ETV Bharat / sports

দ্বিতীয়খন টি-20 ত 7 উইকেটত জয় লাভ ভাৰতৰ

author img

By

Published : Jan 26, 2020, 5:06 PM IST

নিউজিলেণ্ডৰ বিৰুদ্ধে ধাৰাবাহিক দ্বিতীয়টো জয়লাভ ভাৰতৰ ৷ দ্বিতীয়খন টি-20 ত 7 উইকেটত জয় লাভ ভাৰতৰ ৷

দ্বিতীয়খন টি-20 ত 7 উইকেটত জয় লাভ ভাৰতৰ
দ্বিতীয়খন টি-20 ত 7 উইকেটত জয় লাভ ভাৰতৰ

স্পৰ্টছ ডেস্ক, 26 জানুৱাৰীঃ অকলেণ্ডত অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-20 মেচত বৃহৎ জয় ভাৰতৰ ৷ 133 ৰান লক্ষ্য অতিক্ৰম কৰি 3 উইকেটৰ বিনিময়ত জয় লাভ বিৰাট বাহিনীৰ ৷ কে.এল ৰাহুলৰ অৰ্ধশতক আৰু শ্ৰেয়াছ আয়াৰৰ 44 ৰানৰ বিনিময়ত ভাৰতে 17.3 অভাৰত লক্ষ্যত উপনীত হয় ৷ টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই 132 ৰান কৰিবলৈ সক্ষম হয় ৷

নিউজিলেণ্ড বনাম ভাৰত দ্বিতীয় টি-20
নিউজিলেণ্ড বনাম ভাৰত দ্বিতীয় টি-20

নিউজিলেণ্ডৰ হৈ মাৰ্টিন গুপ্টিলে 33, কলিন মুনৰুৱে 26, কেন উলিয়ামচনে 14, ৰছ টেইলৰে 18 আৰু টিম ছেইফৰ্টে অপৰাজিত 33 ৰান কৰিবলৈ সক্ষম হয় ৷ ভাৰতৰ হৈ ৰবিন্দ্ৰ জাডেজাই 4 অভাৰত 18 ৰান 2 টা, জছপ্ৰীত বোমৰাই 4 অভাৰত 21 ৰান 1 টা, শাৰ্দুল ঠাকুৰে 2 অভাৰত 21 ৰান দি 1 টা, শিৱম ডুৱেয়ে 2 অভাৰত 16 ৰান দি 1 টা উইকেট লাভ কৰাৰ বিপীৰতে মহম্মদ শ্বামীয়ে 4 অভাৰত কেৱল 22 ৰান দিয়ে ৷

BCCI twitter
BCCI twitter

ভাৰতে বেটিং কৰিবলৈ আহি ৰোহিত শৰ্মাৰ উইকেট সোনকালে হেৰুৱাই যদিও ৰাহুল আৰু শ্ৰেয়াছ আয়াৰে ভাৰতৰ জয় সুনিশ্চিত কৰে ৷ ৰোহিতে 8 ৰান কৰাৰ বিপৰীতে বিৰাট কোহলিয়ে 11, শ্ৰেয়াছ আয়াৰে 44 ৰান আৰু ৰাহুলে অপৰাজিত 57 কৰিবলৈ সক্ষম হয় ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.