ETV Bharat / sports

ICC World Cup 2023 : আফগানিস্তানৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ দক্ষিণ আফ্ৰিকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:08 PM IST

Updated : Nov 10, 2023, 9:59 PM IST

ICC World Cup 2023
দক্ষিণ আফ্ৰিকাৰ সন্মুখত আফগানিস্তান

আইচিচি বিশ্বকাপ 2023 ৰ 42 সংখ্যক মেচত আফগানিস্তানৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰিছে দক্ষিণ আফ্ৰিকাই ৷

স্পৰ্টছ ডেস্ক, 10 নৱেম্বৰ : শুকুৰবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত চলি থকা আইচিচি বিশ্বকাপ 2023 ৰ 42 সংখ্যক মেচত আফগানিস্তানৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰিছে দক্ষিণ আফ্ৰিকাই ৷

245 ৰাণৰ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাই 5 টা উইকেট হেৰুৱাই 47.3 অভাৰত 247 ৰাণ সংগ্ৰহ কৰি জয়লাভ কৰে ৷ ৰাছি ভান ডেৰ ডুচেন প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷ ৰাছি ভান ডেৰ ডুচেনে 95 বলত 76 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

আফগানিস্তানৰ হৈ ৰছিদ খান আৰু মহম্মদ নবীয়ে 2টাকৈ উইকেট দখল কৰে ৷ মুজীব-উৰ-ৰহমানে দখল কৰে 1 টা উইকেট ৷

টছত জয়ী হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা আফগানিস্তানে নিজৰ ইনিংছ আৰম্ভ কৰি বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় ৷ অ’পেনাৰ ৰহমানউল্লাহ গুৰবাজে 25 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ ৰহমত শ্বাহে 26 ৰাণৰ বৰঙণি আগবঢ়াই ৷ অধিনায়ক হাছমতুল্লাহ শ্বাহিদীয়ে ৰাণ সংগ্ৰহত চূড়ান্ত ব্যৰ্থ হয় আৰু মাত্ৰ 2 ৰাণ সংগ্ৰহ কৰি কেশৱ মহাৰাজৰ বলত পেভিলিয়নমুখী হয় ৷

ইয়াৰ পাছতেই আজমতুল্লা ওমৰাজাই ধৈৰ্য সহকাৰে খেলি দলক এক সন্মানজনক স্থিতিত উপনীত হোৱাত সহায় কৰে ৷ ওমৰাজাই 107 টা বলত অপৰাজিত 97 ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে ৷

দক্ষিণ আফ্ৰিকাৰ হৈ গেৰাল্ড কটজীয়ে দখল কৰে 4 টা উইকেট ৷ কেশৱ মহাৰাজ আৰু লুংগী এনগিড়িয়ে দখল কৰে 2 টাকৈ উইকেট ৷ এণ্ডিল ফেহলুকৱায়োয়ে দখল কৰে 1 টা উইকেট ৷

আফগানিস্তানৰ মূল একাদশ : ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদ্ৰান, ৰহমত শ্বাহ, হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), আজমতুল্লাহ ওমৰাজা, মহম্মদ নবী, ৰছিদ খান, ইক্ৰাম আলিখিল (উইকেট কীপাৰ), মুজীব উৰ ৰহমান, নূৰ আহমদ, নবীন-উল-হক ৷

দক্ষিণ আফ্ৰিকা : কুইণ্টন ডি কক (উইকেট কীপাৰ), টেম্বা বাভুমা (অধিনায়ক), ৰাছি ভান ডেৰ ডুচেন, এইডেন মাৰ্ক্ৰাম, হেনৰিখ ক্লাচেন, এণ্ডিল ফেহলুকৱায়ো, ডেভিদ মিলাৰ, গেৰাল্ড কোটজি, কেশৱ মহাৰাজ, কাগিছ’ ৰাবাডা, লুংগি এনগিড়ি ৷

লগতে পঢ়ক : Cricket world cup 2023 : পাকিস্তানৰ আশাত চেচাঁপানী ঢালিলে নিউজীলেণ্ডে

Last Updated :Nov 10, 2023, 9:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.