ETV Bharat / sports

ICC World Cup 2023 : ছামী-ছিৰাজৰ বলিং বিক্ৰমত দিশহাৰা শ্ৰীলংকা, ভাৰতৰ হাতত 302 ৰাণত ধাৰাশায়ী লংকা বাহিনী

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 4:06 PM IST

Updated : Nov 2, 2023, 9:13 PM IST

ৱাংখেড়ে ষ্টেডিয়ামত ভাৰতে শ্ৰীলংকাক 302 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ 357 ৰাণৰ লক্ষ্য আগত লৈ শ্ৰীলংকাই 19.4 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ 55 ৰাণ ৷

ICC World Cup 2023
ৱাংখেড়েত ভাৰতৰ মুখামুখি শ্ৰীলংকা

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ : বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত চলিত আইচিচি এদিনীয়া পুৰুষ ক্ৰিকেট বিশ্বকাপৰ 33 সংখ্যক মেচখনত ৰোহিত শৰ্মাৰ নেতৃত্বাধীন ভাৰতে শ্ৰীলংকাক 302 ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ৷ মহম্মদ ছামী আৰু মহম্মদ ছিৰাজৰ বলিং বিক্ৰমৰ সন্মুখত তিষ্ঠিব নোৱাৰি 55 ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই শ্ৰীলংকাই ৷

358 ৰাণৰ বৃহৎ লক্ষ্য আগত লৈ শ্ৰীলংকাই নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথম অভাৰৰ প্ৰথমটো বলতে পাথুম নিশাংকৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই ৷ ইয়াৰ পাছতে মহম্মদ ছিৰাজ আৰু মহম্মদ ছামীয়ে বলিং তাণ্ডৱ সৃষ্টি কৰি 55 ৰাণতে শ্ৰীলংকাৰ ইনিংছ সমাপ্ত কৰিবলৈ বাধ্য কৰে ৷ চিৰাজ-ছামীৰ বলিং বিক্ৰমত তাছপাতৰ দৰে খহি পৰে শ্ৰীলংকাৰ বেটিং লাইন ৷

  • Rohit Sharma said - “It’s great honour for me to leading Team India in the World Cup at my home ground where I grown up at Wankhade”. pic.twitter.com/sa8ygKdxVC

    — CricketMAN2 (@ImTanujSingh) November 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মহম্মদ ছামীয়ে সাৰ্বাধিক 5 টা উইকেট দখল কৰে ৷ মহম্মদ ছিৰাজে দখল কৰে 3 টা উইকেট ৷ যশপ্ৰীত বুমৰাহ আৰু ৰবীন্দ্ৰ জাডেজাই দখল কৰে 1টাকৈ উইকেট ৷ মহম্মদ ছামী প্লেয়াৰ অব দ্য মেচ বিবেচিত হয় ৷

টছত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় শ্ৰীলংকাৰ দলটোৱে ৷ প্ৰথমে বেটিংৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিজৰ ইনিংছ আৰম্ভ কৰি প্ৰথম অভাৰৰ দ্বিতীয়টো বলতে মাত্ৰ 4 ৰাণত ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই শলঠেকত পৰে যদিও তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু শুভমন গীলে দলক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি লয় ৷ শুভমন গীলে 92 টা বলত 92 ৰাণ কৰি পেভিলিয়নমুখী হয় ৷ বিৰাট কোহলীয়ে 94 টা বলত 88 ৰাণ কৰি আউট হয় ৷

ইয়াৰ পাছতে শ্ৰেয়াছ আয়াৰে বিস্ফোৰক বেটিঙেৰে দলক এক বিশাল স্কৰৰ দিশে লৈ যায় ৷ শ্ৰেয়াছ আয়াৰে 56 টা বলতে 82 ৰাণ সংগ্ৰহ কৰে আৰু মধুশংকাৰ বলত পেভিলিয়নমুখী হয় ৷ ৰবীন্দ্ৰ জাডেজাই 24 টা বলত 35 ৰাণ সংগ্ৰহ কৰে ৷ উল্লেখ্য যে, আজিৰ মেচখনত ভাৰতৰ তিনিজনকৈ বেটছমেন শতকৰ পৰা বঞ্চিত হয় ৷ শুভমন গীল 8 ৰাণৰ বাবে, বিৰাট কোহলী 12 ৰাণৰ বাবে আৰু শ্ৰেয়াছ আয়াৰে 18 ৰাণৰ বাবে শতকৰ পৰা বঞ্চিত হয় ৷

শ্ৰীলংকাৰ হৈ দিলচান মধুশংকাই সাৰ্বাধিক 5 টা উইকেট দখল কৰে ৷ দুষমন্ত চমীৰাই দখল কৰে 1টা উইকেট ৷

ভাৰতৰ প্লেয়িং-১১: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ।

শ্ৰীলংকাৰ প্লেয়িং-১১: পাথুম নিশাংকা, ডিমুথ কৰুণাৰত্নে, কুশল মেণ্ডিছ (উইকেটকীপাৰ/অধিনায়ক), ছাদিৰা সমৰাৱিক্ৰমা, চৰিথ আছালংকা, এঞ্জেলো মেথিউছ, দুষান হেমন্ত, মহেশ তীক্ষণা, কাছুন ৰাজিতা, দুষমন্ত চমীৰা, দিলচন মাদুশংকা ৷

লগতে পঢ়ক : World Cup 2023 : মেক্সৱেলৰ পাছত মিচেল মাৰ্শো দলৰ পৰা বাহিৰ

Last Updated :Nov 2, 2023, 9:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.