ETV Bharat / sports

স্বপ্নভংগ ভাৰতৰ : ফাইনেলত স্তব্ধ ভাৰতৰ বিজয় ৰথ, ষষ্ঠবাৰলৈ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 3:07 PM IST

Updated : Nov 19, 2023, 9:28 PM IST

ICC World Cup 2023
ভাৰত-অষ্ট্ৰেলিয়াৰ যুঁজ

ক্ৰিকেট বিশ্বকাপ 2023ৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ ৷ কোটি কোটি অনুৰাগীক নিৰাশ কৰি বিশ্বকাপৰ ফাইনেলত 6 উইকেটত পৰাস্ত ভাৰত ৷

স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : ক্ৰিকেট বিশ্বকাপ 2023ৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ ৷ আয়োজক দেশ ভাৰতক 6 উইকেটত পৰাস্ত কৰি বিশ্ব চেম্পিয়ন হয় অষ্ট্ৰেলিয়া ৷ বেটিং-বলিং-ফিল্ডিঙত হতাশাজনক প্ৰদৰ্শনেৰে কোটি কোটি ভাৰতীয় অনুৰাগীৰ হৃদয় ভাঙিলে ভাৰতীয় ক্ৰিকেট দলে ৷

ফাইনেলৰ পূৰ্বে প্ৰতিযোগিতাৰ আটাইকেইখন মেচতে জয়লাভ কৰি বিশ্বকাপ জয়ৰ একচেটীয়া দাবীদাৰত পৰিণত হোৱা ভাৰতে ফাইনেলত পৰাজয় স্বীকাৰ কৰিব লগা হয় ৷ প্ৰথম 241 ৰাণৰ লক্ষ্য আগত লৈ অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথমতেই তিনিটা উইকেট হেৰুৱাই শলঠেকত পৰিছিল যদিও ট্ৰেভিছ হেড আৰু মাৰ্নাছ লাবুশ্বেনে ভাৰতীয় বলিং আক্ৰমণক ওফৰাই 43 অভাৰতে বিজয় সাব্যস্ত কৰে ৷

ট্ৰেভিছ হেডে 120 টা বলত 137 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্নাছ লাবুশ্বেনে 110 টা বলত 58 ৰাণ সংগ্ৰহ কৰে ৷ ফাইনেলৰ পূৰ্বৰ আটাইকেইখন মেচতে শক্তিশালী প্ৰদৰ্শনেৰে উজ্বলি উঠা ভাৰতীয় বলিং আক্ৰমণ চূড়ান্ত ব্যৰ্থ হয় ৷ আজিৰ খেলত যশপ্ৰীত বুমৰাহে সাৰ্বাধিক 2 টা উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ ছিৰাজ আৰু মহম্মদ ছামীয়ে 1 টাকৈ উইকেট দখল কৰে ৷

প্ৰতিযোগিতাখনত ভাৰতে মূল একাদশত কোনো পৰিৱৰ্তন নকৰাকৈ খেলপথাৰত নামিছিল ৷ অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতে এক শক্তিশালী স্ক’ৰ সংগ্ৰহ কৰিব বুলি আশা কৰা হৈছিল যদিও এক বিশাল স্ক’ৰ সংগ্ৰহ কৰাত ব্যৰ্থ হয় দলটো ৷

প্ৰথমে টছত জিকি বলিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াই ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 240 ৰাণ ৷ 4.2 অভাৰত শুভমন গীলৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাব লগা হয় ভাৰতে ৷ 7 টা বলত 4 ৰাণ সংগ্ৰহ কৰি মিচেল ষ্টাৰ্কৰ বলত পেভিলিয়নমুখী হয় শুভমন গীল ৷

ইয়াৰ পাছতেই অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক বেটিঙেৰে দলক এক শক্তিশালী স্ক’ৰৰ দিশে নিছিল যদিও গ্লেন মেক্সৱেলে ৰোহিত শৰ্মাৰ উইকেট দখল কৰি ভাৰতীয় দলত দ্বিতীয়টো আঘাত হানে ৷ 31 টা বলত 47 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৰোহিত শৰ্মা ৷ ইয়াৰ পাছতে শ্ৰেয়াছ আয়াৰৰ ৰূপত তৃতীয়টো উইকেট হেৰুৱাই শলঠেকত পৰে ভাৰত ৷ শ্ৰেয়াছ আয়াৰে 3 টা বলত সংগ্ৰহ কৰে 4 ৰাণ ৷

ইয়াৰ পাছত বিৰাট কোহলী আৰু কে এল ৰাহুলে দলক বিপৰ্যয়ৰ পৰা কিছু উদ্ধাৰ কৰে ৷ বিৰাট কোহলীয়ে 63 টা বলত 54 ৰাণ সংগ্ৰহ কৰি পেট কামিনছৰ বলত পেভিলিয়নমুখী হয় ৷ কে এল ৰাহুলে 107 টা বলত 66 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷

অষ্ট্ৰেলিয়াৰ হৈ মিচেল ষ্টাৰ্কে দখল কৰে 3 টা উইকেট ৷ পেট কামিনছ আৰ জ’ছ হেজেলউডে দখল কৰে 2 টাকৈ উইকেট ৷ আডাম জাম্পাই দখল কৰে 1 টা উইকেট ৷

ভাৰতৰ মূল একাদশ: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেট কীপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ।

অষ্ট্ৰেলিয়াৰ মূল একাদশ : ট্ৰেভিছ হেড, ডেভিদ ৱাৰ্নাৰ, মিচেল মাৰ্ছ, ষ্টিভেন স্মিথ, মাৰ্নাছ লাবুশ্বেন, গ্লেন মেক্সৱেল, জ’ছ ইংলিছ (উইকেট কীপাৰ), মিচেল ষ্টাৰ্ক, পেট কামিন্স (অধিনায়ক), আডাম জাম্পা, জ’ছ হেজলউড।

লগতে পঢ়ক : কোনে আজুৰিব 2023 বৰ্ষৰ বিশ্ব চেম্পিয়নৰ খিতাপ ?

Last Updated :Nov 19, 2023, 9:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.