ETV Bharat / sports

ICC World Cup 2023 : কোহলীৰ সন্মুখত অভিলেখ ভংগৰ আন এটা সুযোগ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 11:56 AM IST

ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে অভিলেখ সৃষ্টি কৰাৰ দিশত আছে । ভাৰত আৰু নেডাৰলেণ্ডৰ মাজত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ দেওবাৰৰ খেলখনে বিৰাট কোহলীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব । কিয়নো শচীন তেণ্ডুলকাৰৰ এদিনীয়া শতকৰ অভিলেখ ভংগ কৰিবলৈ কোহলীক প্ৰয়োজন মাত্ৰ এটা শতকৰ ।

ICC World Cup 2023
কোহলীৰ সন্মুখত অভিলেখ ভংগৰ আন এটা সুযোগ

স্পৰ্টছ ডেস্ক,১২ নৱেম্বৰ : চলিত বিশ্বকাপত শক্তিশালী ফৰ্মত আছে ভাৰতীয় দল লগতে খেলুৱৈসকল । ভাৰতে এইবাৰ কেইবাটাও অভিলেখ গঢ়িছে । বিৰাট কোহলীৰ ফৰ্মো অতি গুৰুত্বপূৰ্ণ দেখা গৈছে । ইফালে শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক এদিনীয়া শতক (৪৯) আছিল । কিন্তু যোৱা ৫ নৱেম্বৰৰ খেলখনত বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শতক কৰাৰ পাছতে শচীন তেণ্ডুলকাৰৰ সমতুল্য শতক কৰিবলৈ সক্ষম হৈছে । দেওবাৰে ভাৰতে নেডাৰলেণ্ডৰ বিৰুদ্ধে লীগ পৰ্যায়ৰ অন্তিমখন খেলিব । এইখন খেলত শচীন তেণ্ডুলকাৰৰ এই শতকৰ অভিলেখ ভংগ কৰিবলৈ বিৰাট কোহলীয়ে সুন্দৰ সুযোগ পাব ।

খেলখন বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । এইখন বিৰাটৰ ঘৰুৱা ষ্টেডিয়াম । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এইখন ঘৰুৱা ষ্টেডিয়াম । বিৰাটে ষ্টেডিয়ামখনত বহু খেল খেলিছে । আৰচিবিৰ হৈ আৰম্ভণিৰে পৰা বিৰাট কোহলীয়ে বেংগালুৰুৰ ষ্টেডিয়ামখনত খেলিছে । সেয়ে নেডাৰলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা খেলপথাৰত বিৰাট কোহলীয়ে শতক কৰি অভিলেখ সৃষ্টিৰ প্ৰচেষ্টা চলাব ।

ইফালে চলিত বিশ্বকাপৰ ৮ খন লীগ পৰ্যায়ৰ খেলত জয় লাভ কৰি ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় দলটো তালিকাৰ শীৰ্ষত আছে । আনহাতে নেডাৰলেণ্ডক পৰাস্ত কৰি ভাৰতে লীগ পৰ্যায়ৰ অভিযান সুন্দৰভাৱে সমাপ্ত কৰিব বিচাৰিব । একেদৰে ভাৰতে ১৫ নৱেম্বৰ অৰ্থাৎ বুধবাৰে আইকনিক ৱানখেড়ে ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত কেন উইলিয়ামছনৰ নেতৃত্বৰ নিউজীলেণ্ডৰ মুখামুখি হ'ব ।

ভাৰতে ৮ অক্টোবৰত চেন্নাইৰ চেপকত বিশ্বকাপৰ অভিযান আৰম্ভ কৰিছিল । প্ৰথমখন খেলতে ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে সুন্দৰ আৰম্ভণি দেখুৱাইছিল । তাৰ পাছত একেৰাহে নতুন দিল্লী, আহমেদাবাদ, পুনে, ধৰ্মশালা, লক্ষ্ণৌ, মুম্বাই, কলকাতাত ভাৰতে বিজয়ৰ ধাৰা অব্যাহত ৰাখিলে । লগতে ভাৰতে দলীয় আৰু ব্যক্তিগত কেইবাটাও অভিলেখো সৃষ্টি কৰিলে ।

লক্ষণীয়ভাৱে ভাৰত আৰু নেডাৰলেণ্ডে এতিয়ালৈ মাত্ৰ দুখন এদিনীয়া মেচ খেলিছে । দুয়োখনতে ভাৰতে আধিপত্য বজাই ৰাখিছে ।

দেওবাৰৰ খেলখনতো ভাৰতৰ বিজয় উপভোগ কৰিবলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগীসকল । বিশেষকৈ চেজ মাষ্টাৰ বিৰাট কোহলীৰ অভিলেখ ভংগকাৰী এটা শতকৰ বাবেও অপেক্ষা কৰিছে ক্ৰিকেট অনুৰাগীসকলে ।

লগতে পঢ়ক :ICC World Cup 2023 : হেৰিছ ৰৌফৰ অভিলেখ; বিশ্বকাপত সৰ্বাধিক ৰাণ দিয়া বলাৰ হিচাবে পৰিগণিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.