ETV Bharat / city

State Government has taken special initiatives: পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

author img

By

Published : Aug 10, 2022, 1:35 PM IST

২০২৪ চনৰ পূৰ্বে কামৰূপ মহানগৰ, কামৰূপ আৰু কাছাৰ জিলাত পাইপৰ যোগেদি যোগান ধৰা হ'ব ৰন্ধন গেছ (Cooking gas will be supplied through pipes)। প্ৰথম অৱস্থাত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত প্রায় ৩ লাখ উপভোক্তাক এই সেৱাৰ জৰিয়তে সামৰি লোৱা হ'ব। ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আন ৭খন জিলাত পাইপৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছক চি এন জি ষ্টেছনলৈ ৰূপান্তৰ কৰা হ'ব(Assam State Transport Corporation buses will be converted to CNG stations)।

Cooking gas will be supplied through pipes
পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

গুৱাহাটী,১০ আগষ্টঃ ৰাজ্যবাসীক পাইপৰ যোগেদি ঘৰে ঘৰে ৰন্ধন গেছৰ যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ উদ্যোগ(State Government has taken special initiatives)। ইয়াৰ অংশ হিচাপে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ কমেও তিনিখন জিলাত পাইপৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে (Cooking gas will be supplied through pipes)। তাৰ সমান্তৰালকৈ এই সময়ছোৱাত আন ৭ খন জিলাত পাইপৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিয়াৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্য লৈছে ৰ‍াজ্য চৰকাৰে ।

Cooking gas will be supplied through pipes
পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

জানিব পৰা মতে ২০২৪ চনৰ লোক সভা নিৰ্বাচনৰ পূৰ্বে তিনিখন জিলাত আৰু ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আন ৭খন জিলাত পাইপৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে(Before Lok Sabha election three districts of the state will be provided Cooking gas connection through pipes)। ২০২৪ চনৰ পূৰ্বে পাইপৰ জৰিয়তে ৰন্ধন গেছৰ সংযোগ দিব লগা জিলা তিনিখন হৈছে ক্ৰমে কামৰূপ মহানগৰ, কামৰূপ আৰু কাছাৰ জিলা। ইতিমধ্যে এই তিনিখন জিলাত ঘৰে ঘৰে গেছৰ পাইপ সংযোগ দিয়াৰ প্ৰাথমিক জৰীপ কার্য সম্পন্ন হৈছে ।

Cooking gas will be supplied through pipes
পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

প্ৰথম অৱস্থাত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাত প্রায় ৩ লাখ উপভোক্তাক এই সেৱাৰ জৰিয়তে সামৰি লোৱা হ'ব । বৰাকত প্রথম পর্যায়ত এক লাখ উপভোক্তাক সামৰি লোৱাৰ লক্ষ্য লোৱা হৈছে। পৰৱৰ্তী সময়ত এই জিলাকেইখনত উপভোক্তাৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে বৰাকতো অধিকসংখ্যক উপভোক্তা সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

Cooking gas will be supplied through pipes
পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

উল্লেখ্য যে,পূৰ্বৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতেই পাইপযোগে ৰন্ধন গেছ যোগান ধৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছিল যদিও ক'ভিডকালীন পৰিস্থিতিৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈছিল । অৰ্থাৎ বাৰাউনীৰ পৰা গেছ সৰবৰাহ কৰাৰ বাবে পাইপৰ সংযোগ দিয়া কাম সোণোৱাল চৰকাৰৰ দিনত আৰম্ভ কৰা হয় যদিও পৰৱৰ্তী সময়ত ক'ভিডৰ বাবে স্থবিৰতা আহে । কিন্তু শেহতীয়াকৈ পাইপ সংযোগ দিয়া কাম তড়িৎ গতিত আগবাঢ়িছে(Pipe connection work is progressing at a rapid pace)।

দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ উদ্যোগত ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান অসম গেছ কোম্পানী, অইল ইণ্ডিয়া লিমিটেড আৰু গেইলৰ উমৈহতীয়া প্ৰচেষ্টাত এই সমস্ত প্রক্রিয়াটো আগবাঢ়িছে । ইতিমধ্যে এই তিনিটা প্ৰতিষ্ঠানৰ উদ্যোগত গঠন হৈছে চিটি গেছ ডিষ্টিবিউশ্যন কোম্পানী(City Gas Distributuion Company)। এই কোম্পানীটোৱে গেছ বিতৰণ প্ৰক্ৰিয়াৰ তদাৰক কৰিব(Supervise the gas distribution process)। কিন্তু এই পাইপ সংযোগৰ বিনিময়ত একোজন উপভোক্তাৰ বাৰে নিৰিখ কিমান হ’ব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই(Consumer bar rates)।

Cooking gas will be supplied through pipes
পাইপেৰে যোগান ধৰা হ'ব ৰন্ধন গেছ

দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডে চলিত বৰ্ষৰ ডিচেম্বৰতেই তিনিখন জিলাত পাইপেৰে গেছ সংযোগ দিয়া কার্য সম্পন্ন কৰাৰ লক্ষ্য লৈছিল যদিও কোনো কাৰণতে সেয়া ডিচেম্বৰত সম্ভৱ হৈ উঠাৰ সম্ভাৱনা নাই । সেয়ে এতিয়া লোক সভা নিৰ্বাচনৰ পূর্বে তিনিখন জিলাক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । পাইপযোগে ৰন্ধন গেছৰ সংযোগ দিলে স্বাভাৱিকতে গ্ৰাহকৰ ৰন্ধন গেছৰ ব্যয় হ্রাস পাব ।

ইফালে পাইপযোগে ৰন্ধন গেছৰ যোগান প্ৰক্ৰিয়া সুচল কৰাৰ বাবে তিনিখন জিলাত মুঠ ৭২টা চি এন জি ষ্টেছন স্থাপন কৰা হ'ব(CNG Station)। অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছক চি এন জি ষ্টেছনলৈ ৰূপান্তৰ কৰা হ'ব(Assam State Transport Corporation buses will be converted to CNG stations)। ইতিমধ্যে অসম চৰকাৰে এই ক্ষেত্ৰত সেউজ সংকেত দিছে । অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছক চি এন জি ষ্টেছনলৈ ৰূপান্তৰ কৰিলে ইয়াৰ পৰা পৰিবহণ নিগমেও ৰাজহ লাভ কৰিবলৈ সক্ষম হ'ব । অৱশ্যে এই প্ৰক্ৰিয়া সময়মতে আৰু সুচাৰুৰূপে কাৰ্যকৰী হ'ব নে নাই সেয়া সময়েহে ক'ব ।
লগতে পঢ়ক: ৰন্ধন গেছৰ আকাশলংঘী মূল্যই গৃহিণীৰ মূৰত শোধাইছে মাধমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.