ETV Bharat / sports

US Open Final 2023 : ইতিহাস সৃষ্টিৰে ইউএছ অপেন জয় জকোভিচৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 4:13 PM IST

US Open Final 2023
US Open Final 2023

ইউএছ অপেনৰ ফাইনেলত নোভাক জকোভিচে দানিল মেদভেদেভক পোনপটীয়া ছেটত পৰাস্ত কৰি তেওঁৰ চতুৰ্থ ইউএছ অপেন খিতাপ জয় কৰে । ইয়াৰ লগে লগে নোভাক জকোভিচ এটা ছিজনত চাৰিবাৰ তিনিটা গ্ৰেণ্ড শ্লেম একক খিতাপ জয় কৰা প্ৰথম খেলুৱৈ হৈ পৰে ।

স্পৰ্টছ ডেস্ক, ১১ ছেপ্টেম্বৰ : ছাৰ্বিয়াৰ নোভাক জকোভিচে ইউএছ অপেন ফাইনেলত দানিল মেদভেদেভক পোনপটীয়া ছেটত পৰাস্ত কৰি তেওঁৰ চতুৰ্থ ইউএছ অপেনৰ খিতাপ দখল কৰে । ইয়াৰ লগে লগে অভিলেখসংখ্যক ২৪ বাৰৰ বাবে গ্ৰেণ্ড শ্লেম একক খিতাপ জয় কৰে । বিশ্ব ৰেংকিঙৰ দ্বিতীয় আৰু তৃতীয় স্থানৰ মাজৰ খেলখনত জকোভিচে মেদভেদেভক ৬-৩, ৭-৬ (৫), ৬-৩ ছেটত পৰাস্ত কৰে । জিনহুৱাৰ বাতৰি অনুসৰি, এই জয়ৰ লগে লগে ৩৬ বছৰীয়া ছাৰ্বিয়ান খেলুৱৈগৰাকী এইটো যুগৰ আটাইতকৈ বৰ্ষীয়ান ইউএছ অপেন পুৰুষ একক চেম্পিয়ন হিচাপে পৰিগণিত হয় ।

উল্লেখ্য যে এই বছৰ অষ্ট্ৰেলিয়ান অপেন আৰু ফ্ৰেঞ্চ অপেন জয় কৰাৰ পিছত নোভাক জকোভিচে একেটা ছিজনত চাৰিবাৰকৈ তিনিটা গ্ৰেণ্ড শ্লেম একক খিতাপ জয় কৰা প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হয় । "মই কেতিয়াও ভবা নাছিলোঁ যে মই ইয়াত আপোনালোকৰ সৈতে থিয় হ'ম আৰু ২৪ টা গ্ৰেণ্ড শ্লেমৰ বিষয়ে কথা পাতিম । মই কেতিয়াও ভবা নাছিলোঁ যে এইটো বাস্তৱ হ'ব । কিন্তু যোৱা কেইবছৰমানত মই অনুভৱ কৰিছিলোঁ যে মোৰ ওচৰত এটা সুযোগ আছে, মোৰ ইতিহাসৰ বাবে এটা সুযোগ আছে । আৰু যদি ইয়াৰ বাবে সুযোগ আহিছে, তেন্তে ইয়াক কিয় হস্তগত নকৰোঁ ?"

এই বিজয়ে মেদভেদেভৰ ওপৰত প্ৰতিশোধ লোৱাৰো সংকেত দিয়ে । কিয়নো ২০২১ চনত জকোভিচক পোনপটীয়া ছেটত মেদভেদেভে পৰাস্ত কৰিছিল আৰু ১৯৬৯ চনত ৰড লেভাৰৰ পিছত একেটা বছৰতে চাৰিওটা গ্ৰেণ্ড শ্লেম জয় কৰা প্ৰথম ব্যক্তি হোৱাৰ অভিযান স্তব্ধ কৰিছিল । আনহাতে, এই জয়ৰ পিছত জকোভিচে সোমবাৰে পুনৰ বিশ্বৰ এক নম্বৰ স্থানলৈ উভতি যাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.