ETV Bharat / sports

Jasprit Bumrah comeback : ২২ গজলৈ কেতিয়া উভতিব বুমৰাহ ?

author img

By

Published : Jun 19, 2023, 1:37 PM IST

Jasprit Bumrah comeback
২২ গজলৈ কেতিয়া উভতিব বুমৰাহ

দ্ৰুতগতিত আৰোগ্য লাভ কৰিছে যশপ্ৰীত বুমৰাহে । পুনৰ ভাৰতীয় দলত তেওঁ চাবলৈ আগ্ৰহেৰে ৰৈ আছে খেলুৱৈগৰাকীৰ অনুৰাগী । এদিনীয়া বিশ্বকাপ ২০২৩ৰ পূৰ্বে দললৈ উভতি অহাৰ পূৰ্ণ সম্ভাৱনা আছে ।

স্পৰ্টছ ডেস্ক,১৯ জুন : আঘাতৰ বাবে দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ পৰা বাহিৰত আছে দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহ । যশপ্ৰীত বুমৰাহ কেতিয়া দললৈ উভতিব তাৰে অপেক্ষা কৰি আছে একাংশ ক্ৰীড়াপ্ৰেমীয়ে । সেই সকল ক্ৰীড়াপ্ৰেমী লগতে ভাৰতীয় দলৰ বাবে সুখবৰ । দ্ৰুত আৰোগ্য হৈছে বুমৰাহ । ভাৰতীয় দললৈ উভতি যোৱাৰো প্ৰস্তুতি আৰম্ভ কৰিছে খেলুৱৈগৰাকীয়ে ।

বুমৰাহৰ অনুৰাগীসকলৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ আৰু আনন্দৰ খবৰ । সোনকালে মৰমৰ খেলুৱৈগৰাকীক খেলপথাৰত খেলি থকা চাবলৈ গভীৰ আগ্ৰহেৰে ৰৈ আছে অনুৰাগীসকল । বুমৰাহে এই বছৰৰ এদিনীয়া বিশ্বকাপ ২০২৩ ৰ পূৰ্বে দললৈ উভতি আহিব পাৰে । আগষ্টত ভাৰতীয় দলে আয়াৰলেণ্ডৰ বিৰুদ্ধে ৩ খন টেষ্ট মেচৰ শৃংখলা খেলিব । ইয়াৰ পাছত, অক্টোবৰ-নৱেম্বৰত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব । বিশ্বকাপৰ পূৰ্বে আয়াৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাটোত বুমৰাহ দললৈ প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা আছে ।

২০২২ চনৰ ছেপ্টেম্বৰত যশপ্ৰীত বুমৰাহে ভাৰতীয় দলৰ হৈ অন্তিমখন খেল খেলিছিল । সেইখন টি-২০ খেল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈছিল । খেলখনৰ সময়ত বুমৰাহে পিঠিত আঘাত পাইছিল । দীৰ্ঘদিন ধৰি পিঠিৰ আঘাতৰ সৈতে যুঁজি থকা বুমৰাহে এই বছৰৰ মাৰ্চত তেওঁৰ অস্ত্ৰোপচাৰ কৰাইছিল । তাৰ পাছত তেওঁ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত পুনৰ্বাস আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল ।

এতিয়া বুমৰাহ দ্ৰুতগতিত আৰোগ্য হৈ আছে আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে । ইয়াৰ লগতে বুমৰাহে আগষ্ট মাহত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত তিনিখন টেষ্টৰ শৃংখলাৰ পৰা দললৈ উভতি আহিব বুলি অনুমান কৰা হৈছে । শৃংখলাটো ৩১ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব ।

যশপ্ৰীত বুমৰাহ এনচিএৰ মুৰব্বী ভিভিএছ লক্ষ্মণ আৰু নিতীন পেটেলৰ তত্বাৱধানত আছে । নিতিন পেটেল ক্ৰীড়া বিজ্ঞান আৰু ঔষধ বিভাগৰ মুৰব্বী । ইয়াৰ উপৰিও, এছ ৰজনীকান্তেও বুমৰাহৰ পুনৰ্বাসৰ ওপৰত চকু ৰাখিছে । এছ ৰজনীকান্ত এগৰাকী ফিজিঅ'।

লগতে পঢ়ক :India Women vs Bangladesh Women : ৬ জুলাইৰ পৰা বাংলাদেশ আৰু ভাৰতৰ মহাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.