International Peace Day) হিচাপে পালন কৰা হয় ৷

নিউজ ডেস্ক, 21 ছেপ্তেম্বৰ : প্ৰতিবছৰে 21 ছেপ্তেম্বৰৰ দিনটো আন্তৰ্জাতিক শান্তি দিৱস (International Peace Day) হিচাপে উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছিল যে, 24 ঘন্টা অহিংসা আৰু যুদ্ধ বিৰতি পালন কৰি এটা নিৰ্দিষ্ট দিনত শান্তিৰ ধাৰণাটো আৰু অধিক শক্তিশালী কৰি তোলা হওক ৷

আন্তৰ্জাতিক শান্তি দিৱসটো পোন প্ৰথমে ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ দ্বাৰা 1981 চনত উদযাপন কৰা হৈছিল ৷ ইয়াৰ দুটা দশক পিছত অৰ্থাৎ 2001 চনত সাধাৰণ পৰিষদে স্বয়ংক্ৰিয়ভাৱে এটা নিৰ্দিষ্ট দিনত সমগ্ৰ বিশ্বতে অহিংসা আৰু যুদ্ধবিৰতি পালনৰ বাবে আন্তৰ্জাতিক শান্তি দিৱস হিচাপে পালনৰ বাবে ভোট গ্ৰহণ কৰে ৷

2021 চনত যিহেতু আমি ক’ভিডৰ ভয়াৱহতাৰ পৰা লাহে লাহে কিছু সাধাৰণ জীৱন প্ৰণালীলৈ উভতি আহিছো তেনে ক্ষেত্ৰত আমি কেনেদৰে স্থিতিস্থাপকতা প্ৰতিষ্ঠা কৰি আমাৰ পৃথিৱীখনক এখন এনে ঠাইলৈ ৰূপান্তৰ কৰিব পাৰো যিখন সকলোৰে বাবে সমান, ন্যায়সংগত, সামগ্ৰিক, বহনক্ষম আৰু স্বাস্থ্যকৰ হয় সেই সন্দৰ্ভত একত্ৰিক আৰু সৃষ্টিশীলভাৱে চিন্তা কৰিব লাগে ৷

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় বধিৰ সজাগতা সপ্তাহ 2021

কৰ’ণা মহামাৰীয়ে বিশেষকৈ সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক বেছিকৈ প্ৰভাৱিত কৰিছে ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহলৈ সমগ্ৰ বিশ্বতে মুঠ 687 মিলিয়ন ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ কিন্তু এতিয়াও প্ৰায় 100 খন দেশে এতিয়ালৈকে ক’ভিডৰ এটা পালি ভেকচিনো লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

যোৱা মাৰ্চত বিশ্বব্যাপী যুদ্ধবিৰতিৰ বাবে মহাসচিবৰ আবেদনৰ সৈতে সংগতি ৰাখি, ২০২১ চনৰ ফেব্ৰুৱাৰীত নিৰাপত্তা পৰিষদে সৰ্বসন্মতিক্ৰমে সদস্য ৰাষ্ট্ৰসমূহক স্থানীয় সংঘাতৰ বাবে "নিৰন্তৰ মানৱীয় বিৰতি" (Sustained Humanitarian Pause) সমৰ্থন কৰিবলৈ আহ্বান জনাই এক প্ৰস্তাৱ গৃহীত কৰে । বিশ্বব্যাপী যুদ্ধবিৰতিক সন্মান জনোৱা অব্যাহত থাকিব লাগিব, যাতে সংঘৰ্ষত লিপ্ত হোৱা লোকসকলেও লোকসকলে জীৱন ৰক্ষাকাৰী টীকাকৰণ আৰু চিকিৎসা প্ৰাপ্ত কৰিব পাৰে ৷

2021 চনৰ আন্তৰ্জাতিক শান্তি দিৱসৰ মূল বিষয়বস্তু হ’ল “Recovering better for an equitable and sustainable world” অৰ্থাৎ ‘এক ন্যায়সংগত আৰু বহনক্ষম পৃথিৱীৰ বাবে পুনৰুদ্ধাৰ’ ৷

লগতে পঢ়ক : ৰাছিয়াৰ বিশ্ববিদ্যালয়ত গুলীচালনা: পাঁচজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.