ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

author img

By

Published : Sep 3, 2020, 9:56 PM IST

বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিলে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । সময়সূচী অনুসৰি, 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পেক্টিকেল পৰীক্ষা আৰু 22 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা ।

Gauhati University B.Ed Exm Conducting by September 15
গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

গুৱাহাটী, 3 ছেপ্তেম্বৰ : অৱশেষত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী । বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত প্ৰকাশ কৰা হয় পৰীক্ষাৰ সময়সূচী । সময়সূচী অনুসৰি, 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব পেক্টিকেল পৰীক্ষা আৰু 22 তাৰিখৰ পৰা 29 তাৰিখৰ ভিতৰত অনুষ্ঠিত হ'ব লিখিত পৰীক্ষা ।

Gauhati University B.Ed Exm Conducting by September 15
গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়সূচী নিৰ্ধাৰণ কৰা নাছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । যাৰবাবে শিক্ষাৰ্থী সকলে বৃহস্পতিবাৰে উপাচাৰ্যৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল । পৰীক্ষা সমূহ শীঘ্ৰে অনুষ্ঠিত কৰি 30 ছেপ্তেম্বৰৰ ভিতৰত ফলাফল ঘোষণাৰ দাবীৰে প্ৰতিবাদ কৰিছিল শিক্ষাৰ্থীসকলে । এই প্ৰতিবাদৰ পিচতে কৰ্তৃপক্ষই ঘোষণা কৰিলে সময়সূচী ।

লগতে পঢ়ক : অভিনেত্ৰী চেতনা দাসৰ স্বামীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.