SI Joonmoni in court: অহা 9 ছেপ্টেম্বৰৰ পৰা বিচাৰ চলিব ৰাণা-জোনমণিৰ

author img

By

Published : Aug 11, 2022, 9:48 AM IST

SI Joonmoni in court

বুধবাৰে মাজুলী আদালত হাজিৰ ৰাণা পগাগ আৰু জোনমনি ৰাভা । জামিন লাভৰ পাছত প্ৰথমবাৰৰ বাবে দুয়োজনকে একেলগে দেখা গ'ল মাজুলীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত (SI Joonmoni in Majuli CJM court) ।

মাজুলী, 11 আগষ্ট : প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ৰাণা পগাগ আৰু তেওঁক সহযোগ কৰাৰ অভিযোগত অভিযুক্ত এছ আই জোনমণি ৰাভা বুধবাৰে হাজিৰ হয় মাজুলীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত (Case on SI Joonmoni Rabha) ৷ দুয়োগৰাকীৰ ওপৰত থকা অভিযোগৰ বিচাৰ অহা ৯ ছেপ্টেম্বৰৰ পৰাহে আৰম্ভ হ’ব বুলি জানিবলৈ দিছে অধিবক্তাই । ৯ ছেপ্টেম্বৰত তেওঁলোক দুয়োৰে ওপৰত আৰোপিত গোচৰৰ কোন সমূহ ধাৰা বিচাৰৰ যোগ্য তাৰ শুনানি আৰু বিচাৰ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে অধিবক্তাগৰাকীয়ে (Rana Pogag fraud controversy) ।

মাজুলী আদালতত হাজিৰ ৰাণা পগাগ আৰু জোনমনি ৰাভা

উল্লেখযোগ্য যে, ভাবি স্বামী ৰাণা পগাগৰ লগত মিলি অইলত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছিল জোনমণি ৰাভাৰ বিৰুদ্ধে । প্ৰৱঞ্চনাৰ কেইবাটাও অভিযোগেৰে মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত জোনমণি ৰাভাক মূল অভিযুক্ত হিচাপে অভিহিত কৰিছিল । ইয়াৰ পিছতে আৰক্ষীয়ে দুয়োকে জেৰা চলায় আৰু দুয়োকে জেললৈ প্ৰেৰণ কৰে ।

পৰৱৰ্তী সময়ত দুয়ো জেলৰ পৰা জামিন লাভ কৰে । জামিন লাভৰ পাছত কালি প্ৰথমবাৰৰ বাবে আদালতত হাজিৰ হয় দুয়োজন অভিযুক্ত ।

ৰাণাৰ বিৰুদ্ধে আছিল অ‘ এন জি চিত কাম দিয়াৰ বাবে ধন লৈ প্ৰৱঞ্চৱনা কৰাৰ অভিযোগ উঠিছিল ৷ খোদ প্ৰেমিকা জোনমণি ৰাভাই তৰিছিল গোচৰ ৷ কিন্তু ৰাণা পগাগক আটক কৰাৰ পাচতেই ঘটনাই ঘটনাই লৈছিল অন্য মোৰ ৷ ৰাণা পগাগৰ সমগ্ৰ প্ৰৱঞ্চাৰ সৈতে প্ৰেমিকা তথা SI জোনমণি ৰাভা জড়িত থকাৰ অভিযোগ উঠে (SI Joonmoni Rabha controversy)৷ ভাইৰেল হয় ধনৰ বাবে কৰা কেইবাটাও ফোনকলৰ অ’ডিঅ’ ৰেকৰ্ড ৷

তাৰোপৰি মাজুলীত জোনমণি ৰাভা ভাৰা থকা ঘৰটোৰ গৰাকীয়েও সংবাদ মাধ্যমৰ সন্মুখত বিস্ফোৰক ভাষ্য প্ৰদান কৰে ৷ বহুকেইজন লোকে জোনমণি ৰাভাৰ বিৰুদ্ধে আনে অভিযোগ ৷ তাৰ পাচতেই জেললৈ যাব লগীয়া হৈছিল দুয়োজন ৷
লগতে পঢ়ক: Junmioni Rabha Bail: জামিন লাভৰ পাচতে আদালতক ধন্যবাদ জনালে জোনমণি ৰাভাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.