ETV Bharat / sports

Rohit Sharma records: ৰোহিত শৰ্মাৰ নামত আন এক অভিলেখ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 5:21 PM IST

ৰোহিত শৰ্মাই এই বছৰ বহুতো অভিলেখ গঢ়িছে আৰু বহু অভিলেখ ভংগ কৰিছে । চলিত বিশ্বকাপত তেওঁৰ প্ৰদৰ্শন অতি ৰোমাঞ্চকৰ হৈছে । নেদাৰলেণ্ডৰ বিৰুদ্ধে দেওবাৰৰ খেলখনত আন এক অভিলেখ ৰচিলে ৰোহিতে । কি এই নতুন অভিলেখ ?

Rohit Sharma records
ৰোহিত শৰ্মাৰ নামত আন এক অভিলেখ

স্পৰ্টছ ডেস্ক,১২ নৱেম্বৰ : চলিত আইচিচি বিশ্বকাপ ক্ৰিকেট ২০২৩ ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাৰ বাবে বিশেষ হিচাপে দেখা গৈছে । তেওঁৰ নেতৃত্ব প্ৰশংসনীয় হৈ পৰিছে । যাৰ বাবে দলটোৱে লীগ পৰ্যায়ৰ এখনো মেচ পৰাস্ত হোৱা নাই । পইণ্ট তালিকাৰো শীৰ্ষত থাকি দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । অৱশ্যে চলিত বিশ্বকাপত ৰোহিত শৰ্মাই ব্যক্তিগতভাৱেও কেইবাটাও অভিলেখ সৃষ্টি কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

দেওবাৰে ভাৰত আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত খেলখনতো ৰোহিত শৰ্মাই বেটেৰে আন এক অভিলেখ গঢ়িলে । ৰোহিত শৰ্মাই নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমটো ছিক্সাৰ কোবোৱাৰ লগে লগে তেওঁ এবছৰত সৰ্বাধিক ছিক্সাৰ কোবোৱা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁ এই বছৰ সৰ্বাধিক ৫৯ টা ছিক্সাৰ কোবাইছে ।

ইয়াৰ পূৰ্বে, এবছৰত সৰ্বাধিক ছিক্সাৰৰ অভিলেখ আছিল এ বি ডি ভিলিয়ৰ্ছৰ নামত । তেওঁ ২০১৬ চনত সৰ্বাধিক ৫৮ টা ছিক্সাৰ কোবাইছিল । তাৰ পাছত, ২০১৯ চনত ক্ৰিছ গেইলে ৫৬ টা ছিক্সাৰ কোবাইছিল । কিন্তু তেওঁ এ বি ডি ভিলিয়ৰ্ছৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে । কিন্তু চলিত বিশ্বকাপত ৰোহিতে ৫৯ টা ছিক্সাৰৰ সৈতে এই অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ।

নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলখনত ৰোহিত শৰ্মাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ ১০০ তম অৰ্ধশতকো সম্পূৰ্ণ কৰিছে । ইয়াৰ লগতে, তেওঁ এদিনীয়া ক্ৰিকেটত তেওঁৰ ৫৫ টা অৰ্ধশতক সম্পূৰ্ণ কৰিছে । ৰোহিত শৰ্মাই এতিয়ালৈকে বিশ্বকাপ ২০২৩ ত ৫০৩ ৰাণ সংগ্ৰহ কৰিছে । ৰোহিত শৰ্মা অধিনায়ক হিচাপে বিশ্বকাপৰ এটা ছিজনত ৫০০ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈ পৰিছে । ৰোহিত শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল ।

  • Records of Rohit Sharma today:

    - First player to score 500+ runs in back to back World Cups
    - Most sixes in a calendar year in ODIs
    - Most sixes in a World Cup edition as a captain
    - Most fours in a World Cup edition as a captain
    - Most runs as an Indian captain in single World… pic.twitter.com/0Qyyli9ZVR

    — Johns. (@CricCrazyJohns) November 12, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় দলটোৱে এই বিশ্বকাপত ৮ খন খেলৰ আটাইকেইখনতে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । ১৫ নৱেম্বৰত ভাৰত ছেমি ফাইনেলত নিউজীলেণ্ডৰ মুখামুখি হ'ব । দ্বিতীয়খন ছেমি ফাইনেল ১৬ নৱেম্বৰত দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'ব । বিজয়ী দল দুটাই ১৯ নৱেম্বৰত ফাইনেল খেলখন খেলিব ।

লগতে পঢ়ক :ICC World Cup 2023 : বিশ্বকাপত ১০ টা দলৰ অভিযান, ৬ টা দলে সামৰিছে অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.