ETV Bharat / sports

Cricket in Olympics: ২০২৮ ৰ অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ দিশে ক্ৰিকেট

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 9:27 PM IST

international olympic council
cricket updates

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক পৰিষদৰ (আই অ’ চি) কাৰ্যবাহী ব’ৰ্ডে ক্ৰিকেটক ২০২৮ সংস্কৰণৰ অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ৷ এই প্ৰস্তাৱ অনুমোদিত হ’লে ক্ৰিকেট অনুৰাগীসকল আনন্দিত হ’ব ।

স্প’ৰ্টছ ডেস্ক, 13 অক্টোবৰ: কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত অন্তৰ্ভুক্ত হোৱাৰ পিছত ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত অন্তৰ্ভুক্ত হোৱাৰ পথত ক্ৰিকেট । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ কাৰ্যবাহী ব’ৰ্ডে শুকুৰবাৰে আয়োজকসকলে এই ক্ৰীড়াক অন্যান্য শাখাৰ লগতে এই ক্ৰীড়াক অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত অনুমোদন জনায় ।

ক্ৰিকেট টি-২০ ফৰ্মেটত খেলাৰ বিপৰীতে ২০২৮ সংস্কৰণত বেছবল-চফটবল, ফ্লেগ ফুটবল, লেক্ৰছ আৰু স্কোৱাছ আদিও খেলো অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে । সভাপতি থমাছ বাচৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ক্ৰিকেটৰ লগতে এই অন্যান্য খেলসমূহেও আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডৰ প্ৰস্তাৱ লাভ কৰিছিল । দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আই অ’ চিৰ অধিৱেশনৰ সময়ত এই প্ৰস্তাৱৰ ওপৰত ভোটদান কৰা হ’ব ।

এই পদক্ষেপ ভাৰতৰ বাবে যথেষ্ট উপকাৰী হ’ব পাৰে কাৰণ ক্ৰিকেটে পদকৰ সম্ভাৱনা সৃষ্টি কৰিব যিহেতু ভাৰত এই ক্ৰীড়াৰ ক্ষেত্ৰত এক অভিজাত দল । আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডৰ সভাপতি থমাছ বাচে কয় যে এই সিদ্ধান্ত আমেৰিকাৰ ক্ৰীড়া সংস্কৃতিক বিবেচনা কৰি লোৱা হৈছে আৰু ই অলিম্পিকক নতুন খেলুৱৈ আৰু অনুৰাগীৰ সৈতে জড়িত হোৱাতো সহায় কৰিব ।

"আই অ' চিয়ে তিনিটা ভিন্ন সিদ্ধান্ত ল'বলগীয়া হৈছিল । প্ৰথমটো আছিল লছ এঞ্জেলছৰ আয়োজক সমিতিৰ পাঁচটা নতুন খেল প্ৰৱৰ্তনৰ প্ৰস্তাৱৰ বিষয়ে । এই পাঁচটা খেল হ'ল বেছবল-চফটবল, ফ্লেগ ফুটবল, লেক্ৰছ, স্কোৱাছ আৰু ক্ৰিকেট ৷" দুদিনীয়া কাৰ্যনিৰ্বাহক মণ্ডলীৰ বৈঠক সমাপ্ত হোৱাৰ পিচত সংবাদ মাধ্যমৰ আগত বাচে এইদৰে কয় ।

"আমি ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখিছো, বিশেষকৈ টি-২০ ফৰ্মেটৰ । বিশ্বকাপ (৫০ অভাৰ) ইতিমধ্যে এক বৃহৎ সফলতা ।"

লছ এঞ্জেলছ গেমছৰ আয়োজক সমিতিৰ প্ৰাৰম্ভিক ধাৰণা আছিল ছটা দলৰ ইভেণ্টৰ সময় নিৰ্ধাৰণ কৰা, পুৰুষ আৰু মহিলা উভয় টি-২০ ক্ৰিকেটত । অৱশ্যে অংশগ্ৰহণকাৰী দলৰ সংখ্যা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত পিছত লোৱা হ’ব । আই অ’ চিৰ ক্ৰীড়া সঞ্চালক কিট মেককনেলেও একে কথা নিশ্চিত কৰিছে ।

‘‘লছ এঞ্জেলছৰ পৰা প্ৰস্তাৱ আছিল প্ৰতিটো দলীয় ক্ৰীড়াত প্ৰতিটো খেলতে ছটা দল তেওঁলোকে পুৰুষ আৰু মহিলা উভয়ৰে বাবে আগবঢ়াইছে ৷ যিটো সামগ্ৰিক পেকেজত লিংগ সমতাৰ অন্তৰ্নিহিত ৷’’ তেওঁ কয় ।

"এতিয়া, আমি আগতে উল্লেখ কৰা অনুসৰি সেই সংখ্যাটো যদি অধিবেশনে কাৰ্যসূচীত থকাটো নিশ্চিত কৰে, তেন্তে সেই সকলোবোৰ খেলুৱৈৰ সংখ্যা ক্ৰীড়াৰ লগতে নিশ্চিত কৰা হ'ব । অৰ্হতা সম্পৰ্কে কোনো বিশদ আলোচনা নহয় । সেইবোৰ ২০২৫ চনৰ আশে-পাশে চূড়ান্ত কৰিলে ভাল ৷ সাধাৰণতে আয়োজক দেশখনেই অন্যতম দল আৰু তাৰ পিছত আমি বিশ্ব শক্তি আৰু আঞ্চলিক প্ৰতিনিধিত্বৰ ভাৰসাম্য চাওঁ ৷’’ তেওঁ লগতে কয় ।

১৯০০ চনৰ পিছত প্ৰথমবাৰৰ বাবে অলিম্পিকত ক্ৰিকেট খেলিবলৈ সাজু হৈছে আৰু সেয়া হয়তো বিশ্ব দিগন্তত এই ক্ৰীড়াৰ বাবে নিজৰ প্ৰসাৰ বৃদ্ধিৰ বাবে এক বৃহৎ সহায় হ’ব । আই অ’ চিয়ে প্ৰকাশ কৰা অনুসৰি আগন্তুক অলিম্পিকৰ সংস্কৰণত পাঁচখন খেল অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক: World Cup 2023: দুটা দল; এখন খেল; লক্ষ লক্ষ দৰ্শকৰ উৎকণ্ঠা...বিশ্বকাপৰ বিগ মেচৰ বাবে মটেৰা সাজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.