ETV Bharat / state

চাইকেলেৰে পাঞ্জৱৰ পৰা অসমলৈ 5 যুৱকৰ যাত্ৰা..

author img

By

Published : May 8, 2020, 8:03 PM IST

পাঞ্জৱৰ এটা কোম্পানীত কৰ্মৰত অসমৰ 5 জন যুৱকক কামৰ পৰা অব্যাহতি দিয়াৰ পিচত, সম্প্ৰতি চাইকেলেৰে অসম অভিমুখে ৰাওনা হৈছে যুৱক কেইজন ৷

stucked youth of assam returned from punjab by bicycle
stucked youth of assam returned from punjab by bicycle

বাক্সা, 8 মে': লক্ ডাউনৰ বাবে ভাৰতৰ ভিন্ন ৰাজ্যত আবদ্ধ হৈ পৰিছে অসমৰ শ শ লোক ৷ তীব্ৰ খাদ্য আৰু অৰ্থ সংকটত ভুগিছে আবদ্ধ লোকসকলে ৷ পাঞ্জৱৰ এটা কোম্পানীত কৰ্মৰত অসমৰ 5 জন যুৱকক কামৰ পৰা অব্যাহতি দিয়াৰ পিচত এতিয়া উপায়বিহীন হৈ পৰিছে তেওঁলোক ৷ যাৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰা স্বত্বেও চাইকেলেৰে অসম অভিমুখে আহি আছে যুৱক কেইজন ৷

চাইকেলেৰে অসম অভিমুখে ওভতনি যাত্ৰা বহিঃৰাজ্যত আবদ্ধ যুৱকৰ

বাক্সাৰ ছীদম বৰ্মন, ধনেশ্বৰ বৰ্মন, সুজিত বৰ্মনৰ লগতে ওদালগুৰিৰ উদয় বড়ো আৰু গুৱাহাটী আঠমাইলৰ গণেশ ৰামছিয়াৰী নামৰ যুৱক কেইজনে যোৱা 6 মে'ৰ পৰা যাত্ৰা আৰম্ভ কৰি ছণ্ডীগড়ত উপস্থিত হয় ৷ অসহায় যুৱককেইজনে সহায়ৰ কাতৰ আহ্বান জনাইছে অসম চৰকাৰক ৷ কোনো লোকে যদি যুৱক কেইজনক সহায় কৰিব বিচাৰে তেন্তে 6003687921 বা 6001621299 নন্বৰত যোগাযোগ কৰাৰ লগতে, বেংকৰ একাউন্ট নম্বৰ 50100290917837 IFSC CODE- HDFC 0000753ৰ জৰিয়তে কিছু আৰ্থিক সহায়ৰ হাত আগবঢ়াব পাৰে ৷

লগতে পঢ়কঃ লক্ ডাউনঃ চাইকেলেৰে শিলচৰৰ পৰা উত্তৰ প্ৰদেশলৈ..

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.