ETV Bharat / sports

World Cup 2023 : নিউজীলেণ্ডৰ বিৰুদ্ধে বিৰাটৰ বিজয়ী ইনিংছ, স্বামীৰ প্ৰদৰ্শনত আনন্দিত অনুষ্কা

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 12:03 PM IST

নিউজীলেণ্ডৰ বিৰুদ্ধে বিৰাটৰ আকৰ্ষণীয় প্ৰদৰ্শনত উৎফুল্লিত পত্নী অনুষ্কা । সামাজিক মাধ্যমত বিৰাটক চেজাৰ ষ্টৰ্ম আখ্যা অনুষ্কাৰ । ভগ্নী ভাৱনাইও প্ৰশংসা কৰিলে বিৰাটক ।

World Cup 2023
স্বামীৰ প্ৰদৰ্শনত আনন্দিত অনুষ্কা

স্পৰ্টছ ডেস্ক,২৩ অক্টোবৰ : শক্তিশালী ফৰ্মত আছে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী । বিশ্বকাপৰ যোৱা খেলকেইখনত বিৰাট কোহলীয়ে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে তেওঁক আচলতে কিয় চেজ মাষ্টাৰ বুলি কোৱা হয় । দেওবাৰে ধৰ্মশালাত নিউজীলেণ্ডৰ বিৰুদ্ধে আন এক বিজয়ী ইনিংছ খেলে কোহলীয়ে । কোহলীৰ এনে প্ৰদৰ্শনে উৎসাহিত কৰিছে সমগ্ৰ দেশবাসীক ।

নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনত বিৰাট কোহলীয়ে ৯৫ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে শতক কৰিব নোৱাৰাৰ বাবে তেওঁ নিজেও অসন্তুষ্ট হৈছে । নিউজীলেণ্ডৰ বিৰুদ্ধে খেলখনত বিৰাট কোহলীয়ে ১০৪ টা বলত ৮ টা চাৰি আৰু দুটা ছিক্সাৰেৰে ৯৫ ৰাণ সংগ্ৰহ কৰে । বিৰোট কোহলীৰ প্ৰদৰ্শনক লৈ তেওঁ পত্নী তথা অভিনেত্ৰী অনুষ্কা শৰ্মাও আনন্দিত । সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে স্বামী বিৰাট কোহলীক যথেষ্ট প্ৰশংসা কৰে ।

অনুষ্কাই আইচিচিৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে । ভিডিঅ'টো শ্বেয়াৰ কৰি অনুষ্কাই লিথিছে,' সদায় আপোনাৰ বাবে গৌৰৱান্বিত ।' আন এটা পোষ্টত, অনুষ্কাই কোহলীক 'ষ্টৰ্ম চেজাৰ' বুলি অভিহিত কৰে । কোহলীৰ ভগ্নী ভাৱনাইও ইনষ্টাগ্ৰামত ভাতৃক প্ৰশংসা কৰে আৰু বিৰাট কোহলীৰ প্ৰদৰ্শনত গৌৰৱান্বিত বুলি কয় ।

খেলখনত প্ৰথমে ভাৰতে মহম্মদ ছামীৰ ৫ টা উইকেটৰ সৈতে নিউজীলেণ্ডক ২৭৩ ৰাণতে বান্ধি ৰাখে । তাৰ পাছত বিৰাট কোহলীৰ আকৰ্ষণীয় ইনিংছ আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই চাৰিৰ সৈতে খেলখন সমাপ্ত কৰে ।

চলিত আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ত ভাৰতে জয়ৰ ধাৰা অব্যাহত ৰাখিছে । যাৰ ফলত ভাৰত পইণ্ট তালিকাৰ প্ৰথম স্থানত আছে । ভাৰতে ইতিমধ্যে অষ্ট্ৰেলিয়া, আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু নিউজীলেণ্ডক পৰাস্ত কৰিছে । পৰৱৰ্তী খেলত ভাৰতীয় দলটো ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :IND vs NZ 2023 : নিউজিলেণ্ডৰ বিৰুদ্ধে ছামীৰ ৫ টা উইকেট দখল, ৰোহিত শৰ্মাৰ প্ৰশংসা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.