ETV Bharat / sports

ভাৰত-বাংলাদেশ: দিল্লীত আজি প্ৰথমখন টি-20 মেচ

author img

By

Published : Nov 3, 2019, 5:02 PM IST

ভাৰত-বাংলাদেশ: দিল্লীত আজি প্ৰথমখন টি-20 মেচ

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি মুখামুখি হ’ব ভাৰত-বাংলাদেশ ৷ প্ৰথমখন টি-20 মেচত সন্ধিয়া 7 বজাত অৱতীৰ্ণ হ’ব দুয়োটা দল ৷

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ: দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আজি প্ৰথমখন টি-20 মেচত অৱতীৰ্ণ হ’ব ভাৰত আৰু বাংলাদেশ ক্ৰিকেট দল ৷ তিনিখন মেচৰ টি-20 শৃংখলাৰ এইখন হ’ব প্ৰথমখন টি-20 মেচ ৷ ভাৰত আৰু বাংলাদেশৰ মাজত দুয়োটা দলে বৰ্তমানলৈকে 8 খন মেচত মুখামুখি হৈছে ৷ য’ত 8 খন মেচতেই জয় লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে ৷

উল্লেখ্য যে, এই শৃংখলাত বিৰাটৰ অনুপস্থিতিত ৰোহিত শৰ্মাক অধিয়ানকৰ দায়িত্বত দেখা পোৱা যাব ৷ দিল্লী প্ৰদূষণক লৈ এই মেচখন অনুষ্ঠিত কৰা নকৰাক লৈ যথেষ্ট চৰ্চা লাভ কৰিছিল যদিও নিৰ্ধাৰিত সময়-সূচী অনুসৰিয়ে অৱশেষত দেওবাৰে অনুষ্ঠিত হ’ব প্ৰথমখন টি-20 মেচ ৷ পূৰ্বৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামৰ নাম সকলি কৰাৰ পাচত অৰুণ জেটলী ষ্টেডিমায়ত এইয়া হ’ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ ৷

ৰোহিত বনাম মহম্মদুল্লাহ
ৰোহিত বনাম মহম্মদুল্লাহ

সম্ভাৱনীয় ভাৰতীয় দলটো- ৰোহিত শৰ্মা (অঃ), শিখৰ ধাৱন, কে.এল ৰাহুল, শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত, শিৱম ডুৱে, ক্ৰোণাল পাণ্ডিয়া, ৱাছিংটন সুন্দৰ, খলীল আহমেদ, দীপক চাহাৰ, যুজৱেন্দ্ৰ চহল ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.