ETV Bharat / bharat

দিনটোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ইভেন্টসমূহ...

author img

By

Published : Aug 5, 2020, 7:29 AM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ আজি প্ৰথম বৰ্ষপূৰ্তি ৷ বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰিয়া চক্ৰৱৰ্তীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷

Important national events to look for today
দিনটোৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ইভেন্টসমূহ

1. আজি ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কৰিব ৷ তিনি ঘন্টাৰ বাবে অযোধ্যাত উপস্থিত হ'বলগা মোডীৰ সৈতে আধাৰশিলা স্থাপন কাৰ্যসূচীত উপস্থিত থাকিব বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি ৷

Important national events to look for today
অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিল
Important national events to look for today
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

2. জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ প্ৰথম বৰ্ষপূৰ্তি

বিগত বছৰৰ আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ জৰিয়তে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল ৷ অনুচ্ছেদ 370 বাতিলৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে সোমবাৰে বিয়লি ভাগৰ পৰা কাশ্মীৰ উপত্যকাত দুদিনৰ সান্ধ্য আইন জাৰি কৰা হৈছে ৷

Important national events to look for today
জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলৰ প্ৰথম বৰ্ষপূৰ্তি

3. আজি ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

বুধবাৰে উচ্চতম ন্যায়ালয়ে ৰিয়া চক্ৰৱৰ্তীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব ৷ পাটনাৰ পৰা মুম্বাইলৈ তদন্ত প্ৰক্ৰিয়া স্থানান্তৰ কৰিবলৈ জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ উল্লেখ্য যে, মৃত অভিনেতাগৰাকীৰ পিতৃয়ে ৰিয়া আৰু আন ছয়জনৰ বিৰুদ্ধে সুশান্তক আত্মহত্যা কৰিবলৈ বাধ্য কৰা, চুৰি আদি অভিযোগ তুলি এক গোচৰ ৰজু কৰিছিল ৷

Important national events to look for today
ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

লগতে পঢ়ক : ভয়ংকৰ, শিহৰণকাৰী বিস্ফোৰণত কপি উঠিল বেইৰুট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.