ETV Bharat / sports

India Women vs Bangladesh Women : ৬ জুলাইৰ পৰা বাংলাদেশ আৰু ভাৰতৰ মহাৰণ

author img

By

Published : Jun 17, 2023, 5:04 PM IST

জুলাইত বাংলাদেশ ভ্ৰমণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে । দীৰ্ঘ সময়ৰ অন্তত শ্বেৰ-এ-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব দুয়োটা দলৰ মাজত খেল ।

India Women vs Bangladesh Women
৬ জুলাইৰ পৰা বাংলাদেশ আৰু ভাৰতৰ মহাৰণ

স্পৰ্টছ ডেস্ক,১৭ জুন : অহা জুলাইত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে বাংলাদেশ ভ্ৰমণ কৰিব । ভাৰত আৰু বাংলাদেশৰ মাজত এক শৃংখলা অনুষ্ঠিত হ'ব । আটাইকেইখন খেল শ্বেৰ-এ-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে ।

যোৱা ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত মহিলা টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৫ ৰাণত পৰাজিত হোৱাৰ পাছত এয়া প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শৃংখলা হ'ব ভাৰতীয় দলটোৰ ।

বাংলাদেশ ক্ৰিকেট ব'ৰ্ডৰ মহিলা শাখাৰ সভানেত্ৰী শফিউল আলম চৌধুৰী নাদেলে এই সন্দৰ্ভত কয় যে জুলাইত ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বিৰুদ্ধে এখন শৃংখলাত মুখামুখি হ'ব দলটো । ইফালে দীৰ্ঘ সময়ৰ অন্তত শ্বেৰ-এ-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত মহিলাৰ আন্তঃৰাষ্ট্ৰীয় মেচ আয়োজনৰ পৰিকল্পনা কৰা হৈছে । এক প্ৰতিবেদনত কোৱা হৈছে যে ১১ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে শ্বেৰ-এ-বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত মহিলাৰ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হ'ব । ভাৰত আৰু বাংলাদেশৰ মাজৰ সকলোবোৰ খেল দিবা নৈশ হ'ব । ২০১২ চনত শেষবাৰৰ বাবে বাংলাদেশৰ মহিলা দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই ষ্টেডিয়ামত খেলিছিল ।

সূত্ৰৰ মতে ভাৰতীয় দলটোৱে ৬ জুলাইত ৩ খন এদিনীয়া আৰু ৩ খন টি-২০ মেচ খেলিবলৈ ঢাকাত উপস্থিত হ'ব । টি-২০ মেচ ৯, ১১ আৰু ১৩ জুলাইত অনুষ্ঠিত হ'ব । আনহাতে ৩ খন এদিনীয়া খেল ১৬, ১৯ আৰু ২২ জুলাইত অনুষ্ঠিত হ'ব । বাংলাদেশৰ বিৰুদ্ধে ভাৰতীয় দলটোৰ এই শৃংখলাক লৈ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।

ভাৰতীয় মহিলা দলৰ সদস্যসকলে শেহতীয়াকৈ বেংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ এটা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে । য'ত ভাৰতীয় পুৰুষ দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিছিল ।

লগতে পঢ়ক :Asia Cup 2023 : পাকিস্তানত হ'ব এছিয়া কাপৰ ৪ খন খেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.