ETV Bharat / sports

Asia Cup 2023 : কোহলী-ৰাহুলৰ দুৰ্দান্ত শতক, কুলদীপৰ ফাইফাৰেৰে পাকিস্তানক 228 ৰাণত ধৰাশায়ী কৰিলে ভাৰতে

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:14 PM IST

Updated : Sep 12, 2023, 1:14 AM IST

Asia Cup 2023
ভাৰত-পাকিস্তানৰ মহাৰণ

কোহলী-ৰাহুলৰ দুৰ্দান্ত শতক আৰু কুলদীপ যাদৱৰ দৰ্শনীয় বলিঙৰ জৰিয়তে চিৰ প্ৰতিদ্বন্দী পাকিস্তানক 228 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰিলে ভাৰতে ৷ জয়ৰ বাবে 357 ৰাণৰ লক্ষ্য আগত লৈ পাকিস্তানে 32 অভাৰত মাত্ৰ 128 ৰাণ হে কৰিবলৈ সক্ষম হয় । বিৰাট কোহলীয়ে 94 টা বলত 122 ৰাণ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে কে.এল. ৰাহুলে 106 টা বলত 111 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ আনহাতে কুলদীপ যাদৱে 25 ৰাণ দি 5 টা উইকেট দখল কৰে ।

স্পৰ্টছ ডেস্ক, 11 ছেপ্টেম্বৰ : সোমবাৰে ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা এছিয়া কাপৰ ছুপাৰ ফ’ৰৰ মেচখনত ভাৰতে পাকিস্তানক 228 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে । উল্লেখ্য যে ৰাণৰ ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে এয়া হৈছে টীম ইণ্ডিয়াৰ সৰ্ববৃহৎ জয় ।

জয়ৰ বাবে 357 ৰাণৰ লক্ষ্য আগত লৈ পাকিস্তানে 32 অভাৰত 8টা উইকেট হেৰুৱাই মাত্ৰ 128 ৰাণ হে কৰিবলৈ সক্ষম হয় । আঘাতৰ বাবে হাৰিছ ৰৌফ আৰু নাছিম শ্বাহ বেটিং কৰিবলৈ নহাত পাকিস্তানৰ ইনিংছ সিমানতে সমাপ্ত হয় ।

আৰম্ভণিৰে পৰা পাকিস্তানী বেটছমেনসকলে ভাৰতীয় বলাৰসকলৰ নিখুঁত বলিঙৰ আগত তিষ্টি থাকিবলৈ অসমৰ্থ হয় । যশপ্ৰীত বুমৰাহে ইমাম-উল-হক (৯)ক আউট কৰি পাকিস্তানক প্ৰথমটো আঘাত দিয়ে । তাৰ পিচত হাৰ্দিক পাণ্ডিয়াই বাবৰ আজমক (১০) আউট কৰি ভাৰতক আটাইতকৈ ডাঙৰ সফলতা প্ৰদান কৰে।

বৰষুণৰ বাবে ব্যাঘাতৰ পিছত, পুনৰ খেল আৰম্ভ হোৱাৰ কিছু সময় পিচতেই মহম্মদ ৰিজৱানক (২) পেভিলিয়নলৈ উভতাই পঠিয়াই শাৰ্দুল ঠাকুৰে ভাৰতক আন এটা উইকেট প্ৰদান কৰে। তাৰ পিচত পাকিস্তানী মিডিল অৰ্ডাৰক কুলদীপ যাদৱে নিজৰ বিধ্বংসী বলিঙেৰে তচ-নচ কৰি পেলায় । কুলদীপ যাদৱে 8 অভাৰত 25 ৰাণ দি 5 টা উইকেট দখল কৰে । কুলদীপৰ বলত বোল্ড হোৱাৰ পূৰ্বে পাকিস্তানৰ অপেনাৰ ফখৰ জামানে দলৰ হৈ সৰ্বাধিক 27 ৰাণ কৰে । আনহাতে ছলমান আলী আঘা আৰু ইফতিকাৰ আহমেদ দুয়োৱে 23 ৰাণৰ বৰঙনি আগবঢ়ায় ।

ইয়াৰ পূৰ্বে দেওবাৰে বৰষুণৰ বাবে ৰিজাৰ্ভ ডে’লৈ স্থগিত ৰখা খেলখন সেমেকা ফিল্ডৰ বাবে সোমবাৰে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ আৰম্ভ হয় ৷

সোমবাৰে ভাৰতে পূৰ্বৰ 24.2 অভাৰত 147 ৰাণৰ পৰা নিজৰ ইনিংছ পুনৰ আৰম্ভ কৰি তাৰকা খেলুৱৈ বিৰাট কোহলী আৰু কে.এল. ৰাহুলৰ বিস্ফোৰক বেটিঙেৰে পাকিস্তানৰ বিৰুদ্ধে এক শক্তিশালী স্থিতিত উপনীত হয় ৷ ভাৰতে কেৱল 2টা উইকেট হেৰুৱাই নিৰ্ধাৰিত 50 অভাৰত কোহলী-ৰাহুলৰ শতকেৰে সংগ্ৰহ কৰে 356 ৰাণ ৷

তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে 94 টা বলত 122 ৰাণ কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে কে.এল. ৰাহুলে 106 টা বলত 111 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ বিৰাট কোহলীয়ে 12 টা চাৰি আৰু 2 ছয়ৰে নিজৰ শতক সজায় ৷ উল্লেখ্য যে এয়া হৈছে আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত কোহলীৰ 47 তম শতক ৷ তাৰোপৰি এদিনীয়াত নিজৰ 267 তম ইনিংছতে কোহলীয়ে শচীন তেণ্ডুলকাৰৰ (321 ইনিংছ) অভিলেখ ভংগ কৰি দ্ৰুততম বেটছমেন হিচাপে 13000 ৰাণৰ ক্লাবত প্ৰৱেশ কৰে । আনহাতে কে.এল ৰাহুলে 9টা চাৰি আৰু 3টা ছয়ৰে এদিনীয়া ক্ৰিকেটত নিজৰ ষষ্ঠটো শতক সম্পূৰ্ণ কৰে ৷

ইয়াৰ পূৰ্বে দেওবাৰৰ দিনটোত বৰষুণে বিধি পথালি দিয়াৰ পূৰ্বে অধিনায়ক ৰোহিত শৰ্মাই 49 টা বলত 56 ৰাণ কৰাৰ বিপৰীতে শুভমন গিলে 52 বলত 58 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷

পাকিস্তানৰ শ্বাহীন আফ্ৰিদিয়ে 10 অভাৰত 79 ৰাণ খৰছ কৰি 1 টা উইকেট দখল কৰাৰ বিপৰীতে শ্বাদাব খানে খানে 10 অভাৰত 1টা মেইডেন সহ 71 ৰাণ খৰছ কৰি এটা উইকেট দখল কৰে ৷

লগতে পঢ়ক : US Open Final 2023 : ইতিহাস সৃষ্টিৰে ইউএছ অপেন জয় জকোভিচৰ

Last Updated :Sep 12, 2023, 1:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.