ETV Bharat / state

গোৰেশ্বৰত গ্ৰেপ্তাৰ সুৰা আৰু তীৰ খেলৰ এজেন্ট

author img

By

Published : Sep 13, 2022, 1:35 PM IST

(Anti liquor and Gambling operation in Tamulpur
গোৰেশ্বৰত গ্ৰেপ্তাৰ সুৰা আৰু তীৰ খেলৰ এজেন্ট

ৰাজ্যজুৰি ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ (Anti drugs operation of Assam police) বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ফলস্বৰূপে প্ৰায় প্ৰতিদিনে ঠায়ে ঠায়ে জব্দ হৈছে গাঞ্জা, ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য । শেহতীয়াকৈ গোৰেশ্বৰত এনে বেহাই গা কৰি উঠিছে ।

তামুলপুৰ,১৩ ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে তীৰ, সুৰা, জুৱা বিৰোধী অভিযান (Anti liquor and Gambling operation) ৷ সোমবাৰে তামোলপুৰ জিলাৰ গোৰেশ্বৰত সুৰা আৰু তীৰ খেলত জড়িত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে (Gambling agent in Goreswar)৷ গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ।

তীৰ, মদ, জুৱাৰ বিৰুদ্ধে গোৰেশ্বৰ আৰক্ষীয়ে চলালে বৃহৎ অভিযান । এই অভিযানত গ্ৰেপ্তাৰ দুজন জুৱাৰী, দুজন তীৰৰ এজেণ্ট আৰু এজন অবৈধ সুৰা ব্যৱসায়ী (Gambling agent arrest in Goreswar)। আৰক্ষীয়ে অৰুণাচলী সুৰাও জব্দ কৰে (Arunachali liquor seized in Goreswar)। আৰক্ষীয়ে একেদিনাই উৎখাত কৰিলে গোৰেশ্বৰৰ কেইবাটাও তীৰ,জুৱা,মদৰ ঘাটি ।

গোৰেশ্বৰত গ্ৰেপ্তাৰ সুৰা আৰু তীৰ খেলৰ এজেন্ট

আৰক্ষীয়ে সদৰী কৰা মতে, ধৃত তীৰৰ এজেণ্ট দুজন হৈছে গোৰেশ্বৰৰ ধীৰেণ মাঝি আৰু শ্যামন্ত দাস ওৰফে বাপন দাস । আনহাতে,অবৈধ সুৰা ব্যৱসায়ীজন হৈছে দিগন্ত শৰণীয়া ।

ইপিনে,আৰক্ষীৰ জালত পৰা জুৱাৰী দুজন হৈছে কমলেশ্বৰ বড়ো আৰু মহাদেৱ বড়ো । তামুলপুৰ জিলাৰ গোৰেশ্বৰত দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি থকা তীৰ, মদ আৰু জুৱাৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে গোৰেশ্বৰ আৰক্ষী । আগন্তুক দিনক এই অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই ।

লগতে পঢ়ক:প্ৰসংগ ফেচবুক প’ষ্ট: জয়া কলিতাৰ বিৰুদ্ধে গোচৰ ৰুজু ভবেশ কলিতাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.