ETV Bharat / sports

Asia Cup 2023 : ৰাহুলৰ সৈতে খেলা ইনিংছটো এক অনবদ্য ইনিংছ; ৪৭ সংখ্যক এদিনীয়া শতকৰ পিছত কোহলী

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 2:14 PM IST

Asia Cup 2023
Asia Cup 2023

উইকেটৰ মাজত কোহলীৰ বিজুলী গতিত দৌৰ হৈছে মুখ্যত তেওঁৰ অসাধাৰণ ফিটনেছৰ উদাহৰণ । কিন্তু তেওঁ মাত্ৰ ৯৪ টা বলত অপৰাজিত ১২২ ৰাণ সংগ্ৰহ কৰাৰ পিছত ক্ৰিজত দৌৰা এক আৰু দুই ৰাণক 'সহজ ৰাণ' বুলি অভিহিত কৰে ।

স্পৰ্টছ ডেস্ক, ১২ ছেপ্টেম্বৰ : সোমবাৰে এছিয়া কাপৰ ছুপাৰ ফ'ৰৰ প্ৰথম মেচত ভাৰতে বেটে-বলে অনবদ্য প্ৰদৰ্শন আগবঢ়াই চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ধৰাশায়ী কৰে । মেচখনত উল্লখযোগ্য দিশটো আছিল বিৰাট কোহলী আৰু কে এল ৰাহুলৰ অনবদ্য অপৰাজিত শতক । আনহাতে, বিৰাট কোহলীয়ে সোমবাৰে নিজৰ এদিনীয়া কেৰিয়াৰৰ ৪৭ নম্বৰ শতক অৰ্জন কৰি সৰ্বাধিক শতক অৰ্জনৰ তালিকাত তেণ্ডুলকাৰতকৈ মাত্ৰ দুটা শতক পিছত আছে । পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অভিলেখ সংখ্যক ২২৮ ৰাণৰ জয়লাভ আৰু নিজৰ শতক অৰ্জনৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এই শতকটো ধৈৰ্য আৰু একাগ্ৰতাৰ এক উৎকৃষ্ট উদাহৰণ ।

উইকেটৰ মাজত কোহলীৰ বিজুলী গতিত দৌৰ হৈছে মুখ্যত তেওঁৰ অসাধাৰণ ফিটনেছৰ উদাহৰণ । কিন্তু তেওঁ মাত্ৰ ৯৪ টা বলত অপৰাজিত ১২২ ৰাণ সংগ্ৰহ কৰাৰ পিছত ক্ৰিজত দৌৰা এক আৰু দুই ৰাণক 'সহজ ৰাণ' বুলি অভিহিত কৰে ।

এই শতকটো আছিল এটা অসাধাৰণ কোহলী শতক । তেওঁ ইনিংছৰ শেষৰ ফালে গতি সলনি কৰাৰ পূৰ্বে ৩৮ টা এক আৰু ১৫ টা দুই ৰাণৰ জৰিয়তে ৰাণ সংগ্ৰহ কৰিছিল । "মই সদায় মোৰ খেল এনেদৰে প্ৰস্তুত কৰোঁ যাতে মই দলটোক সহায় কৰিব পাৰোঁ । আজিৰ দিনটো এটা উৎকৃষ্ট উদাহৰণ আছিল যে যদি আপুনি এটা ভাল আৰম্ভণি নকৰে... কে এলে ভাল আৰম্ভণি কৰিছিল । মই তেওঁক ষ্ট্ৰাইকলৈ আনিবলৈ চেষ্টা কৰি আছিলোঁ ।" তেওঁৰ ইনিংছৰ বিষয়ে সোধাত কোহলীয়ে কয় ।

