ETV Bharat / bharat

Archery World Cup 2023 : আৰ্চাৰীত বিশ্ব অভিলেখ অদিতি গোপীচান্দৰ

author img

By

Published : Jun 15, 2023, 1:10 PM IST

১৬ বছৰীয়া ভাৰতীয় ধনুৰ্বিদ অদিতি গোপীচান্দ স্বামীয়ে বিশ্বৰ বুকুত দেশৰ নাম উজ্জ্বল কৰি তুলিছে । কলম্বিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ, ২০২৩-ত অদিতিয়ে কম্পাউণ্ড মহিলা শ্ৰেণীত অনূৰ্ধ্ব-১৮ বিশ্ব ৰেকৰ্ড ভংগ কৰিছে । যাৰ বাবে তেওঁৰ নাম এতিয়া বিশ্ব অভিলেখৰ পৃষ্ঠাত লিপিবদ্ধ হৈছে ।

Archery World Cup 2023
Archery World Cup 2023

স্পৰ্টছ ডেস্ক, ১৫ জুন : ভাৰতৰ যুৱ ধনুৰ্বিদ অদিতি গোপীচান্দ স্বামীয়ে আৰ্চাৰী বিশ্বকাপ, ২০২৩-ত তেওঁৰ উজ্জ্বীৱিত প্ৰদৰ্শনেৰে দেশৰ নাম উজলাই তুলিছে । কলম্বিয়াৰ মেডেলিনত অনুষ্ঠিত অনূৰ্ধ্ব-১৮ বিশ্বকাপত অদিতি স্বামীৰ উৎকৃষ্ট প্ৰদৰ্শনে এতিয়া বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে । প্ৰতিযোগিতাখনৰ তৃতীয় পৰ্যায়ত মহিলাৰ কম্পাউণ্ড যোগ্যতা অৰ্জন ৰাউণ্ডত অদিতিয়ে পূৰ্বৰ অনূৰ্ধ্ব-১৮ বিশ্ব অভিলেখ ভংগ কৰে । যাৰ দ্বাৰা অদিতি স্বামীয়ে বিশ্বৰ বুকুত দেশৰ গৌৰৱ বৃদ্ধি কৰিছে । উল্লেখ্য, মাত্ৰ ১৬ বছৰ বয়সতে অদিতিয়ে এই কৃতিত্ব অৰ্জন কৰিছে ।

১৬ বছৰীয়া উদীয়মান ধনুৰ্বিদ অদিতি গোপীচান্দ স্বামীয়ৰ আৰ্চাৰী বিশ্বকাপত এই বিশেষ সাফল্য অৰ্জনত নিজৰ ছ'চিয়েল মিডিয়াত প্ৰাক্তন ভাৰতীয় খেলুৱৈ তথা তেওঁৰ অনুৰাগীসকলে যথেষ্ট প্ৰশংসা কৰিছে । উল্লেখ্য, মঙলবাৰে কলম্বিয়াত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অদিতি স্বামীয়ে মুঠ ৭২০ পইণ্টৰ ভিতৰত ৭১১ পইণ্ট অৰ্জন কৰে আৰু ৭২-কাঁড়ৰ যোগ্যতাত শীৰ্ষস্থান দখল কৰে । লগে লগে অদিতিয়ে যোৱা মে' মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেইকো এৰিওলাই স্থাপন কৰা ৭০৫ পইণ্টৰ পূৰ্বৰ সৰ্বশ্ৰেষ্ঠ অভিলেখ অতিক্ৰম কৰে । অদিতিয়ে প্ৰথম পৰ্যায়ৰ বিজয়ী তথা স্বদেশৰ প্ৰতিদ্বন্দ্বী জ্যোতি সুৰেখা ভেনম আৰু আয়োজক দেশখনৰে ধনুৰ্বিদ ছাৰাহ লোপেজক অতিক্ৰম কৰি শীৰ্ষস্থান দখলেৰে যোগ্যতা অৰ্জন কৰে ।

নিজৰ সফলতাৰ পিছত অদিতিয়ে কয় যে ধনুৰ্বিদ্যাত এই বিশেষ অভিলেখ অৰ্জন কৰি তেওঁ অত্যন্ত সুখী অনুভৱ কৰিছে । অৱশ্যে তেওঁ এনে কোনো ৰেকৰ্ডৰ অধিকাৰী হ'ব বুলি কেতিয়াও ভবা নাছিল বুলিও উল্লেখ কৰে । আনহাতে, ধনুৰ্বিদ্যাত নিজৰ স্ক'ৰক লৈ আনন্দ প্ৰকাশ কৰি অদিতিয়ে কয়, "১৬ বছৰ বয়সত এইটো কৰাটো মোৰ বাবে গৌৰৱৰ বিষয় ।" ইফালে এণ্টালিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ, ২০২৩-ৰ প্ৰথম পৰ্যায়ৰ মহিলাৰ কম্পাউণ্ড ইভেণ্টৰ যোগ্যতা অৰ্জন ৰাউণ্ডত বিশ্ব ৰেকৰ্ডৰ স্ক'ৰ অতিক্ৰম কৰা জ্যোতিয়ে ৭০৮ স্ক'ৰেৰে দ্বিতীয় স্থান লাভ কৰে । আন এগৰাকী আৰ্চাৰ পৰণীত কৌৰে ৭০০ পইণ্টেৰে ষষ্ঠ স্থান লাভ কৰে ।

উল্লেখ্য, জ্যোতি, অদিতি আৰু পৰণীতক লৈ গঠিত ভাৰতীয় মহিলা কম্পাউণ্ড দলটোৱে ২১১৯ পইণ্টেৰে যোগ্যতা অৰ্জন ৰাউণ্ডত শীৰ্ষস্থান দখল কৰে । দলটোৱে অৱশ্যে বিগত সপ্তাহত ছিংগাপুৰত কোৰিয়াই স্থাপন কৰা বিশ্ব অভিলেখৰ পৰা মাত্ৰ এক পইণ্ট দূৰৈত আছে । আনহাতে, পুৰুষৰ কম্পাউণ্ড কোৱালিফায়াৰত বছৰটোৰ প্ৰথম আৰ্চাৰী বিশ্বকাপত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন বিশ্বকাপ চেম্পিয়ন অভিষেক বাৰ্মাই ৭০৭ পইণ্ট লাভ কৰি অষ্টম স্থান দখল কৰে । ইফালে মিশ্ৰিত দলটোত অভিষেক আৰু অদিতিয়ে যুটীয়াভাৱে ১৪১৮ পইণ্ট সংগ্ৰহ কৰে । যোগ্যতা অৰ্জনত তেওঁলোক কলম্বিয়া আৰু ডেনৰ প্ৰতিযোগীতকৈ আগবাঢ়ি আছে ।

লগতে পঢ়ক :Wrestlers protest : আজি আৰক্ষীয়ে দাখিল কৰিব মল্লযুঁজাৰু যৌন নিৰ্যাতন গোচৰৰ অভিযোগনামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.