ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখন হ’ব ৰোমাঞ্চকৰ : প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰী
Published: Nov 19, 2023, 6:56 AM

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখন হ’ব ৰোমাঞ্চকৰ : প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰী
Published: Nov 19, 2023, 6:56 AM
ফাইনেল খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে ভাৰতীয় দলটোলৈ অভিনন্দন জনালে পশ্চিমবংগ চৰকাৰৰ যুৱ সেৱা আৰু ক্ৰীড়া মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে ৷ দেওবাৰৰ দুপৰীয়া 2 বজাৰ পৰা অনুষ্ঠিত হ’ব আইচিচি এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেল খেলখন (India vs Australia World Cup 2023 final) ৷
স্পৰ্টছ ডেস্ক, 19 নৱেম্বৰ : দেওবাৰে অনুষ্ঠিত হ’ব আইচিচি এদিনীয়া বিশ্বকাপ 2023 ৰ ফাইনেল খেলখন ৷ আহমেদাবাদস্থিত বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ’বলগীয়া ফাইনেল খেলখনক লৈ ক্ৰিকেচ অনুৰাগীৰ লগতে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত উন্মাদনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ বিচিচিআইৰ সদস্য, প্ৰাক্তন ক্ৰিকেটাৰ, সাংসদ, ৰাজনৈতিক নেতা আৰু অভিনেতাসকলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ফাইনেল খেলখনৰ বাবে দলটোলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া আই চি চি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে পশ্চিমবংগ চৰকাৰৰ যুৱ সেৱা আৰু ক্ৰীড়ামন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে ভাৰতীয় দলটোলৈ অভিনন্দন জনাই কয় যে চূড়ান্ত খেলখন অতি ৰোমাঞ্চকৰ হ’ব ।
প্ৰাক্তন ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে কয়, "টিম ইণ্ডিয়ালৈ অভিনন্দন । এই মেচখন (ফাইনেল) অতি ৰোমাঞ্চকৰ হ'ব । অষ্ট্ৰেলিয়া এটা শক্তিশালী দল ৷ আনহাতে, ভাৰতীয় দলটোৱে 10 খন মেচ খেলি আটাইকেইখনতে জয়ী হৈছে বাবে খেলখন তীব্ৰ প্ৰতিদ্বন্দী হ’ব আৰু ক্ৰিকেট প্ৰেমীসকলে এই মেচখন যথেষ্ট উপভোগ কৰিব’’ ।
তিৱাৰীয়ে লগতে কয়, "ভাৰতীয় দলৰ প্ৰতিগৰাকী খেলুৱৈৰে প্ৰদৰ্শন ভাল ৷ ৰোহিত শৰ্মাৰ অধিনায়কত্বও ভাল ৷ মহম্মদ চামীৰ বলিং প্ৰতিভা সঁচাকৈয়ে চমকপ্ৰদ’’ ।
উল্লেখ্য যে, বুধবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে 70 ৰাণৰ বৃহৎ ব্যৱধানত ভাৰতে ফাইনেলত প্ৰৱেশ কৰে । ৰোহিত শৰ্মা আৰু শুভমান গিলৰ চমকপ্ৰদ আৰম্ভণিৰ পাচত বিৰাট কোহলী আৰু শ্ৰেয়ছ আয়াৰে শতক অৰ্জনেৰে ভাৰতক এক বৃহৎ লক্ষ্যৰ দিশে আগুৱাই লৈ যায় ।
আজি অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় দলটোত থাকিব - ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়ছ আয়াৰ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ চামী, ৰবিচন্দ্ৰন অশ্বিন, ঈশান কিষান, প্ৰসিদ্ধ কৃষ্ণ, সূৰ্যকুমাৰ যাদৱ ৷
