ETV Bharat / sports

ৰাছিয়াক পৰাস্ত কৰি অলিম্পিকৰ টিকট ভাৰতীয় পুৰুষ হকী দলৰ

author img

By

Published : Nov 2, 2019, 11:23 PM IST

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় পুৰুষ হকী দলৰ ৷ মুঠ 11-3 গ’লৰে ৰাছিয়াক ধৰাশায়ী কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় পুৰুষ হকী দলটোৰ ৷

ৰাছিয়াক পৰাস্ত কৰি অলিম্পিকৰ টিকট লাভ ভাৰতীয় পুৰুষ হকী দলৰ

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ: মহিলা হকীৰ দলৰ পাচতেই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে ভাৰতীয় পুৰুষ হকী দলটোৱে ৷ শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন অলিম্পিক কোৱালিফায়াৰ মেচত ৰাছিয়াক 7-1 গ’লত ধৰাশায়ী কৰে ভাৰতে ৷ ভাৰতৰ হৈ 17 মিনিটত ললিত উপাধ্যায়, 23 আৰু 29 মিনিটত আকাশদ্বীপ সিং, 47 মিনিটত নিলকণ্ঠ শৰ্মা, 48 আৰু 59 মিনিটত ৰুপিন্দৰ সিং আৰু অন্তিমটো গ’ল 60 মিনিটত কৰে অমিত ৰুহিদাসে

ইয়াৰ পূৰ্বে শুকুৰবাৰে ওড়িশাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন কোৱালিফায়াৰ মেচত ৰাছিয়াক 4-2 গ’লত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷ ফলস্বৰূপে মুঠ 11-3 গ’লৰ ব্যৱধানত ৰাছিয়াক পৰাস্ত কৰি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ভাৰতীয় হকী দলটোৱে ৷

ইপিনে শনিবাৰে ভাৰতীয় মহিলা হকী দলটোৱেও অলিম্পিকলৈ ধাৰাবাহিক দ্বিতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে দ্বিতীয়খন কোৱালিফায়াৰ মেচত 4-1 গ’লত আমেৰিকাৰ হাতত পৰাস্ত হয় যদিও শুকুৰবাৰে প্ৰথমখন কোৱালিফায়াৰ মেচত 5-1 গ’লত জয় লাভ কৰিছিল ভাৰতে ৷ ফলত মুঠ 6-5 গ’লৰ ব্যৱধানত আমেৰিকাক পৰাস্ত কৰি টকিঅ’ 2020 অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় মহিলা হকী দলটোৱে ৷


TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.