ETV Bharat / sports

অধিনায়ক হিচাপে ধোনীৰ অভিলেখ ভংগ ইয়ন মৰ্গানৰ

author img

By

Published : Aug 5, 2020, 7:53 AM IST

অধিনায়ক হিচাপে সৰ্বাধিক ছয়
অধিনায়ক হিচাপে ধোনীৰ অভিলেখ ভংগ ইয়ন মৰ্গানৰ

ভাৰতীয় উইকেট-কীপাৰ বেটছমেন ধোনীয়ে অধিনায়ক হিচাপে সংগ্ৰহ কৰিছিল 211 টা ছয় ৷ ধোনীয়ে 332 খন মেচত এই অভিলেখৰ অধিকাৰী হোৱাৰ বিপৰীতে মৰ্গানে কেৱল 163 খন মেচতে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷

স্পৰ্টছ ডেস্ক, 5 আগষ্ট : ইংলেণ্ডৰ অধিনায়ক ইয়ন মৰ্গানে মঙলবাৰে প্ৰাক্তন ভাৰতীয় অধিনায়ক এম. এছ. ধোনীক অতিক্ৰম কৰি নতুন অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে ধোনীয়ে গঢ়া সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰে ইংলেণ্ডৰ অধিনায়কগৰাকীয়ে ৷

অধিনায়ক হিচাপে ধোনীৰ অভিলেখ ভংগ ইয়ন মৰ্গানৰ
এম. এছ. ধোনী

ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়াত এই সাফল্য অৰ্জন কৰে ইংলেণ্ডৰ বাঁওহতীয়া বেটছমেন গৰাকীয়ে ৷

ভাৰতীয় উইকেট-কীপাৰ বেটছমেন ধোনীয়ে অধিনায়ক হিচাপে সংগ্ৰহ কৰিছিল 211 টা ছয় ৷ ধোনীয়ে 332 খন মেচত এই অভিলেখৰ অধিকাৰী হোৱাৰ বিপৰীতে মৰ্গানে কেৱল 163 খন মেচতে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷

প্ৰাক্তন অষ্ট্ৰেলিয়ান অধিনায়ক ৰিকী পন্টিঙে 324 খন মেচত 171 টা ছয় সংগ্ৰহ কৰি তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে ৷

প্ৰাক্তন অষ্ট্ৰেলিয়ান অধিনায়ক
ৰিকী পন্টিং

উল্লেখ্য যে, আয়াৰলেণ্ডৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত মৰ্গানে 106 ৰাণ সংগ্ৰহ কৰিছিল ৷ এই ইনিংছটোত আছিল 15 টা চাৰি আৰু চাৰিটা ছয় ৷ ইয়ন মৰ্গানৰ শতকৰ জৰিয়তে 50 অ'ভাৰত ইংলেণ্ডে সংগ্ৰহ কৰে 328 ৰাণ ৷

1 আগষ্টত অনুষ্ঠিত দ্বিতীয় মেচত জয়েৰে মৰ্গান নেতৃত্বাধীন ইংলেণ্ডে দলে ইতিপূৰ্বেই শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল ৷

কিন্তু, তৃতীয় মেচত আয়াৰলেণ্ড দলে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই মেচখন নিজৰ দখললৈ আনিবলৈ সক্ষম হয় ৷ বিশ্ব চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে আয়াৰলেণ্ডৰ হৈ পল ষ্টিৰলিং আৰু এন্দি বালবিৰনীয়ে শতক অৰ্জন কৰে ৷

লগতে পঢ়ক : দিনটোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ইভেন্টসমূহ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.