ETV Bharat / sports

আইপিএলৰ পৰা বাহিৰ হৰভজন সিং

author img

By

Published : Sep 4, 2020, 5:17 PM IST

চেন্নাই চুপাৰ কিংছ দললৈ মোক্ষম আঘাত ৷ সুৰেশ ৰাইনাৰ পাচত এইবাৰ দলৰ পৰা বাহিৰ অফ্ স্পিনাৰ হৰভজন সিং ৷

Harbhajan Singh pulls out from IPL
Harbhajan Singh pulls out from IPL

স্পৰ্টছ ডেস্ক, 4 ছেপ্তেম্বৰ : চেন্নাই চুপাৰ কিংছ অনুৰাগীলৈ দুঃখবৰ ৷ চেন্নাই চুপাৰ কিংছ দলৰ পৰা বাহিৰ হ’ল অভিজ্ঞতা সম্পন্ন অফ্ স্পিনাৰ হৰভজন সিং ৷ সুৰেশ ৰাইনাৰ পাচতেই চেন্নাই চুপাৰ কিংছ দলৰ পৰা বাহিৰ হোৱা দ্বিতীয়গৰাকী খেলুৱৈ হৈছে হৰভজন সিং ৷ যোৱা 29 আগষ্টত ব্যক্তিগত কাৰণত আইপিএল প্ৰত্যাহাৰ কৰি দেশলৈ উভতি আহিছিল ৰাইনা ৷ অৱশ্যে চেন্নাই দলটোৰ সৈতে ডুবাইলৈ যোৱা নাছিল হৰভজন সিং ৷ উল্লেখ্য যে, হৰভজন সিঙেও ডুবাইলৈ ভ্ৰমণ নকৰাৰ কাৰণ ব্যক্তিগত বুলি প্ৰকাশ কৰিছে ৷

চেন্নাই চুপাৰ কিংছৰ পৰা বাহিৰ হৰভডজন সিং
চেন্নাই চুপাৰ কিংছৰ পৰা বাহিৰ হৰভডজন সিং

ইপিনে চেন্নাই চুপাৰ কিংছৰ অধিনায়ক ধোনী সহ সকলো খেলুৱৈৰে বৃহস্পতিবাৰে ক’ভিড পৰীক্ষা কৰা হয়, যাৰ ফলাফল নিগেটিভ পোৱা গৈছে ৷ ইয়াৰ পাচতেই ডুবাইত দলটোৱে নিজৰ অনুশীলন আৰম্ভ কৰিব ৷

সংবাদ সূত্ৰৰ মতে, অহা 19 ছেপ্তেম্বৰত 2020 বৰ্ষৰ আইপিএলৰ প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব চেন্নাই চুপাৰ কিংছ দলটো ৷

ত্ৰয়োদশ আইপিএল
ত্ৰয়োদশ আইপিএল

বৃহস্পতিবাৰে বিচিচিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে স্পষ্ট কৰিছিল যে, শুকুৰবাৰে আইপিএলৰ কাৰ্যক্ৰমনিকা প্ৰকাশ কৰাৰ কথা ৷ চিএছকেৰ বাবে আন এটা সমস্যা হৈছে যে, পূৰ্বতেই দীপক চাহৰ আৰু ঋতুৰাজ গায়কৱাড সহ 11 গৰাকী ষ্টাফ বিষয়া কৰ’ণা পজিটিভ বুলি ধৰা পৰিছিল ৷ বৰ্তমানে আটাইকেইজন 14 দিনৰ কোৱাৰেণ্টাইন হৈ আছে ৷ পুনৰ ক’ভিড পৰীক্ষাৰ পাচত দুবাৰকৈ নিগেটিভ অহাৰ পাচতেই দলৰ সৈতে জড়িত হ’ব পাৰিব সদস্য কেইজন ৷

লগতে চাওক-গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.