ৰাছিয়াৰ বিশ্ববিদ্যালয়ত গুলীচালনা: পাঁচজনৰ মৃত্যু

author img

By

Published : Sep 20, 2021, 6:49 PM IST

russian varsity shooting

ৰাছিয়াৰ বিশ্ববিদ্যালয়ত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনা ৷ গুলীচালনাৰ ঘটনাত পাঁচজন লোক নিহত হোৱাৰ লগতে ছয়জন লোক আহত ৷ Perm State University press serviceৰ মতে অচিনাক্ত দুৰ্বৃত্তটোৱে এটা non-lethal বন্দুক ব্যৱহাৰ কৰিছিল ৷

ইণ্টাৰনেশ্যনেল ডেস্ক , 20 ছেপ্টেম্বৰ : ৰাছিয়াৰ পাৰ্ম চহৰৰ এখন বিশ্ববিদ্যালয়ত সোমবাৰে সংঘটিত এক গুলীচালনাৰ ঘটনাত পাঁচজন লোক নিহত হোৱাৰ লগতে ছয়জন লোক আহত হৈছে ৷ ৰাছিয়াৰ অনুসন্ধান সমিতি(Russia's Investigative Committee)য়ে জানিবলৈ দিয়া মতে, সোমবাৰে পুৱা ৰাছিয়াৰ পাৰ্ম চহৰৰ এখন বিশ্ববিদ্যালয়(university in the Russian city of Perm)ত কোনো অচিনাক্ত বন্দুকধাৰীয়ে এই ঘটনা সংঘটিত কৰে ৷

ঘটনাটোৰ ফলত বৰ্তমানলৈকে ছয়জন লোক আহত হোৱাৰ তথ্য পোৱা গৈছে যদিও পাৰ্মৰ স্বাস্থ্য মন্ত্ৰণালয়ে(Health Ministry of the Perm region) 14 জন লোক আহত হোৱা বুলি জানিবলৈ দিছে ৷

Perm State University press serviceৰ মতে অচিনাক্ত দুৰ্বৃত্তটোৱে এটা non-lethal বন্দুক ব্যৱহাৰ কৰিছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলে নিজকে এটা কোঠাত বন্দী কৰিছিল আৰু যিসকলৰ বাবে সম্ভৱ হয়, তেওঁলোকক বিশ্ববিদ্যালয় প্ৰাংগন ততালিকে ত্যাগ কৰাৰ আহ্বান জনাইছিল ৷

ৰাছিয়াৰ আভ্যন্তৰীণ মন্ত্ৰণালয়ে(Russia's Interior Ministry) জানিবলৈ দিয়া মতে, পাচত অচিনাক্ত বন্দুকধাৰী লোকজনক আটক কৰি অনুসন্ধানকাৰী সমিতিয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

ৰাজ্যখনৰ এটা সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, কিছুমান শিক্ষাৰ্থীয়ে এটা ভৱনৰ খিৰিকীৰ পৰা জঁপিয়াই পৰিছিল ৷ আঞ্চলিক স্বাস্থ্য মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, গুলীচালনাৰ লগতে গুলীচালনাৰ পৰা বাচিবলৈ ভৱনটোৰ পৰা পলায়নৰ চেষ্টা কৰাৰ ফলত লোকসকল আঘাতপ্ৰাপ্ত হৈছে ৷

লগতে পঢ়ক : মহিলা কৰ্মচাৰীক ঘৰতে থকাৰ নিৰ্দেশ তালিবানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.