ETV Bharat / sports

Global T20 Canada Season 3 : গ্ল'বেল টি-২০-ত হৰভজন সিং-ক্ৰিছ গেইলকে ধৰি বহু প্ৰাক্তন তাৰকা

author img

By

Published : Jun 15, 2023, 6:58 PM IST

বিশ্ব ক্ৰিকেটৰ দুজন প্ৰাক্তন কিংবদন্তী হৰভজন সিং আৰু ক্ৰিছ গেইলে আগন্তুক গ্ল'বেল টি-২০ কানাডা ২০২৩-ৰ তৃতীয় ছিজনত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে । অনুৰাগীসকলে পুনৰবাৰ এই দুগৰাকী খেলুৱৈৰ বল আৰু বেটৰ যাদু দেখিব । হৰভজন সিঙে এই লীগত ব্ৰেম্পটন উলভছ দলৰ হৈ খেলিব ।

Global T20 Canada Season 3
Global T20 Canada Season 3

স্প'ৰ্টছ ডেস্ক, ১৫ জুন : প্ৰাক্তন ভাৰতীয় অফ স্পিনাৰ হৰভজন সিং আৰু ৱেষ্ট ইণ্ডিজৰ বেটছমেন ক্ৰিছ গেইলক পুনৰবাৰ দেখা যাব ক্ৰিকেট ফিল্ডত । এই দুয়োগৰাকী প্ৰাক্তন ক্ৰিকেটাৰক আগন্তুক গ্ল'বেল টি-২০ কানাডা ২০২৩ লীগত খেলপথাৰত দেখা পোৱা যাব । উল্লেখ্য, ২০২৩ চনৰ লীগ টুৰ্ণামেণ্টৰ তৃতীয় ছিজন ২০ জুলাইৰ পৰা ৬ আগষ্টলৈ অনুষ্ঠিত হ'ব । কৰোনাৰ বাবে বিগত তিনি বছৰত এই লীগৰ এটাও ছিজন খেলা হোৱা নাই । যাৰ বাবে কানাডাৰ ক্ৰিকেট অনুৰাগীসকলে এই টি-২০ লীগৰ আৰম্ভণিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

এইবাৰৰ লীগত ক্ৰিছ গেইলে নতুন দল মিচিচাংগা পেন্থাৰছৰ হৈ খেলিব । আনহাতে, হৰভজন সিঙক খেলুৱৈৰ নিলামত ব্ৰেম্পটন উলভছে ক্ৰয় কৰিছে । আগন্তুক গ্ল'বেল টি-২০ কানাডা ২০২৩-ৰ বাবে বুধবাৰে প্ৰস্তুত কৰা মাৰ্কি খেলুৱৈৰ তালিকাত আছে আন্দ্ৰে ৰাছেল, ক্ৰিছ গেইল, হৰভজন সিং, শ্বাহিদ আফ্ৰিদি আৰু চাকিব আল হাছান । এই লীগখন ২০ জুলাইৰ পৰা ৬ আগষ্টলৈ অণ্টাৰিঅ'ৰ ব্ৰেম্পটনত অনুষ্ঠি হ'ব । লীগখন ১৮ দিন ধৰি চলিব আৰু মুঠ ২৫ খন মেচত ছয়টা ফ্ৰেঞ্চাইজীয়ে অংশগ্ৰহণ কৰিব । আনহাতে, ২০১৯ চনত প্ৰতিযোগিতাখনত থকা উইনিপেগ হক্স আৰু এডমণ্টন ৰয়েলছ ফ্ৰেঞ্চাইজী দুটা বৰ্তমান নাই । বৰ্তমান দল দুটাৰ স্থান লৈছে ছাৰে জাগুৱাৰ আৰু মিচিচাগা পেন্থাৰছে ।

প্ৰতিটো দলত সম্পূৰ্ণ আৰু আইচিচি সহযোগী সদস্য দেশৰ ১৬ জন খেলুৱৈ আছে । দলবোৰত ছয়জন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আছে, যাৰ ভিতৰত আছে দুজন মাৰ্কি তাৰকা, চাৰিজন সহযোগী ৰাষ্ট্ৰৰ খেলুৱৈ আৰু ছয়জন কানাডিয়ান ক্ৰিকেটাৰ । চাকিব, ৰাছেল আৰু ক্ৰিছ লিনে মণ্ট্ৰিয়েল টাইগাৰ্ছৰ হৈ খেলিব । নিউজীলেণ্ডৰ প্ৰাক্তন অলৰাউণ্ডাৰ কলিন ডি গ্ৰেণ্ডহোমৰ সৈতে এই ছিজনত ব্ৰেম্পটন উলভছৰ বাবে হৰভজন হ'ব শীৰ্ষ খেলুৱৈ । টৰণ্টো নেচনেলছত নিউজীলেণ্ডৰ বিশ্বস্ত বিগ হিটাৰ কলিন মুনৰোৰ সৈতে আফ্ৰিদিক দেখা যাব ।

