ETV Bharat / bharat

কোনে আজুৰিব 2023 বৰ্ষৰ বিশ্ব চেম্পিয়নৰ খিতাপ ?

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 7:48 AM IST

পৰৱৰ্তী বিশ্ব চেম্পিয়ন কোন হ’ব ? দেওবাৰৰ নিশা আমি পাম পৰৱৰ্তী বিশ্ব চেম্পিয়নগৰাকী । পৰিসংখ্যা অনুসৰি এতিয়ালৈকে খেলা 12 খন বিশ্বকাপৰ ফাইনেলত মাত্ৰ ছয়জন বেটছমেনেহে শতক অৰ্জন কৰিবলৈ সক্ষম হৈছে । ইয়াত স্থান পাইছে দুজনকৈ অধিনায়কে ৷ শীৰ্ষ সংঘৰ্ষত শতক অৰ্জন কৰা বেটছমেনসকলৰ বিষয়ে জানিবলৈ পঢ়ক ইটিভি ভাৰতৰ প্ৰদীপ সিং ৰাৱটৰ এই বিশেষ বিশ্বকাপৰ প্ৰতিবেদন -

scored in the World Cup final
কোনে আজুৰিব 2023 বৰ্ষৰ বিশ্ব চেম্পিয়নৰ খিতাপ

স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : আই চি চি ক্ৰিকেট বিশ্বকাপৰ ত্ৰয়োদশ সংস্কৰণৰ চূড়ান্ত খেলখনৰ বাবে সাজু হৈছে ভাৰতীয় দল ৷ সাজু কৰি তোলা হৈছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম - নৰেন্দ্ৰ মোদী ষ্টেডিয়াম । আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া এই ফাইনেল খেলখনত ভাৰতে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব ।

বৰ্তমান সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল কোনগৰাকী বেটছমেনে শতক অৰ্জন কৰি এই মেচখন ক্ৰিকেট ইচিহাসত স্মৰণীয় কৰি তুলিব ? এতিয়ালৈকে মুঠ 12 খন বিশ্বকাপৰ ফাইনেলত মাত্ৰ ছয়জন বেটছমেনেহে এই কাম কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰে পাঁচজন বেটছমেনে নিজৰ দলটোক বিশ্ব চেম্পিয়ন হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

এই পৰ্যন্ত বিশ্বকাপৰ ফাইনেলত শতক অৰ্জন কৰিছে মাত্ৰ দুজন অধিনায়কে । বিশেষ কথাটো হ’ল এই ছয়টা শতক বিভিন্ন বিশ্বকাপত আহিছে আৰু এই শতক মাত্ৰ তিনিটা দলৰ খেলুৱৈয়েহে অর্জন কৰিবলৈ সক্ষম হৈছে ৷

বিশ্বকাপ 1975 : ক্লাইভ লয়ড 102 বনাম অষ্ট্ৰেলিয়া

1975 চনৰ পৰা আৰম্ভ হৈছিল এদিনীয়া ক্ৰিকেট বিশ্বকাপ ৷ প্ৰথমখন বিশ্বকাপৰ ফাইনেল লৰ্ডছত ৱেষ্ট ইণ্ডিজ আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হয় । ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰাৰ সময়তে নিৰ্ধাৰিত 60 অভাৰত 8 টা উইকেট হেৰুৱাই 291 ৰান সংগ্ৰহ কৰে ।

অধিনায়ক ক্লাইভ লয়ডে 85 টা বলত 102 ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল । তেওঁ 12 টা চাৰি আৰু 2 টা ছয় কোবাইছিল । এটা পৰ্যায়ত ৱেষ্ট ইণ্ডিজৰ 50 ৰানৰ 3 উইকেট কম আছিল যদিও তাৰ পাচত ক্লাইভ লয়ডে অগ্ৰগতি লাভ কৰি ৰোহন কানহাইৰ সৈতে চতুৰ্থ উইকেটত 149 ৰান সংযোজন কৰে ।

