Firing in Jammu Kashmir: কাশ্মীৰত গুলীয়াগুলীত তিনি সেনা জোৱান শ্বহীদ, নিহত দুই সন্ত্ৰাসবাদী

author img

By

Published : Aug 11, 2022, 8:18 AM IST

Updated : Aug 11, 2022, 8:33 AM IST

Firing in Jammu Kashmir

ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল কোনো লোকে । তেতিয়াই সংঘটিত হয় গুলীচালনাৰ ঘটনা (Firing in Jammu Kashmir)।

নিউজ ডেস্ক, 11 আগষ্ট: জম্মু-কাশ্মীৰত পুনৰ গুলীচালনাৰ ঘটনা (Firing in Kashmir valley) ৷ ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল কোনো লোকে । তেতিয়াই সংঘটিত হয় গুলীচালনাৰ ঘটনা । দৰহল আৰক্ষী থানাৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত অঞ্চলটোলৈ অতিৰিক্ত দল প্ৰেৰণ কৰা হৈছে ।

সেনাৰ তথ্য অনুসৰি প্ৰাৰম্ভিক গুলীচালনাত সেনাবাহিনীৰ তিনিজন জোৱানে প্ৰাণ হেৰুৱাই আৰু দুজন আহত হয় (Three army jawans martyred in Kashmir firing) । আহত এজনৰ অৱস্থা সংকটজনক ৷ আনহাতে, গুলীয়াগুলীৰ ঘটনাত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে (Two militants killed on encounter in Kashmir) ৷ থানা মাণ্ডি অঞ্চলত অভিযান অব্যাহত ৰাখিছে সেনাই ৷

অধিক খবৰৰ বাবে অপেক্ষা কৰক...

Last Updated :Aug 11, 2022, 8:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.