ETV Bharat / sports

মহিলা টি-20 বিশ্বকাপ: অব্যাহত আছে ভাৰতীয় মহিলা দলৰ দুৰ্দান্ত প্ৰদৰ্শন

author img

By

Published : Feb 29, 2020, 6:37 PM IST

অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ মহিলা বিশ্বকাপত অব্যাহত আছে ভাৰতীয় মহিলা দলৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ শ্ৰীলংকাক পৰাস্ত কৰি টুৰ্ণামেণ্টৰ ধাৰাবাহিক চতুৰ্থটো জয় লাভ ভাৰতৰ ৷

মহিলা টি-20 বিশ্বকাপ, Womens T2o World Cup : India Beat Sri lanka
মহিলা টি-20 বিশ্বকাপঃ অব্যাহত আছে ভাৰতীয় মহিলা দলৰ দুৰ্দান্ত প্ৰদৰ্শন

স্পৰ্টছ ডেস্ক, 29 ফেব্ৰুৱাৰীঃ মহিলা টি-20 বিশ্বকাপত অব্যাহত আছে ভাৰতীয় দলৰ দুৰ্দান্ত প্ৰদৰ্শন ৷ শনিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে 7 উইকেটত জয় লাভ ভাৰতৰ ৷ টুৰ্ণামেণ্টত ভাৰতৰ এইটো হৈছে ধাৰাবাহিক চতুৰ্থটো জয় লাভ ৷ গ্ৰুপ ষ্টেজৰ অন্তিমখন মেচত জয় লাভেৰে ছেমিফাইনেলত স্থান লাভ হৰমনপ্ৰীত নেতৃত্বাধীন ব্লু মহিলা দলটোৰ ৷ এই মেচখনতো ছেফালি বাৰ্মাৰ বিস্ফোৰক ইনিংছ অব্যাহত থাকিল ৷ 34 বলত 7 টা চাৰি আৰু 1 টা ছয়েৰে 47 ৰান কৰিবলৈ সক্ষম হয় ছেফালিয়ে ৷

শ্ৰীলংকাৰ বিৰুদ্ধে 7 উইকেটত জয় লাভ ভাৰতৰ
শ্ৰীলংকাৰ বিৰুদ্ধে 7 উইকেটত জয় লাভ ভাৰতৰ

মেচখনত শ্ৰীলংকা দলটোৱে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 9 উইকেট হেৰুৱাই 113 ৰান কৰিবলৈ সক্ষম হয়৷ ভাৰতৰ হৈ ৰাধা যাদৱে সৰ্বাধিক 4 টা আৰু ৰাজশ্ৰী গায়কৱাড়ে 2 টা উইকেট লাভ কৰে৷ ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে 3 টা উইকেট হেৰুৱাই 14.4 অভাৰত লক্ষ্যত উপনীত হয়৷ মেচখনত সুন্দৰ বলিং কৰা ৰাধা যাদৱক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়৷ এতিয়া পৰৱৰ্তী মেচত অহা 5 মাৰ্চত ছেমিফাইনেলত অৱতীৰ্ণ হ’ব ভাৰত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.