ETV Bharat / sports

পদ্ম বিভূষণৰে সন্মানিত হ’ব মেৰী কম

author img

By

Published : Jan 25, 2020, 11:44 PM IST

অলিম্পিক পদক বিজয়ী মেৰী কমলৈ দেশৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ‘‘পদ্ম বিভূষণ’’ ৷ ইপিনে ভাৰতীয় শ্বাটলাৰ সিন্ধুক পদ্মভূষণৰ বিপৰীতে অন্যান্য বহু খেলুৱৈলৈক প্ৰদান পদ্মশ্ৰী বঁটা ৷

পদ্ম বিভূষণৰে সন্মানিত হ’ব মেৰী কম
পদ্ম বিভূষণৰে সন্মানিত হ’ব মেৰী কম

স্পৰ্টছ ডেস্ক, 25 জানুৱাৰীঃ ক্ৰীড়া জগতত আগবঢ়োৱা নিজৰ অৱদানৰ বাবে দেশৰ দ্বিতীয় সৰ্বোচ্চ নাগৰিক সন্মান ‘‘পদ্ম বিভূষণে’’ৰে সন্মানিত কৰা হ’ব ছয়বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিক পদক বিজয়ী মেৰী কমক ৷ শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে ঘোষণা কৰিলে এই কথা ৷

বিগত বৰ্ষত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰৰ বক্সাৰ মেৰী কমে ৷ বিশ্ব চেম্পিয়নশ্বিপত মেৰী কমৰ এইটো আছিল আঠ সংখ্যক পদক ৷ বিশ্ব চেম্পিয়নশ্বিপত মেৰী কমৰ নামত আছে মুঠ ছয়টা স্বৰ্ণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক ৷

মেৰী কমক পদ্ম বিভূষণ
মেৰী কমক পদ্ম বিভূষণ

মেৰী কমৰ লগতে খেল জগতৰ লগত জড়িত বেডমিণ্টন খেলুৱৈ পি.ভি সিন্ধুক প্ৰদান কৰা হ’ব দেশৰ তৃতীয় সৰ্বোচ্চ নাগৰিকৰ সন্মান ‘‘পদ্মভূষণ’’ বঁটা ৷ বিগত বৰ্ষত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীয়ে ৷ উল্লেখ্য যে, বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল সিন্ধুৱে ৷

পি. ভি সিন্ধুক পদ্মভূষণ
পি. ভি সিন্ধুক পদ্মভূষণ

মেৰী কমক পদ্ম বিভূষণ, সিন্ধুক পদ্মভূষণৰ লগতে ভাৰতীয় ক্ৰিকেটাৰ জাহিৰ খান, মহিলা হকী খেলুৱৈ ৰানী ৰামচালৰ লগতে শ্বুটাৰ জীতু ৰায়ক ‘‘পদ্মশ্ৰী’’ বঁটাৰে সন্মানিত কৰা হ’ব ৷

জাহিৰ খানক পদ্মশ্ৰী
জাহিৰ খানক পদ্মশ্ৰী

উল্লেখ্য যে, দেওবাৰে দেশৰ 71 সংখ্যক গণৰাজ্য দিৱসত প্ৰদান কৰা হ’ব এই সন্মান সমূহ ৷

71 সংখ্যক গণৰাজ্য দিৱসত প্ৰদান কৰা হ’ব এই সন্মান
71 সংখ্যক গণৰাজ্য দিৱসত প্ৰদান কৰা হ’ব এই সন্মান
Intro:Body:

Padmabhushan to Marry Kom


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.