আনহাতে, মিচিচাগা পেন্থাৰছে গেইল আৰু ছোৱেব মালিকৰ খেল প্ৰদৰ্শন কৰাব । ছাৰেত পাকিস্তানৰ শীৰ্ষ অৰ্ডাৰৰ বেটছমেন ইফতিখাৰ আহমেদৰ লগতে সোঁহতীয়া অ'পেনাৰ এলেক্স হেলছ থাকিব । আনহাতে, ভেঙ্কুভাৰ নাইটছে পাকিস্তানৰ উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱান আৰু দক্ষিণ আফ্ৰিকাৰ বেটছমেন ৰাছি ভান ডাৰ ডুচনক এই সংস্কৰণৰ বাবে তেওঁলোকৰ মাৰ্কি খেলুৱৈ হিচাপে লৈছে ।

ব্ৰেম্পটন উলভছ : হৰভজন সিং, কলিন ডি গ্ৰেণ্ডহোম, টিম ছাউডি, মাৰ্ক ছিনক্লেয়াৰ চেপমেন, ওছমা মীৰ, হুছেইন তালাত, ওচমান খান, লোগান ভান বীক, জান নিকোলাছ ফ্ৰাইলিংক, মেক্স অ'ডউড, জেৰেমি গৰ্ডন, এৰন জনছন, ৰিজৱান চিমা, শ্বাহিদ আহমেদজাই, ঋষি যোশী আৰু গুৰপাল সিং সান্ধু ।

মণ্ট্ৰিয়েল টাইগাৰ্ছ : আন্দ্ৰে ৰাছেল, চাকিব আল হাছান, ক্ৰিছ লিন, শ্বেৰফানে ৰাডাৰফ'ৰ্ড, কাৰ্লোছ ব্ৰেথৱেট, মহম্মদ আব্বাছ আফ্ৰিদি, জাহিৰ খান, মহম্মদ ৱাছিম, আয়ন খান, দীপেন্দ্ৰ এয়াৰী, কলিম ছানা, শ্ৰীমন্থা উইজেৰাটনে, মেথিউ স্পোৰেছ, ভূপেন্দ্ৰ সিং, দিলপ্ৰীত সিং, অনুপ চীমা ।

মিচিচাগা পেন্থাৰছ : ছোৱেব মালিক, ক্ৰিছ গেইল, আজম খান, জেমছ নিছাম, কেমেৰুন স্কট ডেলপোৰ্ট, শ্বাহনাৱাজ দাহানি, জহুৰ খান, টম কুপাৰ, চেচিল পাৰভেজ, জস্কৰণদীপ সিং বুট্টাৰ, নৱনীত ধালিৱাল, নিখিল দত্ত, শ্ৰেয়াছ মোৱা, প্ৰবীণ কুমাৰ, মিহিৰ পেটেল, ইথান গিবচন।

চাৰে জাগুয়াৰ্ছ : এলেক্স হেলছ, ইফতিখাৰ আহমেদ, জেচন বেহৰেনডৰ্ফ, লিটন কুমাৰ দাস, কৰিম জানত, মহম্মদ হাৰিছ, সন্দীপ লামিছানে, আয়ান খান, যতিন্দৰ সিং, বাৰ্ণাৰ্ড স্কলটজ, পাৰ্গত সিং, দিলান হেলিগাৰ, আম্মাৰ খালিদ, ছানি মাথাৰু, শীল পেটেল, কৈৰৱ শৰ্মা।

টৰণ্টো নেচনেল : কলিন মুনৰো, শ্বাহিদ আফ্ৰিদি, ফজল হক ফাৰুকি, জামান খান, চাইম আয়ুব, আব্দুল্লাহ চফিক, হামজা তাৰিক, গেৰহাৰ্ড ইৰাচমাছ, জোহানেছ জনাথন স্মিথ, ফাৰহান মালিক, চাদ বিন জাফৰ, নিকোলাছ কিৰটন, অৰমান কাপুৰ, শৰ্মাদ আনৱাৰ, ৰোমেল শ্বাহজাদ, উদয় ভগৱান ।

ভেঙ্কুভাৰ নাইটছ : মহম্মদ ৰিজৱান, ৰাছি ভান ডাৰ ডুচন, নভিন উল হক, ৰীজা ৰাফেল হেণ্ড্ৰিক্স, কৰ্বিন বছ, নাজিবুল্লা জাদৰান, জুনেইদ চিদ্দিকী, বৃতি অৰবিন্দ, কাৰ্তিক মেয়াপ্পন, ৰুবেন ট্ৰাম্পমেন, ৰবীন্দ্ৰপাল সিং, হৰ্ষ থাকাৰ, ৰিয়ান পাঠান, নৱাব সিং, মুহাম্মাদ কমল আৰু কানৱাৰ তাথাগুৰ ।

লগতে পঢ়ক :Archery World Cup 2023 : আৰ্চাৰীত বিশ্ব অভিলেখ অদিতি গোপীচান্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.