ETV Bharat / state

ৰন্ধন গেছৰ আকাশলংঘী মূল্যই গৃহিণীৰ মূৰত শোধাইছে মাধমাৰ

author img

By

Published : Oct 7, 2021, 10:56 AM IST

LPG Sylinder Price Hike
মূল্যবৃদ্ধি : ৰন্ধন গেছৰ মূল্যই চুইছে গৈ ১০০০ ৰ ঘৰ

ৰাজসাহাৰ্য যুক্ত ঘৰুৱা ৰন্ধন গেছৰ মূল্যই চুইছেগৈ ১০০০ ৰ ঘৰ ৷ কলিয়াবৰত তীব্ৰ প্ৰতিক্ৰিয়া গৃহিণীসকলৰ মাজত ৷ যি আশা কৰি বিজেপি দলক ভোট দিছিল, সেই আশা শাসনাধীস্থ চৰকাৰে পূৰণ কৰিব নোৱাৰাৰ অভিযোগ গৃহিণীৰ ৷

কলিয়াবৰ , 7 অক্টোবৰ : ৰাজ্যত অব্যাহত আছে পেট্ৰ'ল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি । মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ জনগনক ৷ পেট্ৰ'ল-ডিজেলৰ পাচতেই এইবাৰ হুৰা-হুৰে বাঢ়িছে ৰন্ধন গেছৰ মূল্য ৷

ৰাজসাহাৰ্য যুক্ত ঘৰুৱা ৰন্ধন গেছৰ মূল্যই চুইছেগৈ ১০০০ ৰ ঘৰ ৷ যাক লৈ এতিয়া ৰাজ্যৰ গৃহিণীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ কলিয়াবৰৰ একাংশ গৃহিণীৰ অভিযোগ, যি আশা কৰি বিজেপি দলক ভোট দিছিল, সেই আশা শাসনাধীস্থ চৰকাৰে পূৰণ কৰিব পৰা নাই ।

মূল্যবৃদ্ধি : ৰন্ধন গেছৰ মূল্যই চুইছে গৈ ১০০০ ৰ ঘৰ

দেশৰ সাধাৰণ জনতাক মাধমাৰ শোধাই নিজৰ ময়মতালিৰে প্ৰতিদিনে চৰকাৰে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ।

লগতে পঢ়ক: অক্টোবৰ মাহৰ প্ৰথমটো দিনতে বৃদ্ধি LPG গেছ চিলিণ্ডাৰৰ মূল্য

আনহাতে, চিলিণ্ডাৰৰ সমান্তৰালকৈ দাইল, চাউল, তেল, শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধি এই বিজেপি চৰকাৰৰ উন্নতিৰ আন এক নামলৈ পৰিণত হৈছে । এই অভিযোগ, কলিয়াবৰৰ একাংশ গৃহিণীৰ ৷ মূল্যবৃদ্ধিয়ে কোঙা কৰা চৰকাৰলৈ গৃহিণীৰ আহ্বান, নিয়ন্ত্ৰণ কৰক মূল্যবৃদ্ধি ৷

ৰাজ্যৰ উন্নতিৰ হকে চৰকাৰে বজাই ফুৰে ঢাক-ঢোল ৷ কিন্তু প্ৰকৃততে কিমান উন্নতি হৈছে, সেয়া বৰ্তমান সময়ত এক অবুজ সাঁথৰ হৈ পৰিছে ৷ উল্লেখ্য যে, অক্টোবৰ মাহৰ প্ৰথমটো দিনটোতেই বৃদ্ধি হৈছিল এলপিজি গেছ চিলিণ্ডাৰ(LPG Gas Cylinder)ৰ মূল্য ৷

অৱশ্যে 19 কিল’গ্ৰাম ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰহে(Commercial Cylinder) মূল্যবৃদ্ধি(Price Hike) হোৱা বুলি জানিব পৰা গৈছে ৷ অক্টোবৰৰ 1 তাৰিখলৈকে ৰাজসাহায্য নোহোৱা(Non Subsidy) ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছিল 884.50 টকা ৷

লগতে পঢ়ক: নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন : উপস্থিত থাকিব নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.