ETV Bharat / state

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে শিৱভক্তই

author img

By

Published : Aug 17, 2020, 2:08 PM IST

বৰপেটাৰ জনীয়াত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ জিলাখনৰ জনীয়াৰ সমীপৰ বেকী নৈৰ পাৰত সোমবাৰে পুৱতি নিশা শিৱক আৰাধনা কৰি উভতি অহাৰ সময়তে এখন দ্ৰুতবেগী টাটা ডিআই বাহনৰ খুন্দাত থিতাতে মৃত্যুমুখত পৰে সুব্ৰত সৰকাৰ নামৰ এগৰাকী শিৱভক্ত ৷

Road accident at barpeta assam etv bharat news
পথ দুৰ্ঘটনাত নিহত যুৱক

বৰপেটা,17 আগষ্ট: শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ৰাজ্যৰ শিৱ মন্দিৰসমূহত দেখা গৈছে ভক্তৰ ভিৰ ৷ ভগৱান শিৱৰ পূজা-অৰ্চনা অনুষ্ঠিত হৈ থকাৰ সময়তে বৰপেটাৰ জনীয়াত সংঘটিত হৈছে এক অঘটন ৷ জিলাখনৰ জনীয়াৰ বেকী নৈৰ পাৰত সোমবাৰে পুৱতি নিশা শিৱক আৰাধনা কৰি উভতি অহাৰ সময়তে এখন দ্ৰুতবেগী টাটা ডিআই বাহনৰ খুন্দাত থিতাতে মৃত্যুমুখত পৰিছে এগৰাকী শিৱভক্ত ৷ উক্ত দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হৈছে 32 বছৰীয়া সুব্ৰত সৰকাৰ নামৰ এগৰাকী যুৱক ৷

পথ দুৰ্ঘটনাত নিহত যুৱক

জানিব পৰা মতে, জনীয়াৰ চৌধুৰী বজাৰৰ সমীপৰ চনপুৰাত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ তিনিগৰাকী বন্ধুৱে বেকী নৈৰ পাৰত শিৱক আৰাধনা কৰি ঘৰলৈ উভতি অহাৰ সময়তে তীব্ৰবেগী বাহনখনে খুন্দা মাৰে যুৱকজনক ৷ দুৰ্ঘটনাত পতিত যুৱকগৰাকীক পৰিয়ালৰ লোকে ততালিকে বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে যদিও, চিকিৎসকে মৃত ঘোষণা কৰে ৷ ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰা এএচ-19 এচি-3292 নম্বৰৰ বাহনখন জব্দ কৰে আৰক্ষীয়ে ৷ মৃত যুৱকগৰাকীয়ে এৰি থৈ গৈছে পত্নীৰ সৈতে দুটি সন্তান ৷ উক্ত ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ জনীয়া অঞ্চলত ৷

লগতে চাওকঃ প্ৰাপ্য লাভৰ দাবীত মুছলপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.