ETV Bharat / sports

দিল্লীৰ অৰুণ জেটলী ষ্টেডিমায়ত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ

author img

By

Published : Nov 2, 2019, 8:34 PM IST

দিল্লীৰ অৰুণ জেটলী ষ্টেডিমায়ত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ

দেওবাৰে ৰাজধানী চহৰ দিল্লীত অনুষ্ঠিত হ’ব ভাৰত-বাংলাদেশৰ মাজত প্ৰথমখন টি-20 মেচ ৷ দিল্লীৰ অৰুণ জেটলী ষ্টেডিমায়ত সন্ধিয়া 7 বজাত অনুষ্ঠিত হ’ব এই মেচখন ৷

স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ: দিল্লীৰ অৰুণ জেটলী ষ্টেডিমায়ত দেওবাৰে অনুষ্ঠিত হ’ব ভাৰত বাংলাদেশৰ মাজত প্ৰথমখন টি-20 মেচ ৷ অৰুণ জেটলী ষ্টেডিমায় নামাকৰণ কৰাৰ পাচত এইখন হ’ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ ৷ ইয়াৰ পূৰ্বে ফিৰোজ শ্বাহ কোটলা নামে জনাজাত আছিল দিল্লীৰ এইখন ষ্টেডিয়াম ৷ ভাৰতে ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে একমাত্ৰ টি-20 মেচত অৱতীৰ্ণ হৈছে ৷ য’ত 53 ৰানত জয় লাভ কৰিছিল ভাৰতে ৷ ইপিনে 23 মাৰ্চ 2016 চনত প্ৰথমখন টি-20 আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল এই ষ্টেডিমায়ত ৷ য’ত মুখামুখি হৈছিল আফগানিস্তান আৰু ইংলেণ্ড ৷ মেচখনত ইংলেণ্ড দলটোৱে 15 ৰানত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

বাংলাদেশ
বাংলাদেশ

ভাৰত-বাংলাদেশৰ প্ৰথম টি-20 মেচখন দিল্লীৰ অত্যাধিক প্ৰদূষণৰ ফলত বাৰুকৈ চৰ্চা লাভ কৰিছিল ৷ আনকি বহু খেলুৱৈক প্ৰদূষণ ৰোধক মাস্ক পিন্ধি অনুশীলন কৰা পৰিলক্ষিত হৈছিল ৷ এই সন্দৰ্ভত বাংলাদেশৰ অধিনায়ক মহম্মদুল্লাহই কয়, প্ৰদূষণ সন্দৰ্ভত আমি আলোচনা কৰিছো, কিন্তু এইয়া আমাৰ হাতত নাই ৷ আমাৰ বাবে গুৰুত্বপূৰ্ণ আমি মেচখনৰ ওপৰত অধিক মনোযোগ দিয়া ৷

ভাৰত
ভাৰত

বাংলাদেশৰ দলটোৱে ভাৰতৰ বিৰুদ্ধে 3 খন টি-20 আৰু 2 খন টেষ্ট মেচত অৱতীৰ্ণ হ’ব ৷ প্ৰথমখন টি-20 মেচ 3 নৱেম্বৰ অৰ্থাৎ দেওবাৰে দিল্লীত অনুষ্ঠিত হ’ব ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.