ETV Bharat / bharat

অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ

author img

By

Published : Nov 2, 2019, 10:21 PM IST

অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ

ধাৰাবাহিক ভাৱে দ্বিতীয়বাৰলৈ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় মহিলা হকী দলৰ ৷ এক শ্বাসৰুদ্ধকাৰী মেচত পৰাস্ত হৈও সৰ্বাধিক গ’ল কৰাৰ বিনিময়ত অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতৰ ৷

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ: টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতীয় মহিলা হকী দলে ৷ ধাৰাবাহিক ভাৱে দ্বিতীয়বাৰলৈ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মহিলা হকী দলটোৱে ৷

শনিবাৰে ভূৱনেশ্বৰত অলিম্পিক কোৱালিফায়াৰৰ দ্বিতীয়খন মেচত আমেৰিকাৰ হাতত পৰাস্ত হয় ভাৰত ৷ তৎস্বত্তেও যোগ্যতা লাভ কৰে ভাৰতীয় মহিলা হকী দলটোৱে ৷ দ্বিতীয়খন মেচত আমেৰিকাৰ বিৰুদ্ধে 4-1 ব্যৱধানত পৰাস্ত হয় ভাৰতীয় দলটো ৷

কিন্তু শুকুৰবাৰে অনুষ্ঠিত হোৱা প্ৰথমখন কোৱালিফায়াৰ মেচত ভাৰতৰ হাতত 5-1 ব্যৱধানত পৰাস্ত হৈছিল আমেৰিকা ৷ ফলত দুয়োখন মেচৰ অন্তত ভাৰতে মুঠ 6 টা আৰু আমেৰিকাই 5 গ’ল কৰিবলৈ সক্ষম হৈছে ৷ ফলস্বৰূপে 6-5 গ’লত ভাৰতে আমেৰিকাক পৰাস্ত কৰি টকিঅ’ 2020 অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.