ETV Bharat / sports

ICC Womens T20 World Cup 2023 : খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ

author img

By

Published : Feb 12, 2023, 1:15 PM IST

ICC Womens T20 World Cup 2023
খেলপথাৰত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৩ত ভাৰতে প্ৰথমখন খেল পাকিস্তানৰ বিৰুদ্ধে খেলিব (India women vs Pakistan women)। কেপ টাউনৰ নিউলেণ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব ৰোমাঞ্চকৰ খেলখন । হৰমনপ্ৰীত কৌৰ বাহিনীৰ ওপৰত ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ থাকিব ।

স্পৰ্টছ ডেস্ক,১২ ফেব্ৰুৱাৰী : আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৩ৰ খিতাপ অৰ্জনৰ দৌৰত আজি অৱতীৰ্ণ হ'ব ভাৰতীয় দল (ICC Womens T20 World Cup 2023)। টি-২০ বিশ্বকাপৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা দলটো পাকিস্তানৰ মুখামুখি হ'ব । ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ চতুৰ্থখন খেল সন্ধিয়া ৬.৩০ বজাত কেপ টাউনৰ নিউলেণ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব ।

এই প্ৰতিযোগিতাখনত ভাৰতীয় দলটোৰ এইখন প্ৰথম খেল যদিও বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ থাকিব দলটোৰ ওপৰত । কিয়নো যোৱা মাহত ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত আইচিচি ১৯ বছৰ অনুৰ্ধৰ মহিলা টি-২০ বিশ্বকাপত এক ঐতিহাসিক বিজয় সাব্যস্ত কৰিছিল (ICC Womens T20 World Cup 2023 under 19)। তেতিয়াৰে পৰা হৰমনপ্ৰীত কৌৰ আৰু বাকী দলৰ সদস্যসকলৰো মনোবল বৃদ্ধি পাইছে । ১৯ বছৰ অনুৰ্ধৰ মহিলা দলটোৰ দৰে হৰমনপ্ৰীত কৌৰৰ নেতৃত্বৰ দলটোৰো আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৩ৰ খিতাপ অৰ্জনৰ চেষ্টা অব্যাহত থাকিব ।

শেফালী বাৰ্মাৰ অধিনায়কত্বত ভাৰতীয় মহিলা দলে অনুৰ্ধ-১৯ মহিলা টি-২০ বিশ্বকাপ জয়ী হৈছিল । একে সময়তে, মহিলা টি-২০ বিশ্বকাপ ২০২৩ত সকলোৰে দৃষ্টি এতিয়া অধিনায়ক হৰমনপ্ৰীত কৌৰৰ ওপৰত আছে । মহিলাৰ টি-২০ বিশ্বকাপ ২০২০ টুৰ্ণামেণ্টত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াত পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল । সেয়েহে, ভাৰতীয় মহিলা দলটোৱে এইবাৰ খিতাপ অৰ্জনৰ বাবে যিমান সম্ভৱ চেষ্টা চলাব ।

আজিৰ খেলখনত, স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীতক লৈ কিছু চিন্তা দেখা গৈছে (Harmanpreet Kaur injured)। কিয়নো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহিলাৰ ত্ৰিদেশীয় শৃংখলাৰ ফাইনেলত পৰাজয়ৰ সন্মুখীন হোৱাৰ সময়ত হৰমনপ্ৰীতে তেওঁৰ বাওঁ কান্ধত আঘাত পাইছিল । একে সময়তে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা ৱাৰ্ম-আপ মেচখনত স্মৃতিয়ে বাওঁ হাতৰ আঙুলিত গুৰুতৰ আঘাত পাইছিল ।

সেয়ে মহিলা টি-২০ বিশ্বকাপ ট্ৰফী জয়ী হ'বলৈ ভাৰতীয় দলটোক শ্বেফালী, ৰিচা আৰু জেমিমা ৰড্ৰিগছৰ শক্তিশালী প্ৰদৰ্শন অতি গুৰুত্বপূৰ্ণ হ'ব (Indian Womens Cricket team)। ইয়াৰ উপৰিও, আন খেলুৱৈসকলেও হৰমনপ্ৰীত আৰু স্মৃতিক সমৰ্থন জনাব লাগিব । ইফালে দীপ্তিয়ে বেটিং আৰু বলিঙৰ সৈতে তেওঁৰ উন্নত ফৰ্ম অব্যাহত ৰাখিব লাগিব । ৰেণুকা ঠাকুৰ, পূজা বস্ত্ৰকাৰ আৰু শিখা পাণ্ডেয়ে বলিঙত দলটোৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

স্পিনাৰৰ ক্ষেত্ৰতো দীপ্তিক ৰাজেশ্বৰী গায়কৱাড, দেৱিকা বৈদ্য আৰু হৰমনপ্ৰীত আৰু শ্বেফালীৰ প্ৰয়োজন হ'ব । মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ খেলসমূহ ষ্টাৰ স্পৰ্টছ আৰু হটষ্টাৰত সম্প্ৰচাৰ কৰা হ'ব ।

ভাৰতীয় দল (Indian Womens Cricket team):

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা, শ্বেফালী বাৰ্মা, য়াস্তিকা ভাটিয়া, ৰিচা ঘোষ, জেমিমা ৰড্ৰিগছ, হাৰলীন দেওল, দীপ্তি শৰ্মা, দেৱিকা বৈদ্য, ৰাধা যাদৱ, ৰেণুকা সিং, অঞ্জলি চাৰৱানী, পূজা বস্ত্ৰকাৰ, ৰাজেশ্বৰী গায়কৱাড, শিখা পাণ্ডে।

পাকিস্তান দল (Pakistan Womens Cricket team):

বিছমাহ মাৰুফ (অধিনায়ক), আইমান আনৱাৰ, আলিয়া ৰিয়াজ, আয়েশা নাছিম, সদাফ শামাস, ফাতিমা ছানা, জাভেৰিয়া খান, মুনিবা আলী, নাশ্ৰা সান্ধু, নিদা দাৰ, ওমিমা চোহেল, সাদিয়া ইকবাল, চিদ্ৰা আমিন, চিদ্ৰা নাৱাজ, তুবা হাছান।

লগতে পঢ়ক :Gymnast Deepa Karmakar banned by the ITA : আপত্তিজনক দ্ৰব্য সেৱনৰ বাবে নিষিদ্ধ ঘোষণা দীপা কৰ্মকাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.