নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন : উপস্থিত থাকিব নিৰ্মলা সীতাৰমণ

author img

By

Published : Oct 7, 2021, 7:31 AM IST

finance-minister-nirmala-sitharaman-to-be-part-in-the-bhumi-pujan-of-lower-kapili-hydroelectric-poject

বৃহস্পতিবাৰে উমৰাংচুৰ লংকুত উপস্থিত হ’ব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ(Nirmala Sitharaman) ৷ নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্প(Lower Kapili Hydroelectric Poject)ৰ ভূমি পূজন(Bhumi Pujan)ত ভাগ ল’ব বিত্তমন্ত্ৰীগৰাকীয়ে ৷

ডিমা হাছাও, 7 অক্টোবৰ : ডিমা হাছাও জিলাৰ ‘শিল্প নগৰী’ হিচাপে পৰিচিত উমৰাংচুৰ লংকুত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্প(Lower Kapili Hydroelectric Poject)ৰ ভূমি পূজন(Bhumi Pujan)ত উপস্থিত থাকিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ(Nirmala Sitharaman) ৷

প্ৰাপ্ত তথ্য অনুসৰি, পুৱা 9 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পাচতে 10.40 বজাত হেলিকপ্টাৰযোগে পোনে পোনে লংকুত উপস্থিত হ’ব বিত্তমন্ত্ৰীগৰাকী ৷ বিত্তমন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) আৰু শক্তি মন্ত্ৰী বিমল বৰা(Bimal Borah)ই এই ভূমি পূজনত ভাগ ল’ব ৷

bhumi-pujan-of-lower-kapili-hydroelectric-poject
নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা(Devlal Garlosa), কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং(Tuliram Ronghang), APGCLৰ অধ্যক্ষ জিষ্ণু বৰুৱা(Jishnu Baruah) আৰু মেনেজিং ডাইৰেক্টৰ দীপাংকৰ নাথ(Dipankar Nath) ও এই ভূমি পূজন অনুষ্ঠানত অংশ ল'ব ৷

উল্লেখ্য যে, এপিজিচিএলে উমৰাংচুৰ লংকুত 120 মেগাৱাট নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিব । এই জলবিদ্যুৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হ’লে অসমত বিদ্যুতৰ নাটনি কিছু পৰিমানে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে । উমৰাংচুত ইতিমধ্যে NEEPCOৰ অধীনত কপিলী জলবিদ্যুৎ প্ৰকল্পত 250 মেগাৱাট বিদ্যুৎ উৎপাদন হৈ আছে ।

কিন্তু, ৰাজ্যত বিদ্যুতৰ অধিক উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি এপিজিচিএলৰ অধীনত নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্প গঢ়ি উঠিব অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচুত ।

লগতে পঢ়ক : আঢ়ৈ মাহৰ অন্তত আটক কুমকুম পেগুৰ অপহৰণকাৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.