ETV Bharat / state

গৰাখহনীয়া ৰোধৰ বাবে ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Aug 17, 2020, 4:11 PM IST

public protest for landslide at Baksa
বাক্সাত গৰাখহনীয়া ৰোধক লৈ ৰাইজৰ প্ৰতিবাদ

শাসনাধিষ্ঠ চৰকাৰৰ লগতে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল বাক্সাৰ বৰিকাদঙা গাঁও ৷ 17 বছৰে গাঁওবাসীক প্ৰতাৰণা কৰি অহাৰ অভিযোগ গাঁওবাসীৰ ৷ অঞ্চলটোৰ উন্নয়ন তথা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আওকাণ কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ৷

বাক্সা, 17 আগষ্ট: সমাগত BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে সোমবাৰে বাক্সা জিলাৰ বৰিকাদঙাত চৰকাৰ আৰু হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ বিগত 17 বছৰ ধৰি অঞ্চলটোৰ উন্নয়ন তথা সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আওকাণ কৰাৰ অভিযোগ তুলি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, জিলাখনৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰিকাদঙা গাঁওত ভূটান পাহাৰৰ পৰা বৈ অহা পাগলাদিয়া নদীয়ে প্ৰতি বছৰে বিস্তৰ ক্ষতি সাধন কৰি আহিছে ৷ নৈৰ খহনীয়াত গাঁওখনৰ অৰ্ধশতাধিক পৰিয়ালৰ ভেটি-মাটি উচন হোৱাৰ উপৰিও বহু কৃষিভূমি নৈখনৰ গৰাখহনীয়াৰ কবলত পৰিছে ৷ গাঁওখনৰ ক্ষতিগ্ৰস্ত ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম, বিটিচিৰ সদ্য প্ৰাক্তন এম চি এল এ ফলীন্দ্ৰ বসুমতাৰীক বাৰম্বাৰ অৱগত কৰাৰ পাচতো কোনো সুফল লাভ কৰা নাই বুলি গাঁওবাসীয়ে জানিবলৈ দিয়ে ৷

বাক্সাত গৰাখহনীয়া ৰোধক লৈ ৰাইজৰ প্ৰতিবাদ

ইয়াৰোপৰি, এবাৰো ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষ চপা নাই বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ যাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ ৰাইজ একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিপিএফ মুৰ্দাবাদ, মনেশ্বৰ ব্ৰহ্ম মুৰ্দাবাদ, বিটিচি প্ৰশাসন হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে গাঁওবাসীয়ে ৷ আনহাতে, সূতা, কম্বল দিয়াৰ সলনি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিৱভক্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.