ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Aug 11, 2022, 1:04 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

Firing in Jammu Kashmir: কাশ্মীৰত গুলীয়াগুলীত তিনি সেনা জোৱান শ্বহীদ, নিহত দুই সন্ত্ৰাসবাদী

ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল কোনো লোকে । তেতিয়াই সংঘটিত হয় গুলীচালনাৰ ঘটনা (Firing in Jammu Kashmir)।

Dhemaji Munna Bhai MBBS: ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ

ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভুৱা চিকিৎসকৰ কাণ্ডৰ লগত জড়িত চিকিৎসক বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (Fraud doctor in Dhemaji)৷ কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিল চিকিৎসালয়খনত চলি থকা এই ভয়ংকৰ কাণ্ড ৷

Smuggling of LPG cylinders: ৰন্ধন গেছৰ চিলিণ্ডাৰেৰে ভৰিছে এখন থানা

ৰাজ্য়ত অব্য়াহত আছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ চোৰাং বেহা (Smuggling of LPG cylinders in Assam)। আৰক্ষী-প্ৰশাসনে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰন্ধন গেছ চিলিণ্ডাৰৰ চোৰাং বেহা চলিয়েই আছে । ডিব্ৰুগড় জিলাত একাংশ লোকে এই বেহা চলাই আহাৰ অভিযোগ দীৰ্ঘদিনীয়া । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ মৰাণত আৰক্ষীয়ে জব্দ কৰে অৰ্ধ শতাধিক এনে চোৰাং ৰন্ধন গেছ চিলিণ্ডাৰ (LPG cylinder recovered in moran)।

Erosion in Assam: খহনীয়াই নোহোৱা কৰিলে ৰাজ্যৰ ২৫০০ খনকৈ গাঁও

ক্ৰমাৎ সলনি হ’বলৈ ধৰিছে অসমৰ ভৌগোলিক মানচিত্ৰ (Changes in geographical map of Assam due to erosion) । বানৰ পাছত খহনীয়াই সংহাৰ ৰূপ ধাৰণ কৰাৰ ফলত নিঃশেষ হৈছে ৰাজ্য়ৰ ২৫০০খনকৈ গাঁও ৷

WhatsApp new feature: হোৱাটছএপ ব্যৱহাৰকাৰীসকলৰ বাবে বিশেষ Feature মুকলি

যদি আপুনি হোৱাটছএপ (WhatsApp) ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে ভাল খবৰ । চলিত মাহত মেটাৰ মালিকানাধীন(WhatsApp Meta) হোৱাটছ এপে মুকলি কৰিলে এক বিশেষ feature ৷ ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া জুকাৰবাৰ্গে(Chief Executive Officer of Facebook) টুইটাৰযোগে সদৰী কৰিলে এই কথা ৷ পঢ়ক সবিশেষ...

Mukesh khanna controversy: নাৰীৰ শাৰীৰিক সম্ভোগৰ প্ৰয়োজনীয়তাক লৈ বিতৰ্কিত মন্তব্য মুকেশ খান্নাৰ

বিতৰ্কত সোমাই পৰিছে ‘শক্তিমান’ খ্যাত মুকেশ খান্না ৷ এগৰাকী ছোৱালী বা নাৰীৰ শাৰীৰিক সম্ভোগৰ প্ৰয়োজনীয়তাক নিকৃষ্ট মন্তব্যৰে সাঙুৰি এতিয়া নেটিজেনৰ ৰোষত পৰিছে মুকেশ খান্না ৷ ছ’চিয়েল মিডিয়াত কটু মন্তব্যৰে থকা-সৰকা কৰিছে অভিনেতাজনক ৷ কিনো ক’লে মুকেশ খান্নাই জানো আহকচোন-

SI Joonmoni in court: অহা 9 ছেপ্টেম্বৰৰ পৰা বিচাৰ চলিব ৰাণা-জোনমণিৰ

বুধবাৰে মাজুলী আদালত হাজিৰ ৰাণা পগাগ আৰু জোনমনি ৰাভা । জামিন লাভৰ পাছত প্ৰথমবাৰৰ বাবে দুয়োজনকে একেলগে দেখা গ'ল মাজুলীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত (SI Joonmoni in Majuli CJM court) ।

Agitation at Manah National Park: মানাহৰ সন্মুখতে সমূহীয়া মুণ্ডন কৰিলে কোনে ?

কি হ'ব মানাহৰ ভৱিষ্যত(Manas Wildlife Sanctuary) ! মানাহলৈ আগৰ দৰে আহিবনে পৰ্যটক ! পৰ্যটক নাহিলে কি হ'ব মানাহৰ পৰ্যটনৰ লগত জড়িত লোকসকলৰ ভৱিষ্যত ! বৰ্তমান সময়ত এই প্ৰশ্নই বাৰে বাৰে উত্থাপিত হৈ পৰিছে মানাহত ৷ বিটিচি চৰকাৰে মানাহৰ পৰ্যটনক্ষেত্ৰত বিভিন্ন মাচুল অধিক হাৰত বৃদ্ধি কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে মানাহৰ পৰ্যটনক্ষেত্ৰত বছৰ বছৰ ধৰি জড়িত লোকসকলৰ লগতে বহুকেইটা সংগঠনৰ উমৈহতীয়া মঞ্চই ৯ জুলাইৰ পৰাই অব্যাহত ৰাখিছে আন্দোলন ৷

Samujjal Kumar Bhattacharya on Jihadi : জেহাদী-মৌলবাদীক ৰক্ষণাবেক্ষণ দিছে অবৈধ বাংলাদেশীয়ে !

মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্য অভিনন্দন অনুষ্ঠান ৷ অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অবৈধ বাংলাদেশীয়ে অল কায়দা, জেহাদী আৰু মৌলবাদীক ৰক্ষণাবেক্ষণ দিছে বুলি উল্লেখ কৰে ৷ তেওঁ লগতে বান-গৰাখহনীয়া সমস্যা সমাধানৰ বাবে বগীবিল দলঙত ব্যৱহাৰ কৰা বৈজ্ঞানিক পদ্ধতিৰে মথাউৰি বনোৱাৰ বাবে আহ্বান জনায় ৷

State Government has taken special initiatives: পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

২০২৪ চনৰ পূৰ্বে কামৰূপ মহানগৰ, কামৰূপ আৰু কাছাৰ জিলাত পাইপৰ যোগেদি যোগান ধৰা হ'ব ৰন্ধন গেছ (Cooking gas will be supplied through pipes)। প্ৰথম অৱস্থাত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত প্রায় ৩ লাখ উপভোক্তাক এই সেৱাৰ জৰিয়তে সামৰি লোৱা হ'ব। ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আন ৭খন জিলাত পাইপৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছক চি এন জি ষ্টেছনলৈ ৰূপান্তৰ কৰা হ'ব(Assam State Transport Corporation buses will be converted to CNG stations)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.