Dhemaji Munna Bhai MBBS: ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ

author img

By

Published : Aug 11, 2022, 9:24 AM IST

Dhemaji Munna Bhai MBBS

ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভুৱা চিকিৎসকৰ কাণ্ডৰ লগত জড়িত চিকিৎসক বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ (Fraud doctor in Dhemaji)৷ কেইদিনমান পূৰ্বে পোহৰলৈ আহিছিল চিকিৎসালয়খনত চলি থকা এই ভয়ংকৰ কাণ্ড ৷

ধেমাজি, 11 আগষ্ট: ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভুৱা চিকিৎসক কাণ্ডক লৈ অব্যাহত আছে স্থানীয় ৰাইজ তথা দল-সংগঠনৰ প্ৰতিক্ৰিয়া (Fake doctor in Dhemaji) ৷ অভিযুক্ত চিকিৎসক বিজু বৰুৱাক গ্ৰেপ্তাৰ আৰু এই সমগ্ৰ ঘটনাৰ প্ৰসংগত মৌনতা অৱলম্বন কৰা স্বাস্থ্য বিভাগক গৰিহণা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৷ ধেমাজিৰ কাছাৰী ময়দানৰ সন্মুখত চিকিৎসক বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ কৰি শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদীসকলে (AJYP protest against health department) ৷

উল্লেখ্য যে, যোৱা 6 আগষ্টত ধেমাজি অসামৰিক চিকিৎসালয়ৰ 22 নং কোঠাত বিভাগীয় চিকিৎসক ডাঃ বিজু বৰুৱাৰ বিপৰীতে তেওঁৰ গাড়ীচালক গৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰিছিল ডিম্পী দিহিঙীয়া নামৰ এগৰাকী যুৱতীক ৷ চিকিৎসকৰ দৰেই ভুৱা চিকিৎসকগৰাকীয়ে ৰোগীক দিছিল প্ৰেচকিপচন ৷ আনকি, ৰোগী ডিম্পী দিহিঙীয়াক কোনো স্বাস্থ্য পৰীক্ষা নকৰাকৈ আলটা চাউণ্ড কৰিবলৈও দিছিল মুন্নভাইৰূপী গাড়ীচালকজনে (Fake doctor in Dhemaji civil hospital) ৷

ডাঃ বিজু বৰুৱাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত প্ৰতিবাদ

কিন্তু চিকিৎসকজনৰ চাল-চলনৰ ওপৰত ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ আত্মীয়ৰ সন্দেহ ওপজে ৷ সেয়ে ৰোগী ডিম্পী দিহিঙীয়া আৰু তেওঁৰ অভিভাৱকে এই সন্দৰ্ভত চিকিৎসালয়খনৰ অন্য এগৰাকী চিকিৎসকক অৱগত কৰে ৷

পিছত ধেমাজি অসামৰিক চিকিৎসালয়ৰ 3 নং কক্ষত বহা চিকিৎসকগৰাকীৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ ৰহস্য ৷ এই উদ্ভত কাণ্ড পোহৰলৈ অহাত ধেমাজিৰ দল-সংগঠনে চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ এনে অদূৰদৰ্শী কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইপিনে, বিতৰ্কিত চিকিৎসক ডাঃ বিজু বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ধেমাজি প্ৰশাসনে আজি পৰ্যন্ত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ উঠিছে সংগঠনটোৰ কৰ্মীসকল ৷ সেয়ে চিকিৎসক বিজু বৰুৱা আৰু তেওঁৰ মুন্না ভাই ৰূপী গাড়ীচালক আৰু চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ নকৰিলে ধাৰাবাহিক আন্দোলন কৰাৰ ঘোষণা কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক: Munna Bhai MBBS : ধেমাজি অসামৰিক চিকিৎসালয়ত ভুৱা MBBS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.