ETV Bharat / sports

ICC World Cup 2023 : বিশ্বকাপত ১০ টা দলৰ অভিযান, ৬ টা দলে সামৰিছে অভিযান

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 1:12 PM IST

ICC World Cup 2023
বিশ্বকাপত ১০ টা দলৰ অভিযান

চলিত বিশ্বকাপত ইতিমধ্যে ভাৰত, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে । বাকী ৬ টা দলৰ বিশ্বকাপৰ অভিযান সমাপ্ত হৈছে । দেওবাৰে নেডাৰলেণ্ডে ভাৰতৰ বিৰুদ্ধে অন্তিমখন খেলত অৱতীৰ্ণ হ'ব ।

স্পৰ্টছ ডেস্ক,১২ নৱেম্বৰ : আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ৰ লীগ পৰ্যায়ৰ খেলবোৰ প্ৰায় সমাপ্ত হৈছে । ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত লীগ পৰ্যায়ৰ অন্তিমখন খেল দেওবাৰে অনুষ্ঠিত হ'ব । ইয়াৰ লগে লগে ৬ টা দলে বিশ্বকাপৰ অভিযান সামৰিছে আনহাতে ৪ টা দলে ছেমি ফাইনেললৈ আগবাঢ়িছে । পৰৱৰ্তী খেলবোৰৰ ভিতৰত আছে ২ খন ছেমি ফাইনেল । এই দুখন খেলত জয়ী হোৱা দুয়োটা দলে বিশ্বকাপ ২০২৩ৰ ফাইনেলত অৱতীৰ্ণ হ'ব ।

ICC World Cup 2023
৪ টা দলে প্ৰৱেশ কৰিছে ছেমি ফাইনেলত

ছেমি ফাইনেলত প্ৰৱেশ কৰা দল :

ভাৰতীয় দলটো ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে । ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত আছে । পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা । বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা তৃতীয়টো দল হৈছে অষ্ট্ৰেলিয়া । অষ্ট্ৰেলিয়া পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে । ছেমি ফাইনেলত প্ৰৱেশ কৰা চতুৰ্থ আৰু অন্তিম দলটো হৈছে নিউজীলেণ্ড ।

ICC World Cup 2023
৬ টা দলৰ বিশ্বকাপৰ অভিযান সমাপ্ত

বিশ্বকাপৰ পৰা বাহিৰ হোৱা দলকেইটা আৰু তেওঁলোকৰ প্ৰদৰ্শন

২০২৩ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হোৱা পাকিস্তান হৈছে অন্তিমটো দল । ইংলেণ্ডৰ হাতত পৰাজিত হোৱাৰ পাছত পাকিস্তান বিশ্বকাপ ২০২৩ৰ পৰা বাহিৰ হ'ব লগা হয় । পাকিস্তানে ৮ পইণ্টৰ সৈতে তালিকাৰ ৫ নম্বৰ স্থানত থাকি বিশ্বকাপৰ অভিযান সামৰিছে ।

মেচজয়ীপৰাস্তপইণ্ট তালিকাত স্থান

আফগানিস্তান দলটোৰ প্ৰদৰ্শন এই বিশ্বকাপত যথেষ্ট উন্নত দেখা গৈছিল । শেষ পৰ্যায়লৈকে আফগানিস্তানে ছেমি ফাইনেলত প্ৰৱেশৰ বাবে যুঁজিছিল । আফগানিস্তানে ৮ পইণ্টৰ সৈতে তালিকাৰ ৬ নম্বৰ স্থানত অভিযান সমাপ্ত কৰিছে ।

মেচজয়ীপৰাস্তপইণ্ট তালিকাত স্থান

চলিত বিশ্বকাপ ইংলেণ্ড দলটোৰ বাবে আটাইতকৈ হতাশাজনক হিচাপে পৰিগণিত হৈছে । শেষৰ কেইখনমান মেচত জয়ী হৈ ইংলেণ্ডে বিশ্বকাপ ২০২৩ৰ অভিযান সামৰিছে । ইংলেণ্ডে ৩ খন মেচত জয়ী হৈ মাত্ৰ ৬ পইণ্টৰ সৈতে ৭ নম্বৰ স্থানত বিশ্বকাপৰ অভিযান সমাপ্ত কৰিছে ।

মেচজয়ীপৰাস্তপইণ্ট তালিকাত স্থান

বাংলাদেশৰ দলটোৱে গোটেই প্ৰতিযোগিতাখনত মাত্ৰ ২ খন মেচত জয়ী হৈছে । পইণ্ট তালিকাত ৪ পইণ্টৰ সৈতে ৮ নম্বৰ স্থানত বিশ্বকাপৰ অভিযান সামৰিছে বাংলাদেশে ।

মেচজয়ীপৰাস্তপইণ্ট তালিকাত স্থান

শ্ৰীলংকাৰ বাবে প্ৰত্যাহ্বানপূৰ্ণ আছিল এই বিশ্বকাপ । মাত্ৰ ২ খন খেলত জয়ী হৈ ৪ পইণ্টৰ সৈতে শ্ৰীলংকাই পইণ্ট তালিকাৰ ৯ নম্বৰ স্থানত থাকি বিশ্বকাপৰ অভিযান সমাপ্ত কৰিছে ।

মেচজয়ীপৰাস্তপইণ্ট তালিকাত স্থান

পইণ্ট তালিকাৰ একেবাৰে তলত আছে নেডাৰলেণ্ডৰ দল । দলটোৱে ২ খন খেলত জয়ী হৈছে । অৱশ্যে ভাৰতৰ বিৰুদ্ধে আৰু এখন খেল আছে দলটোৰ । নেডাৰলেণ্ড বৰ্তমান ৪ পইণ্টৰ সৈতে পইণ্ট তালিকাৰ ১০ নম্বৰ স্থানত আছে । যদি খেলখনত ভাৰতৰ হাতত পৰাস্ত হয় তেনেহ'লে নেডাৰলেণ্ডৰ স্থিতি একেই থাকিব ।

মেচজয়ীপৰাস্তপইণ্ট তালিকাত স্থান
১০

লগতে পঢ়ক :ICC World Cup 2023 : কোহলীৰ সন্মুখত অভিলেখ ভংগৰ আন এটা সুযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.