ETV Bharat / state

লক্ ডাউনঃ চাইকেলেৰে শিলচৰৰ পৰা উত্তৰ প্ৰদেশলৈ..

author img

By

Published : May 8, 2020, 5:44 PM IST

শিলচৰত কাপোৰ বিক্ৰী কৰি পেট প্ৰৱৰ্ত্তনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা অহা কেইবাগৰাকীও লোকে, পুনৰ নিজ ৰাজ্য অভিমুখে ঢাপলি মেলিছে চাইকেলেৰে ৷

four persons travelled by bicycle from assam to uttar pradesh
four persons travelled by bicycle from assam to uttar pradesh

নলবাৰী, 8 মে': নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে দেখিবলৈ পোৱা গ'ল কেইগৰাকীমান বিশেষ চাইকেল আৰোহী ৷ চাইকেল আৰোহী কেইগৰাকীৰ যাত্ৰা শিলচৰৰ পৰা উত্তৰ প্ৰদেশ অভিমুখে ৷ শিলচৰ জিলাত কাপোৰ বিক্ৰী কৰি সংস্থপনৰ বাট মুকলি কৰাৰ বাবে উত্তৰ প্ৰদেশৰ পৰা আহিছিল লোক কেইজন ৷

শিলচৰৰ পৰা চাইকেলেৰে উত্তৰ প্ৰদেশমুখী যাত্ৰা

প্ৰাপ্ত তথ্য অনুসৰি, লোক কেইজনে 4 দিনৰ অন্তত চাইকেলেৰে যাত্ৰা কৰি শুকুৰবাৰে নলবাৰীত উপস্থিত হয় ৷ প্ৰায় 10 দিন অতিক্ৰম কৰাৰ পাচতহে তেওঁলোক নিজ ৰাজ্য উত্তৰ প্ৰদেশ পাব বুলি সদৰি কৰে ৷ উল্লেখ্য যে, পথত টকাৰ অভাৱত খাদ্য ক্ৰয় কৰিবলৈ তেওঁলোকে এখন চাইকেলো বিক্ৰী কৰিছে ৷

লগতে পঢ়কঃ প্ৰতাৰণা ! দাৰ্জিলিঙৰ পৰা খোজকাঢ়ি অসম অভিমুখে 8 যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.