292 ৰানৰ লক্ষ্য খেদি খেদি অষ্ট্ৰেলিয়াই 274 ৰানত বল আউট হোৱাৰ লগতে ৱেষ্ট ইণ্ডিজে প্ৰথম বিশ্বকাপত জয়লাভ কৰে । ফাইনেলত ক্লাইভ লয়ডক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।

বিশ্বকাপ 1979 : ইংলেণ্ড বনাম ভিভ ৰিচাৰ্ডছ 138 নট আউট

দ্বিতীয় বিশ্বকাপৰ ফাইনেল খেলখন লৰ্ডছত ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হয় । 1979 চনৰ 23 জুনত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ইংলেণ্ডে টছত জয়লাভ কৰি ফিল্ডিং কৰিবলৈ বাছি লয় । ইংৰাজ দলটোৰ এই সিদ্ধান্তক সম্পূৰ্ণ ভুল বুলি প্ৰমাণ কৰি ছাৰ ভিভ ৰিচাৰ্ডছে অপৰাজিত হৈ 138 ৰান সংগ্ৰহ কৰে ।

ৰিচাৰ্ডছে 157 টা বলত 11 টা চাৰি আৰু তিনিটা ছয় কোবায় । ৱেষ্ট ইণ্ডিজে 286/9 ৰান কৰে । ইয়াৰ উত্তৰত ইংলেণ্ডে 194 ৰান সংগ্ৰহ কৰি অল আউট হয় । ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক 92 ৰানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰে । ছাৰ ভিভ ৰিচাৰ্ডছক তেওঁৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।

বিশ্বকাপ 1996 : অষ্ট্ৰেলিয়া বনাম আৰাবিন্দ ডি ছিলভা 107 নট আউট

ষষ্ঠ ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখন লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হয় । শ্ৰীলংকাই টছত জয়লাভ কৰি ফিল্ডিং কৰিবলৈ বাছি লয় আৰু অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 50 অভাৰত 241/7 গ’ল দিয়ে । শ্ৰীলংকাৰ হৈ অৰবিন্দ ডি ছিলভাই 124 বলত 107 ৰান সংগ্ৰহ কৰি মেচ বিজয়ী ইনিংছ খেলিছিল । তেওঁ 13 টা চাৰি কোবাইছিল আৰু এই ৰানে শ্ৰীলংকাক প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নৰ মুকুট পিন্ধাইছিল ।

শ্ৰীলংকাই 46.2 অভাৰত 245/3 গ’ল দি অষ্ট্ৰেলিয়াক 7 উইকেটত পৰাস্ত কৰে । এই মেচ বিজয়ী প্ৰচেষ্টাৰ বাবে ডি ছিলভাক মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।

বিশ্বকাপ 2003 : ভাৰত বনাম ৰিকি পণ্টিং 140 নট আউট

2003 চনৰ বিশ্বকাপত 20 বছৰ ধৰি ভাৰতে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকি পণ্টিঙে তেওঁলোকৰ বিশ্ব চেম্পিয়ন হোৱাৰ বাটত প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছিল । 2003 চনৰ 23 মাৰ্চত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা খেলত ভাৰতৰ অধিনায়ক সৌৰভ গাংগুলীয়ে টছত জয়লাভ কৰি বলিং কৰিবলৈ সিদ্ধান্ত লয় ।

অষ্ট্ৰেলিয়াই 359/2 ৰান সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াৰ অধিনায়ক ৰিকি পণ্টিঙে 4 টা বাউণ্ডেৰী আৰু 8 টা ছয়ৰ সহায়ত 121 টা বলত অপৰাজিত 140 ৰান সংগ্ৰহ কৰে । অষ্ট্ৰেলিয়াই ভাৰতক 360 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । ইয়াৰ উত্তৰত ভাৰতে 234 ৰানত অল আউট হয় আৰু অষ্ট্ৰেলিয়াই 125 ৰানত জয়লাভ কৰি দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় । ৰিকি পটিঙে তেওঁৰ অপৰাজিত শতকৰ বাবে মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ।