"আৰু তাৰ পিছত মই য'ৰ পৰা পাৰিছিলো তাৰ পৰা আগবাঢ়োঁ । মই ফিটনেছৰ ওপৰত যথেষ্ট গৌৰৱ কৰোঁ । ডাবলছৰ বাবে দৌৰাটো সহজ ৰাণ, এটা ডাঙৰ শ্বটৰ তুলনাত । ই আগতে বহুবাৰ প্ৰমাণ কৰিছে, একেধৰণৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি আশা কৰিছোঁ ।" তেওঁ লগতে কয় । ৰাহুলৰ সৈতে পাৰ্টনাৰশ্বিপৰ বিষয়ে সোধোঁতে কোহলীয়ে কয়, "কে এল আৰু মই দুয়ো পৰম্পৰাগত খেলুৱৈ । আৰু যেতিয়া আপুনি তেওঁক তেনেধণে বেটিং কৰা থকা দেখে যেনেদৰে তেওঁ খেলি আছিল আৰু মই খেলি আছোঁ, তেতিয়া এই পাৰ্টনাৰশ্বিপ ভাঙিবলৈ কঠিন হয় । কিয়নো আমি ফেন্সি শ্বট নেখেলোঁ ।"

"আমি পাৰ্টনাৰশ্বিপৰ বিষয়ে বেছি চিন্তা কৰা নাছিলোঁ, কেৱল বেটিং অব্যাহত ৰাখিব বিচাৰিছিলোঁ । এইটো আমাৰ আটাইতকৈ স্মৰণীয় পাৰ্টনাৰশ্বিপ আৰু ভাৰতীয় ক্ৰিকেটৰ বাবেও অন্যতম । তেওঁ আমাৰ বাবে ফৰ্মলৈ উভতি আহিছে, আমাৰ বাবে ভাল বিশ্বকাপৰ প্ৰাকমুহূৰ্তত ।

উল্লেখ্য যে, ভাৰতে মঙলবাৰে শ্ৰীলংকাৰ সৈতে মুখামুখী হ'ব । আনহাতে, বৰষুণৰ বাবে ভাৰতে একেৰাহে তিনিদিন খেলিব । দেওবাৰে মাত্ৰ ২৪.১ অ'ভাৰ সম্ভৱ হোৱাৰ পিছত ভাৰতীয় দলে সংৰক্ষিত দিনৰ দিনা পাকিস্তানৰ বিৰুদ্ধে ২২৮ ৰাণত জয়লাভ কৰে । কোহলীয়ে এটা মহাকাব্যিক ইনিংছ উপহাৰ দিয়াৰ পিছত অৱশ্যেই ভাগৰি পৰিছে যদিও মঙলবাৰে তেওঁ পুনৰ আন এটা সুন্দৰ ইনিংছৰ বাবে সাজু হ'ব বুলি আশা কৰিব পাৰি ।

"১৫ বছৰৰ ক্ৰিকেটৰ ইতিহাসত মই প্ৰথমবাৰৰ বাবে এনেধৰণৰ খেল খেলিছোঁ (এদিনৰ পিছত আন এদিন) । সৌভাগ্যক্ৰমে আমি টেষ্ট খেলুৱৈ, সেয়েহে আমি জানো যে পিছদিনা কেনেদৰে ঘূৰি আহি খেলিব লাগে । ৰিক'ভাৰী বৰ গুৰুত্বপূৰ্ণ । আজি তাত আৰ্দ্ৰতা আছিল । নৱেম্বৰত মোৰ বয়স ৩৫ বছৰ হ'ব, সেয়েহে মই সুস্থ হৈ থকাৰ বাবে যত্ন ল'ব লাগিব ।" ২৪ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত খেলপথাৰত অৱতীৰ্ণ হোৱাৰ বিষয়ে সোধাত তেওঁ লগতে কয়, "মোৰ ফালৰ পৰা গ্ৰাউণ্ড ষ্টাফসকললৈ এটা ডাঙৰ ধন্যবাদ ।"

লগতে পঢ়ক :Asia Cup 2023 : কোহলী-ৰাহুলৰ দুৰ্দান্ত শতক, কুলদীপৰ ফাইফাৰেৰে পাকিস্তানক 228 ৰাণত ধৰাশায়ী কৰিলে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.