ETV Bharat / sports

Cricket world cup 2023 : পাকিস্তানৰ আশাত চেচাঁপানী ঢালিলে নিউজীলেণ্ডে

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 4:19 PM IST

নিউজীলেণ্ডৰ বিৰুদ্ধে শ্ৰীলংকাৰ শোচনীয় পৰাজয়ে পাকিস্তান আৰু তেওঁলোকৰ অনুৰাগীসকলক নিৰাশ কৰিছে । যদি কোনো অলৌকিক ঘটনা নঘটে তেনহ'লে প্ৰতিযোগিতাত পাকিস্তানৰ ছেমি ফাইনেলৰ আশা একপ্ৰকাৰ ভংগ হৈছে । ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানে প্ৰথমে বেটিং কৰিলে ২৮৭ ৰাণৰ ব্যৱধানত জয়ী হ'ব লাগিব ।

Cricket world cup 2023
পাকিস্তানৰ আশাত চেচাঁপানী পেলালে নিউজীলেণ্ডে

স্পৰ্টছ ডেস্ক,১০ নৱেম্বৰ : আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ বৃহস্পতিবাৰৰ খেলখনত শ্ৰীলংকাৰ বিৰুদ্ধে নিউজীলেণ্ডৰ ৫ উইকেটৰ জয়ে তেওঁলোকৰ নেট ৰাণৰ হাৰ +০.৭৪৩ লৈ বৃদ্ধি কৰে । লগে লগে দলটোৰ ছেমি ফাইনেলত তেওঁলোকৰ স্থানো নিশ্চিত কৰে । নিউজীলেণ্ড দলে ভাৰত আৰু দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াৰ সৈতে বিশ্বকাপৰ ছেমি ফাইনেলত অৱতীৰ্ণ হোৱাটো নিশ্চিত হৈ পৰিছে ।

শ্ৰীলংকাৰ বিৰুদ্ধে নিউজীলেণ্ডৰ শক্তিশালী জয়ৰ অৰ্থ হৈছে যে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেল পৰ্যায়ৰ ৰূপৰেখা কেৱল তেতিয়াহে সলনি হ'ব পাৰিব যদি কিবা নাটকীয় ঘটনা ঘটে । ভাৰতে পইণ্ট তালিকাৰ শীৰ্ষত থাকিব বুলি আশা কৰা হৈছে, আনহাতে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থানত থাকিব । ছেমি ফাইনেলখন ১৬ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ'ব । শ্ৰীলংকাৰ বিৰুদ্ধে ব্লেক কেপছৰ জয়ৰ অৰ্থ হৈছে তেওঁলোকে চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হ'ব ।

নিউজীলেণ্ডৰ জয়ৰ পাছত ছেমি ফাইনেলত উপনীত হোৱাটো পাকিস্তানৰ সমীকৰণো প্ৰায় অসম্ভৱ হৈ পৰিছে । ইংলেণ্ডৰ বিৰুদ্ধে যদি পাকিস্তানে প্ৰথমে বেটিং কৰে, তেওঁলোকে কমেও ২৮৭ ৰাণৰ ব্যৱধানত জয়ী হ'ব লাগিব আৰু যদি তেওঁলোকে টাৰ্গেট অতিক্ৰম কৰিবলগীয়া হয় তেওঁলোকে ইংলেণ্ডক ৫০ ৰাণত অলআউট কৰিব লাগিব আৰু দুই অভাৰত টাৰ্গেট অনুসৰণ কৰিব লাগিব বা তিনি অভাৰত ১০০ ৰাণ সংগ্ৰহ কৰিব লাগিব । অৱশ্যে, এই সকলোবোৰ অসম্ভৱ যেন লাগিছে ।

ইফালে ছেমি ফাইনেলৰ বাবে আফগানিস্তানৰ সম্ভাৱনাও আটাইতকৈ কম । কিয়নো আফগানিস্তানৰ নেট ৰান ৰেট পাকিস্তানতকৈও কম । দলটোৱে শুকুৰবাৰে আহমেদাবাদত দক্ষিণ আফ্ৰিকাৰ মুখামুখি হৈছে । যদি পৰিস্থিতি একে থাকে, ভাৰতে ১৫ নৱেম্বৰত মুম্বাইত নিউজীলেণ্ডৰ মুখামুখি হ'ব আৰু তাৰ পাছত কলকাতাত দক্ষিণ আফ্ৰিকা দলটো অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :ICC World Cup 2023 : শ্ৰীলংকাৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ নিউজীলেণ্ডৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.