বিশ্বকাপ 2007 : এডাম গিলক্ৰিষ্টে 149 ৰান বনাম শ্ৰীলংকা

ৱেষ্ট ইণ্ডিজত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় নৱম ক্ৰিকেট বিশ্বকাপ । 2007 চনৰ 28 এপ্ৰিলত ব্ৰীজটাউনত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকাৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয় । অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি বেটিং কৰিবলৈ বাছি লয় আৰু শ্বাছবাকলিং অ’পেনাৰ এডাম গিলখ্ৰীষ্টে 104 বলত 149 ৰান সংগ্ৰহ কৰি অধিনায়ক ৰিকি পণ্টিঙৰ সিদ্ধান্তক শুদ্ধ বুলি প্ৰমাণ কৰে ।

খেলুৱৈগৰাকীয়ে 13 টা চাৰি আৰু 8 টা ছয় কোৱায় ৷ বৰষুণ কৰ্তন কৰাৰ পিচত মেচখনৰ বাবে নিৰ্ধাৰণ কৰা হয় 38 অভাৰ ৷ অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত অভাৰত 281/4 ৰান সংগ্ৰহ কৰে । ইয়াৰ উত্তৰত শ্ৰীলংকাই 215/8 ৰান সংগ্ৰহণ কৰে ৷ অষ্ট্ৰেলিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত 53 ৰানত জয়লাভ কৰে । গিলখ্ৰীষ্টক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় ।

বিশ্বকাপ 2011 : ভাৰত বনাম মহেলা জয়ৱৰ্ধনে 103 নট আউট

বিশ্বকাপৰ এইখন ফাইনেল খেল ভাৰতৰ আইকনিক ৱানখেড়ে ষ্টেডিয়ামত 2011 চনৰ 2 এপ্ৰিলত অনুষ্ঠিত হৈছিল ।শ্ৰীলংকাক 6 উইকেটত পৰাস্ত কৰি ভাৰত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় । শ্ৰীলংকাই টছত জয়লাভ কৰি বেটিং কৰিবলৈ বাছি লয় ।

অধিনায়ক মাহেলা জয়ৱৰ্ধনে 88 বলত 103 ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ দলটোৱে সংগ্ৰহ কৰে 274/6 ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে চাৰি উইকেটত জয়লাভ কৰাৰ পিচতে মহেলা জয়ৱৰ্ধনৰ শতক অসাৰ প্ৰতিপন্ন হয় ।

শতক অৰ্জন কৰিছে দুজন অধিনায়কে

বিশ্বকাপৰ ফাইনেলত এতিয়ালৈকে দুজন অধিনায়কে শতক অৰ্জন কৰিছে- 1975 চনৰ বিশ্বকাপৰ ফাইনেলত ছাৰ ক্লাইভ লয়ড আৰু 2003 চনৰ বিশ্বকাপৰ ফাইনেলত ৰিকি পণ্টিং ।

এইবাৰ কোনে শতক অৰ্জন কৰিব?

আজি সমগ্ৰ ভাৰতবাসীৰ মন-মগজু আৱদ্ধ বিশ্বকাপ 2023 ৰ ফাইনেলত, য’ত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব । তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ’ব বুলি আশা কৰা খেলখনক লৈ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ বৃদ্ভি হৈছে জল্পনা-কল্পনাৰ ৷ দুয়োটা দলৰ বহু যুৱ বেটছমেন আছে ।

ভাৰতীয় দলটোত অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী, শুবমান গিল, কে এল ৰাহুলৰ দৰে বেটছমেন থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া দলটোত আঠে ডেভিদ ৱাৰ্নাৰ, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড আৰু গ্লেন মেক্সৱেলৰ দৰে যুৱ প্ৰতিভা ৷ ফাইনেলত কোনজন খেলুৱৈয়ে শতক অৰ্জন কৰে সেয়া হ’ব এক গুৰুত্বপূৰ্ণ বিষয় । এই পৰ্যন্ত বিশ্বকাপৰ ছয়খন ফাইনেলত কোনো বেটছমেনে শতক অৰ্জন কৰা নাই ৷

লগতে পঢ়ক : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখন হ’ব ৰোমাঞ্চকৰ : প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.