ETV Bharat / sports

8 বছৰৰ বাবে নিষিদ্ধ হ’ল চীনৰ স্বৰ্ণ জয়ী অলিম্পিক খেলুৱৈ

author img

By

Published : Feb 29, 2020, 9:08 PM IST

ডোপিং টেষ্টৰ বাবে সহযোগিতা নিদিয়াৰ বাবেই নিষেধাজ্ঞাৰ সন্মুখীন হ’ল চীনৰ স্বৰ্ণ জয়ী অলিম্পিক খেলুৱৈ চুন য়াং ৷

olympic gold medallist chinese swimmer banned for 8 years
8 বছৰৰ বাবে নিষেদ্ধ হ’ল চীনৰ স্বৰ্ণ জয়ী অলিম্পিক খেলুৱৈ

স্পৰ্টছ ডেস্ক, 29 ফেব্ৰুৱাৰীঃ আঠ বছৰৰ বাবে নিষিদ্ধ ঘোষিত হ’ল স্বৰ্ণ জয়ী অলিম্পিক খেলুৱৈ চীনৰ সাঁতুৰবিধ চুন য়াং৷ তিনিবাৰৰ অলিম্পিক বিজয়ী সাঁতুৰবিদগৰাকীয়ে ড'পিং টেষ্টৰ বাবে নমুনা নিদিয়াৰ বাবেই দোষী সাব্যস্ত কৰি আদালতে 8 বছৰৰ নিষেধাজ্ঞা জাপি দিয়ে খেলুৱৈগৰাকীৰ ওপৰত ৷ প্ৰথমে সাঁতুৰৰ গভৰ্ণিং বডী ফিনাই ড'পিঙৰ অপৰাধৰ পৰা মুকলি কৰিছিল যদিও বিশ্ব এণ্টি ড'পিং এজেঞ্চিৰ আৱেদনৰ পিচত আদলতে খেলুৱৈগৰাকীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে ৷ ইয়াৰ লগে-লগে আগন্তুক টকিঅ’ অলিম্পিকৰ পৰাও বাহিৰ হ’বলগীয়া হৈছে খেলুৱৈগৰাকী ৷

olympic gold medallist chinese swimmer banned for 8 years, 8 বছৰৰ বাবে নিষেদ্ধ হ’ল চীনৰ স্বৰ্ণ জয়ী অলিম্পিক খেলুৱৈ
তিনিবাৰৰ অলিম্পিক বিজয়ী

খেলুৱৈগৰাকীয়ে 2018 বৰ্ষৰ ছেপ্তেম্বৰ মাহত ড'পিং টেষ্টৰ বাবে মুত্ৰ আৰু তেজৰ নমুনা দিবলৈ অমান্তি হৈছিল ৷ যাৰ বাবে খেলুৱৈগৰাকীক 8 বছৰৰ নিষেধাজ্ঞা জাৰি কৰা হয় ৷

olympic gold medallist chinese swimmer banned for 8 years, 8 বছৰৰ বাবে নিষেদ্ধ হ’ল চীনৰ স্বৰ্ণ জয়ী অলিম্পিক খেলুৱৈ
8 বছৰৰ বাবে নিষেদ্ধ হ’ল চীনৰ স্বৰ্ণ জয়ী অলিম্পিক খেলুৱৈ

এই নিষেধজ্ঞা লাভ কৰাৰ পাচতে টকিঅ’ অলিম্পিকৰ 200 মিটাৰ ফ্ৰী ষ্টাইল খিতাপ অক্ষুণ্ণ ৰাখিবলৈ অনুমতি লাভ কৰাত বিফল হৈছে খেলুৱৈগৰাকী৷ বৰ্তমান এই নিষেধজ্ঞাৰ বিৰুদ্ধে খেলুৱৈগৰাকীয়ে ন্যায়ালয়ত আৱেদন দাখিল কৰিব বুলি জানিব পৰা গৈছে ৷ খেলুৱৈগৰাকীয়ে নিজকে নিৰ্দোষী ঘোষণা কৰি কয়, এই নিষেধজ্ঞাৰ বিৰুদ্ধে তেওঁ আৱেদন জনাব যাতে সকলোৰে মাজত সত্য পোহৰলৈ আহে ৷ ইয়াৰ পূৰ্বেও 2014 চনত ডোপিং টেষ্টত বিফল হৈ নিষিদ্ধ ঘোষিত হৈছিল খেলুৱৈগৰাকী ৷ এতিয়া পুনৰ 8 বছৰৰ নিষেধাজ্ঞা লাভ কৰাৰ পাচত খেলুৱৈগৰাকীৰ কেৰিয়াৰৰ অন্ত পৰিল বুলি অনুমান কৰিছে বিভিন্ন মহলে ৷ উল্লেখ্য যে,অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা চীনৰ প্ৰথমগৰাকী সাঁতুৰবিধ হৈছে চুন য়াং

2012 চনত লণ্ডন অলিম্পিকত 400 মিটাৰ আৰু 1500 মিটাৰ ফ্ৰী ষ্টাইলত, 2016 চনত ৰিঅ’ অলিম্পিকৰ 200 মিটাৰ ফ্ৰী ষ্টাইলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷ অলিম্পিকত মুঠ 6 টা , বিশ্ব চেম্পিয়নশ্বিপত 16 টা আৰু এছিয়ান গেমছত 14 টা পদক লাভ কৰিবলৈ সক্ষম হৈছে চীনৰ চুন য়াঙে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.