ETV Bharat / sports

Doha Diamond League : দোহা ডায়মণ্ড লীগৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

author img

By

Published : May 6, 2023, 8:38 PM IST

Doha Diamond League
দোহা ডায়মণ্ড লীগৰ খিতাপ অৰ্জন নীৰজ চোপ্ৰাৰ

দোহা ডায়মণ্ড লীগত নীৰজ চোপ্ৰাৰ দপদপনি । প্ৰথম প্ৰয়াসত ৮৮.৬৭ মিটাৰ থ্ৰোৰে ছিজনৰ সুন্দৰ আৰম্ভণি খেলুৱৈগৰাকীৰ (Neeraj Chopra wins Diamond League title)। ডায়মণ্ড লীগৰ ছিজনত চোপ্ৰাৰ এয়া দ্বিতীয়টো জয় ।

স্পৰ্টছ ডেস্ক,৬ মে': অলিম্পিক চেম্পিয়ন জেভলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই শুকুৰবাৰে ছিজন-অপেনিং লীগত এক আৰামদায়ক জয়েৰে ডায়মণ্ড লীগৰ খিতাপ লাভ কৰে (Neeraj Chopra wins Diamond League title)। টকিঅ' ২০২০ অলিম্পিকৰ জেভলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই কাটাৰ স্পৰ্টছ ক্লাৱত দোহা ডায়মণ্ড লীগ ২০২৩ জয়ৰ প্ৰথম প্ৰয়াসত ৮৮.৬৭ মিটাৰ থ্ৰোৰে ছিজনৰ আৰম্ভণি কৰে ।

বিস্ফোৰক আৰম্ভণিৰ বাবে জনাজাত চোপ্ৰাই তেওঁৰ প্ৰথম প্ৰচেষ্টাত ব্যক্তিগত সৰ্বশ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰ আৰু ৰাষ্ট্ৰীয় অভিলেখৰ কাষ চাপিবলৈ সক্ষম হৈছে । ২০২২ চনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা তাৰকা খেলুৱৈগৰাকীয়ে ২০১৮ চনত একেটা প্ৰতিযোগিতাত ৮৭.৪৩ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে চতুৰ্থ স্থান লাভ কৰিছিল (Neeraj Chopra in Doha Diamond League)।

চেক গণৰাজ্যৰ ৰূপৰ পদক বিজয়ী জাকুব ভাদলেজচে চাৰি চেণ্টিমিটাৰ কম দ্বিতীয় ৰাউণ্ডৰ থ্ৰোৰ সৈতে চোপ্ৰাৰ সৰ্বশ্ৰেষ্ঠ মাৰ্কৰ ওচৰলৈ যায় । টকিঅ' অলিম্পিকত ভাডলেজচে ৰূপৰ পদক লাভ কৰিছিল । তেওঁ যোৱা বছৰ দোহা ডায়মণ্ড লীগত ৯০.৮৮ মিটাৰ থ্ৰোৰে ৰূপৰ পদক লাভ কৰিছিল ।

যোৱা বছৰ দোহা ডায়মণ্ড লীগত ৯৩.০৭ মিটাৰ থ্ৰোৰে জয়ী হোৱা গ্ৰেনাডাৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছে ৮৫.৮৮ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে তৃতীয় স্থান লাভ কৰে । খিতাপ অৰ্জনৰ পাচতে নীৰজ চোপ্ৰাই কয় যে এয়া এক অতি কঠিন জয় আছিল । কিন্তু তেওঁ সুখী । এয়া তেওঁৰ বাবে সঁচাকৈয়ে এটা সুন্দৰ আৰম্ভণি বুলি তেওঁ উল্লেখ কৰে (Neeraj Chopra reacts after winning Diamond League)। পৰৱৰ্তী প্ৰতিযোগিতাসমূহতো প্ৰথম স্থানত থকাৰ লগতে এই ছিজনত ধাৰাবাহিকতা বজাই ৰাখিব বুলি তেওঁ আশাবাদী । তেওঁ উল্লেখ কৰা মতে প্ৰতিযোগিতাখন সকলো খেলুৱৈৰ বাবে প্ৰত্যাহ্বানজনক আছিল । কিন্তু তেওঁ এই ফলাফলত সন্তুষ্ট । বহুতো লোকে তেওঁক সমৰ্থন কৰিবলৈ আহিছিল আৰু তেওঁলোক সঁচাকৈয়ে সুখী ।

উল্লেখ্য যে ডায়মণ্ড লীগৰ ছিজনত চোপ্ৰাৰ এয়া দ্বিতীয়টো জয় । তেওঁ যোৱা বছৰ লাউচেনত ডায়মণ্ড লীগত পদক লাভ কৰা প্ৰথম ভাৰতীয় আছিল । ইফালে পুৰুষৰ ট্ৰিপল জাম্পত, ২০২২ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী এলডোচ পলে তেওঁৰ প্ৰথম ডায়মণ্ড লীগত ১৫.৮৪ মিটাৰ হতাশাজনক প্ৰদৰ্শনেৰে দশম স্থান লাভ কৰে । তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ ১৬.৯৯ মিটাৰ আছে । টকিঅ' অলিম্পিক চেম্পিয়ন পৰ্তুগালৰ পেদ্ৰো পিচাৰ্ডোৱে ১৭.৯১ মিটাৰ শ্ৰেষ্ঠ জাম্পেৰে ইভেণ্টটোত খিতাপ অৰ্জন কৰে ।

লগতে পঢ়ক :CSK vs MI: চেন্নাইক জয়ৰ বাবে 140 ৰাণৰ লক্ষ্য বান্ধি দিলে মুম্বাইয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.