ETV Bharat / sports

ICC world cup 2023: নেদাৰলেণ্ডৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ আফগানিস্তানৰ

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:46 PM IST

Updated : Nov 3, 2023, 8:34 PM IST

ICC world cup 2023
আফগানিস্তান-নেদাৰলেণ্ডৰ যুঁজ

ক্ৰিকেট বিশ্বকাপৰ লীগ পৰ্যায়ৰ 34 সংখ্যক মেচখনত শুকুৰবাৰে আফগানিস্তানে নেদাৰলেণ্ডক 7 উইকেটত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি নেদাৰলেণ্ডে 46.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 179 ৰাণ ৷

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপৰ লীগ পৰ্যায়ৰ 34 সংখ্যক মেচখন শুকুৰবাৰে আফগানিস্তান আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হয় ৷ লক্ষ্ণৌৰ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী একনা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত আফগানিস্তানে নেদাৰলেণ্ডক 7 উইকেটত পৰাস্ত কৰে ৷

180 ৰাণৰ লক্ষ্য আগত লৈ নিজৰ ইনিংছ মুকলি কৰি আফগানিস্তানে 31.3 অভাৰতে 3 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ অধিনায়ক হাছমাতুল্লাহ শ্বাহিদীয়ে 64 টা বলত 56 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ইফালে ৰহমত শ্বাহে 54 টা বলত 52 ৰাণৰ বৰঙণি আগবঢ়াই ৷ আজমতুল্লাহ ওমৰাজাই 28 বলত 31 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ মহম্মদ নবী প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

ডাচ্চ বাহিনীৰ হৈ লগান ভান বিক, ৰ’লফ ভান ডেৰ মেৰৱে আৰু চাকিব জুলফিকাৰে 1টাকৈ উইকেট দখল কৰে ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ডাচ্চ বাহিনীয়ে বিস্ফোৰক আৰম্ভণি কৰিছিল যদিও আফগানিস্তানৰ নিয়ন্ত্ৰিত বলিঙে দলটোক 179 ৰাণতে সীমাবদ্ধ কৰি ৰাখে ৷ দলটোৰ হৈ ছাইব্ৰাণ্ড এংগেলব্ৰেচ্টে সাৰ্বাধিক 58 ৰাণ সংগ্ৰহ কৰে ৷ মেক্স অডউডে 42 ৰাণ সংগ্ৰহ কৰি ৰাণ আউটৰ চিকাৰ হোৱাৰ বিপৰীতে কলিন একাৰমেনে 29 ৰাণ সংগ্ৰহ কৰে ৷

আফগানিস্তানৰ হৈ মহম্মদ নবীয়ে সাৰ্বাধিক 3 টা উইকেট দখল কৰে ৷ নুৰ আহমেদে 2 টা উইকেট দখল কৰাৰ বিপৰীতে মুজীব-উৰ-ৰহমানে 1 টা উইকেট দখল কৰে ৷

উল্লেখ্য যে, আফগানিস্তানৰ দলটোৱে চলিত বিশ্বকাপৰ কেইখনমান মেচত উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাইছে ৷ ইংলেণ্ড, পাকিস্তান, শ্ৰীলংকাৰ দৰে শক্তিশালী দলক পৰাস্ত কৰিছে দলটোৱে ৷ আফগানিস্তানে ছেমি ফাইনেলত স্থান লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ 7 খন মেচৰ 4 খনত জয়েৰে পাকিস্তানক চেৰ পেলাই বৰ্তমান 8 পইণ্টেৰে তালিকাৰ পঞ্চম স্থানত আছে আফগানিস্তান ৷

ছেমি ফাইনেলৰ দৌৰৰ পৰা এতিয়াও বাহিৰ হোৱা নাই আফগানিস্তান ৷ আনহাতে তালিকাৰ 8 নম্বৰ স্থানত থকা নেদাৰলেণ্ড ছেমি ফাইনেলৰ দৌৰৰ পৰা প্ৰায় আঁতৰি গৈছে ৷

নেদাৰলেণ্ডৰ মূল একাদশ : ৱেছলি বাৰেচি, মেক্স অডাউড, কলিন একাৰমেন, চাইব্ৰাণ্ড এংগেলব্ৰেচ্ট, স্কট এডৱাৰ্ডছ (অধিনায়ক/উইকেটকীপাৰ), বাছ ডি লিডে, চাকিব জুলফিকাৰ, লগান ভান বিক, ৰ’লফ ভান ডেৰ মেৰৱে, আৰিয়ান দত্ত, পল ভান মিকেৰেন ৷

আফগানিস্তানৰ মূল একাদশ : ৰহমানুল্লাহ গুৰবাজ, ইব্ৰাহিম জাদ্ৰান, ৰহমত শ্বাহ, হাছমাতুল্লাহ শ্বাহিদী (অধিনায়ক), আজমতুল্লাহ ওমৰাজা, ইক্ৰাম আলিখিল (উইকেটকীপাৰ), মহম্মদ নবী, ৰছিদ খান, মুজীব উৰ ৰহমান, ফজলহাক ফাৰুকী, নূৰ আহমদ ৷

লগতে পঢ়ক : ICC CWC 2023: ছেমি ফাইনেলত উপনীত হৈ সুখী ৰোহিত শৰ্মা; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচ প্ৰত্যাহ্বানজনক হ'ব

Last Updated :Nov 3, 2023, 8:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.