ETV Bharat / sports

Asia Cup 2023 : শ্ৰীলংকাক 41 ৰাণত পৰাস্ত কৰি দশম বাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 5:01 PM IST

Updated : Sep 13, 2023, 1:46 AM IST

কলম্বোৰ আৰ প্ৰেমদাচা ষ্টেডিয়ামত চলিত এছিয়া কাপ, 2023 ৰ দ্বিতীয়খন ছুপাৰ 4 মেচত ভাৰতে শ্ৰীলংকাক পৰাস্ত কৰি দশম বাৰৰ বাবে এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে । প্ৰতিকূল বতৰৰ বাবে খেল স্থগিত হোৱা মেচখনত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই এদিনীয়া ক্ৰিকেটত 10 হাজাৰ ৰাণ সম্পূৰ্ণ কৰে । ভাৰতে 49.1 অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই 213 ৰাণ সংগ্ৰহ কৰে । 214 ৰাণৰ লক্ষ্য আগত ৰাখি ঘৰুৱা দলটোৱে 41.3 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ 172 ৰাণ হে কৰিবলৈ সক্ষম হয় ।

Asia Cup 2023
Asia Cup 2023

স্পৰ্টছ ডেস্ক, 12 ছেপ্টেম্বৰ : চলিত এছিয়া কাপৰ ছুপাৰ 4ৰ নিজৰ দ্বিতীখন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে 41 ৰাণেৰে জয়লাভ কৰি দশমবাৰৰ বাবে প্ৰতিযোগীতাখনৰ ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ । কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত আয়োজক দলটোক পৰাস্ত কৰাৰ লগতে একেৰাহে 13খন এদিনীয়াত অপৰাজেয় হৈ থকা দ্বীপৰাষ্ট্ৰখনৰ যাত্ৰাৰো যতি পেলায় ৰোহিত শৰ্মাৰ মেন-ইন-ব্লুৱে । ভাৰতে 49.1 অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই 213 ৰাণ সংগ্ৰহ কৰি শ্ৰীলংকাক 214 ৰাণৰ লক্ষ্য বান্ধি দিয়ে । 214 ৰাণৰ লক্ষ্য আগত ৰাখি ঘৰুৱা দলটোৱে 41.3 অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ 172 ৰাণ হে কৰিবলৈ সক্ষম হয় ৷

ভাৰতীয় বলাৰসকলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত অসহায় হৈ পৰে যোৱাবাৰৰ এছীয় চেম্পিয়ন দলটো ৷ শীৰ্ষৰ কোনো এগৰাকী বেটছমেনেই প্ৰতিৰোধ গঢ়িবলৈ সক্ষম হোৱা নহল ৷ দুৰ্দান্ত ফৰ্মত থকা কুলদীপ যাদৱে এইখেলতো উজ্জীৱিত বলিঙেৰে শ্ৰীলংকাক দিশহাৰা কৰি পেলায় । বাওঁহতীয়া স্পীনাৰজনে 9.3 অভাৰত 43 ৰাণ খৰচ কৰি 4 টা উইকেট দখল কৰে । যশপ্ৰীত বুমৰাহে (2/30) আৰু ৰবীন্দ্ৰ জাদেজাই (2/32) দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে মহম্মদ চিৰাজ আৰু সহ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এটাকৈ উইকেট লাভ কৰে ৷

শ্ৰীলংকাৰ হৈ আজিৰ তাৰকা আছিল অলৰাউণ্ডাৰ দুনীথ ৱেলালাগে । প্ৰথমে ভাৰতীয় ইনিংছত 5 টা উইকেট লোৱাৰ উপৰিও বেটিঙতো অনবদ্য 42 ৰাণ কৰি অপৰাজিত থাকে খেলুৱৈজন । এই দৰ্শনীয় প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অফ দ্য মেচৰো খিতাপ লাভ কৰে ৱেলালাগেই । তাৰোপৰি 41 ৰাণৰ এক যুঁজাৰু ইনিংছ খেলে ধনঞ্জয় ডি ছিলভাই । শ্ৰীলংকাৰ বাকী বেটছমেনসকল আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হয় ।

উল্লেখ্য যে টছত জয়ী হৈ ৰোহিত শৰ্মাই প্ৰথমতে বেটিঙৰ সিদ্ধান্ত লয় । ভাৰতে 49.1 অ'ভাৰত আটাইকেইটা উইকেট হেৰুৱাই 213 ৰাণ সংগ্ৰহ কৰে ৷ দুনীথ ৱেলালাগেই ভাৰতীয় বেটিংক 40ৰাণৰ বিনিময়ত 5 টা উইকেট দখলেৰে মষিমূৰ কৰে ৷ তাৰোপৰি চাৰিথ আছালংকায়ো 18 ৰাণ দি 4 টা উইকেট লয় ৷ ৰোহিত শৰ্মা আৰু শুভমন গিলে দলক এক সুন্দৰ আৰম্ভণি দিয়ে যদিও দুনীথ ৱেলালাগেই দলৰ স্কোৰ 80 হওঁতে শুভমন গিলক (19) ৰাণত আউট কৰি পাৰ্টনাৰশ্বীপ ভাঙে ৷ আনটো মূৰত ৰোহিত শৰ্মাই 53 ৰাণ কৰি ৱেলালাগেৰেই বলত আউট হোৱাৰ পূৰ্বে নিজৰ এদিনীয়া ক্ৰিকেট কেৰিয়াৰত 10,000 ৰাণ সম্পূৰ্ণ কৰে । ৰোহিত শৰ্মাই এই মাইলৰ খুঁটি স্থাপন কৰিবলৈ 241 টা ইনিংছ খেলিব লগা হয় । বিৰাট কোহলীয়ে আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ হয় আৰু মাত্ৰ 3 ৰাণ কৰি পেভেলিয়নমুখী হয় ৷ দুনীথ ৱেলালাগেই কোহলীৰো উইকেট লাভ কৰে ৷ ৱেলালাগেই ভাৰতীয় বেটিংৰ মধ্যক্ৰমক স্থিৰ হোৱাৰ সকলো সুযোগ কাঢ়ি নিয়ে কে এল ৰাহুল (39) আৰু হাৰ্দিক পাণ্ডিয়া (5) ক আউট কৰি ৷ ঈশান কিষাণে 33 ৰাণ কৰি আছালংকাৰ বলত আউট হয় ৷ ৰবীন্দ্ৰ জাদেজা (4), যশপ্ৰীত বুমৰাহ (5) আৰু কুলদীপ যাদৱো (0) বৰ বিশেষ প্ৰদৰ্শন দেখুৱাত ব্যৰ্থ হয় ৷ শেষৰ ফালে অক্ষৰ পেটেলৰ বেটৰ পৰা আহে 26 ৰাণৰ গুৰুত্বপূৰ্ণ অৱদান ।

লগতে পঢ়ক :Asia Cup 2023 : ৰাহুলৰ সৈতে খেলা ইনিংছটো এক অনবদ্য ইনিংছ; ৪৭ সংখ্যক এদিনীয়া শতকৰ পিছত কোহলী

Last Updated :Sep 13, 2023, 1:46 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.