ETV Bharat / sports

ICC CWC 2023: ছেমি ফাইনেলত উপনীত হৈ সুখী ৰোহিত শৰ্মা; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচ প্ৰত্যাহ্বানজনক হ'ব

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 4:50 PM IST

ছেমি ফাইনেলত উপনীত হৈ সুখী ৰোহিত শৰ্মা; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মেচ প্ৰত্যাহ্বানজনক হ'ব
CWC 2023

বৃহস্পতিবাৰে লীগৰ সপ্তম মেচত শ্ৰীলংকাক ৩০২ ৰাণত পৰাস্ত কৰি চলিত বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হৈ অত্যন্ত সুখী ৰোহিত শৰ্মা । কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হ'বলগীয়া মেচখন অত্যন্ত প্ৰত্যাহ্বানজনক হ'ব বুলিও তেওঁ কয় ।

স্পৰ্টছ ডেস্ক, ৩ নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপত ভাৰতে ঈৰ্ষণীয় প্ৰদৰ্শ অব্যাহত ৰাখিছে । একেৰাহে ৭ খন মেচত জয়লাভ কৰি বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে মেন ইন ব্লু । মেচখনত জয়লাভৰ পিছত অধিনায়ক ৰোহিত শৰ্মাই কয় যে দলটোৱে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি অন্তিম চাৰিত উপনীত হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে তেওঁ অত্যন্ত সুখী ।

উল্লেখ্য যে বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত শ্ৰীলংকাক ৩০২ ৰাণত পৰাস্ত কৰাৰ পিছতে মেগা প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত এক দৰ্শনীয় ধৰণে প্ৰৱেশ কৰে টীম ইণ্ডিয়াই ।

  • Rohit Sharma said - “Shreyas Iyer is strong lad. He is mentally very strong and the way he came played today was brilliant”. pic.twitter.com/3yaiv184Ak

    — CricketMAN2 (@ImTanujSingh) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, মেচখনৰ পিছত ৰোহিতে কয়, "আমি আনুষ্ঠানিকভাৱে ছেমি ফাইনেলত উপনীত হোৱাত মই অত্যন্ত সুখী । যেতিয়া আমি চেন্নাইত বিশ্বকাপ অভিযান আৰম্ভ কৰিছিলোঁ তেতিয়া প্ৰথম লক্ষ্য নিৰ্ধাৰণ কৰিলোঁ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা । তাৰ পিছত নিশ্চিতভাৱে ফাইনেললৈ যোৱাটো আমাৰ লক্ষ্য হ'ব ।"

তেওঁ কয়, "আমি যিদৰে সাতখন মেচ খেলিছোঁ, সেয়া বহুত ভাল হৈছে । সকলোৱে সন্মিলিতভাৱে চেষ্টা কৰিছে ।"

  • - Qualified into World Cup Semis.
    - WTC final.
    - T20 World Cup Semis.
    - 2 Asia Cup.
    - 5 IPL.
    - 1 CL T20.

    Rohit Sharma, one of the greatest captains ever. pic.twitter.com/QgXmdxMl7O

    — Johns. (@CricCrazyJohns) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শ্ৰীলংকাৰ বিৰুদ্ধে মেচখনত ভাৰতক এক বৃহৎ স্ক'ৰলৈ লৈ যোৱাৰ বাবে দলৰ বেটছমেনসকলক প্ৰশংসা কৰে । লগতে তেওঁ ৫৬ টা বলত ৮২ ৰাণ কৰা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰকো বিশেষভাৱে প্ৰশংসা কৰে ।

ৰোহিতে কয়, "যেতিয়া যথেষ্ট ৰাণ সংগ্ৰহ কৰিব বিচৰা হয় তেতিয়া এনেধৰণৰ মনোভাবৰ প্ৰয়োজন হয় । যিকোনো পিটছত ৩৫০ ৰাণ সংগ্ৰহ কৰাটো এটা অতি ভাল স্ক'ৰ আৰু ইয়াৰ কৃতিত্ব বেটিং বিভাগলৈ যায় ।"

"শ্ৰেয়াছ এগৰাকী অতি শক্তিশালী (মানসিকভাৱে) খেলুৱৈ আৰু তেওঁ ক্ৰীজলৈ আহি তেওঁ যিটোৰ বাবে জনাজাত সেয়াই কৰিছে । আমিও তেওঁৰ পৰা একেই আশা কৰোঁ । শ্ৰেয়াছে দেখুৱাইছে যে তেওঁ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু ।" ৰোহিতে কয় ।

আনহাতে, ভাৰতীয় বলিং বিভাগৰ প্ৰশংসা কৰি তেওঁ কয় বলাৰসকলে প্ৰতিযোগিতাখনত এনে কিছু শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে, যাৰ বাবে বেটছমেনসকলৰ প্ৰচেষ্টাত সহায় হৈছে ।

ৰোহিতে সকলো ধৰণৰ পৰিস্থিতিত তেওঁৰ বলাৰসকলৰ আধিপত্যত সুখী । "চিৰাজ এগৰাকী মহান বলাৰ আৰু যদি তেওঁ নতুন বলৰ সৈতে এনে কৰে, তেন্তে সকলোবোৰ আমাৰ বাবে পৃথক দেখা যায় । যেতিয়া তেওঁ নতুন বলৰ সৈতে বল কৰে, তেওঁৰ দক্ষতা চমৎকাৰ হয় ।" চিৰাজৰ প্ৰসংত ৰোহিতে কয় ।

"ইংলেণ্ডৰ বিৰুদ্ধে আৰু আজি শ্ৰীলংকাৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰদৰ্শনে এইটো স্পষ্টকৈ প্ৰদৰ্শন কৰে যে পৰিস্থিতি যিয়েই নহওক আমাৰ বেগী বলাৰসকলৰ মান কোনটো স্তৰৰ । তেওঁলোক পৰিস্থিতি সাপেক্ষে বিপজ্জনক হৈ উঠিব পাৰে । মই আশাকৰোঁ তেওঁলোকে এই প্ৰদৰ্শন অব্যাহত ৰাখিব ।" হিট মেন ৰোহিতে কয় ।

উল্লেখ্য যে পৰৱৰ্তী মেচখনত ভাৰতে দক্ষিণ আফ্ৰিকাৰ মুখামুখী হ'ব । এই সন্দৰ্ভত ৰোহিতে কয় যে তেওঁৰ দলটো ফৰ্মৰ শীৰ্ষত থকা প্ৰতিদ্বন্দ্বী দলটোৰ বিৰুদ্ধে খেলিবলৈ সাজু ।

ৰোহিতে মেচখন সন্দৰ্ভত কয়, "দক্ষিণ আফ্ৰিকাই অতি ভাল ক্ৰিকেট খেলি আছে আৰু আমিও খেলি আছোঁ । এই মেচখন দৰ্শকৰ বাবে এখন অতি মনোৰঞ্জনমূলক মেচ হ'ব আৰু কলকাতাৰ দৰ্শকে মেচখন ভালদৰে উপভোগ কৰিব ।"

লগতে পঢ়ক :ICC World Cup 2023 : ছামী-ছিৰাজৰ বলিং বিক্ৰমত দিশহাৰা শ্ৰীলংকা, ভাৰতৰ হাতত 302 ৰাণত ধাৰাশায়ী লংকা বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.